কপিলী নৈৰ সোঁতত মথাউৰি চিঙি প্লাবিত কেইবাখনো গাঁও, কাছাৰতো ভয়ংকৰ পৰিস্থিতি – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

কপিলী নৈৰ সোঁতত মথাউৰি চিঙি প্লাবিত কেইবাখনো গাঁও, কাছাৰতো ভয়ংকৰ পৰিস্থিতি

কপিলীৰ কোবাল সোঁতত মথাউৰি ভাঙি যোৱাত কামপুৰ- যমুনামুখ বকুলগুৰি পথৰ ওপৰৰে  পানী বাগৰি প্ৰৱেশ কৰে গাঁওসমূহত।  বৃহত্তৰ অঞ্চলতো প্লাবিত কৰে বানে

কপিলী নৈৰ সোঁতত মথাউৰি চিঙি প্লাবিত কেইবাখনো গাঁও, কাছাৰতো ভয়ংকৰ পৰিস্থিতি

বানপানী

Updated On: 

30 May 2024 11:33 AM

ৰাজ্যত জেঠমহীয়া বানৰ তাণ্ডৱ।  ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কপিলী নদীয়ে। নদীৰ জল স্তৰ বৃদ্ধি পোৱাৰ লগে লগে  কামপুৰৰ পতিয়াপামত বুধবাৰে নিশা চিঙে মথাউৰি। কপিলীৰ কোবাল সোঁতত মথাউৰি ভাঙি যোৱাত কামপুৰ- যমুনামুখ বকুলগুৰি পথৰ ওপৰৰে  পানী বাগৰি প্ৰৱেশ কৰে গাঁওসমূহত।  বৃহত্তৰ অঞ্চলতো প্লাবিত কৰে বানে । এই বানে কেইবাখনো গাঁৱত ইতিমধ্যে প্ৰৱেশ কৰিছে। আনহাতে কামপুৰৰ বকুলগুৰিতো বানে কৃষি বান্ধ চিঙাৰ খবৰ আহি পৰিছে।

এই বানৰ পৰিস্থিতি পৰৱৰ্তী সময়ত ভয়ংকৰ হৈ উঠিব বুলি আংশকা কৰা হৈছে। ইতিমধ্যে বানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ প্ৰায় ৩৯ খন বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে। জানিব পৰা মতে এই পৰ্যন্ত কামপুৰ ৰাজহচক্ৰৰ মুঠ ২০ খন গাওঁ এই বানৰ কৱলত পৰিছে। ইতিমধ্যে বান প্লাবিত লোকসকলে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। প্ৰশাসনেও ইয়াৰ ওপৰত নজৰ দি আছে। যোৱা কেইটামান দিনত ধুমুহাই নগাঁৱত যথেষ্ঠ তাণ্ডৱৰ সৃষ্টি কৰিছে। বহু ঠাইত ঘৰ-বাৰী, গছ-গছনি ভাঙি ক্ষতিসাধন হৈছে।

উল্লেখ্য যে, বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহ ৰিমলৰ প্ৰভাৱ অসমতো পৰিছে। অসমৰ কেইখনো জিলাত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা, বিজুলী ঢেৰেকনী আদি দেখিবলৈ পোৱা হৈছে। এই ধুমুহাই ৰাজ্যত বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে ৩ জনৰ প্ৰাণো কাঢ়িছে। সমান্তৰালভাৱে প্ৰৱল বৰষুণৰ ফলত কেইবাটাও নদীৰ জলস্তৰ বৃদ্ধি পাইছে। আজিও ৰাজ্যৰ ১৭ খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে বাকী জিলাকেইখনত য়ালো এলাৰ্ট জাৰি কৰিছে।

 

কাছাৰতো বানৰ তাণ্ডৱ

কেৱল নগাঁৱতেই নহয়, কাছাৰতো বানে চলাই তাণ্ডৱ। কাছাৰৰ বৰখলাত জাটিংগা নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতেই বিভিন্ন স্থানত বানপানী আৰু গৰাখহনীয়াৰ সৃষ্টি হৈছে। কাছাৰ বৰখলা ছেচৰী পুৰন্দৰপুৰ গাঁৱত জাটিঙ্গা নৈৰ খহনীয়াৰ কবলত পৰি জাহ যায় কেইবাটাও বাসগৃহ। ইতিমধ্যে অঞ্চলটোৰ লোকসকলে প্ৰাণ ৰক্ষাৰ বাবে বিভিন্ন স্থানলৈ গতি কৰিছে। স্থানীয় লোকে জনোৱা মতে চকুৰ সন্মুখতে বাসগৃহ সমূহ জাহ যায় খহনীয়াত।

বৰাক উপত্যকাৰ বিভিন্ন স্থানত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পাথৰকান্দিৰ লংগাই নৈৰ বানে উটুৱাই নিছে পথ। কৰিমগঞ্জ আৰু হাইলাকান্দিৰ বিভিন্ন স্থানত বানৰ বাবে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰোপৰি বিভিন্ন ঠাইত বানে দলং, ঘৰ , ৰাস্তা আদি উটুৱাই নিয়াৰ খবৰ আহি পৰিছে। উল্লেখ্য যে, অসমত অহা ২জুনলৈ বতাহ-বৰষুণ অহাৰ সম্ভাৱণা আছে। যদিহে বৰষুণৰ পৰিমাণ কম নহয়, তেন্তে পৰিস্থিতি আৰু অধিক  ভয়াবহ হৈ পৰাৰ আশংকা আছে।

 

 

১৩ নৱেম্বৰত বন্ধ ঘোষণা! অসমৰ ক'ত ক'ত থাকিব বন্ধ...
ভাৰতৰ ৫খন গাঁও, য'ত গছ কাটিলে হয় মৃত্যু, খৰি কাটিবলৈও ভয় কৰে গাঁওবাসীয়ে!
কমলাৰ বাকলিয়ে অধিক উজ্বল কৰি তুলিব আপোনাৰ ছাল, এনেদৰে কৰক ব্যৱহাৰ...
সপোনত এই ফুল দেখাটো শুভ লক্ষণ, ঘৰলৈ আহিব ধন!