অসমত বানঃ ২৯ খন জিলাত ১৬,২৫,০৮৯লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

অসমত বানঃ ২৯ খন জিলাত ১৬,২৫,০৮৯লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি

Updated On: 

04 Jul 2024 14:51 PM

এই জিলাসমূহৰ ১০৫ টা ৰাজহ চক্ৰ আৰু ২৮০০ খন গাওঁ এতিয়া পানীৰ তলত। এই জিলাসমূহৰ সৰ্বাধিক ধুবুৰীত ২,২৩,২১০ জন লোক বানত প্ৰভাৱিত হৈছে। বানত প্ৰভাৱিত লোকসকলৰ বাবে ৫১৫ টা সাহাৰ্য শিবিৰৰ ব্যৱস্থা কৰা হৈছে।

অসমত বানঃ ২৯ খন জিলাত ১৬,২৫,০৮৯লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি

বানপানী

Follow Us On

অসমত বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ। ৩ জুলাইত ডি আৰ আই এম এছে জাৰি কৰা তথ্য অনুসৰি বৰ্তমান সময়লৈকে বানত ২৯ খন জিলাৰ ১৬,২৫,০৮৯ জনলোক প্ৰভাৱিত হৈছে। আনহাতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৪৬ জনলৈ। বানত প্ৰভাৱিত জিলা কেইখনঃ গোৱালপাৰা, নগাওঁ, নলবাকী, কামৰূপ, মৰিগাঁও, ডিব্ৰুগড়, শোণিতপুৰ, লখিমপুৰ দক্ষিণ শালমাৰা, ধুবুৰী, যোৰহাট, চৰাইদেউ, হোজাই, কৰিমগঞ্জ, শিৱসাগৰ, বঙাইগাঁও, বৰপেটা, ধেমাজি, হাইলাকান্দি, গোলাঘাট, দৰং, বিশ্বনাথ কাছাৰ, কামৰূপ (ম). তিনিচুকীয়া, কাৰ্বি আংলং, চিৰাং, পশ্চিং কাৰ্বি আংলং আৰু মাজুলী।

এই জিলাসমূহৰ ১০৫ টা ৰাজহ চক্ৰ আৰু ২৮০০ খন গাওঁ এতিয়া পানীৰ তলত। এই জিলাসমূহৰ সৰ্বাধিক ধুবুৰীত ২,২৩,২১০ জন লোক বানত প্ৰভাৱিত হৈছে। বানত প্ৰভাৱিত লোকসকলৰ বাবে ৫১৫ টা সাহাৰ্য শিবিৰৰ ব্যৱস্থা কৰা হৈছে। বহু হাজাৰ হাজাৰলোকে এতিয়া আশ্ৰয় শিবিৰত আছে। প্ৰলয়ংকাৰী বানৰ ফলত অসমৰ বৃহৎ পৰিমাণৰ কৃষিভূমিও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমানলৈকে অসমৰ প্ৰায় ৩৯,৪৫১ হেক্টৰ কৃষিভূমি বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

কেৱল মানুহেই নহয়, এই ভয়ংকৰ বানত ঘৰচীয়া, বনৰীয়া জীৱ-জন্তু আদিৰো বিস্তৰ ক্ষতিসাধন হৈছে। বানৰ ফলত ৰাজ্যৰ ১১,২০,১৬৫ সৰু-বৰ বিভিন্ন প্ৰকাৰৰ জীৱ- জন্তু, হাহ- কুকুৰা আদিৰ ক্ষতিসাধন হৈছে। ইয়াৰোপৰি ১১০ টা বিভিন্ন প্ৰকাৰৰ জীৱ- জন্তু পানীত উটি গৈছে।

অসমৰ কেইবাটাও নদীৰ জলস্তৰ এতিয়া বিপদ সীমাৰ ওপৰৰে বৈ আছে। এই নদীসমূহৰ ভিতৰত আছে- ব্ৰহ্মপুত্ৰ (নিমাতী ঘাট), ব্ৰহ্মপুত্ৰ (তেজপুৰ), ব্ৰহ্মপুত্ৰ (ধুবুৰী), ব্ৰহ্মপুত্ৰ (গুৱাহাটী), ব্ৰহ্মপুত্ৰ (গোৱালপাৰা), সোৱণশিৰি, দিখৌ, দিচাং, ধনশিৰি, কপিলি, বৰাক, ধলেশৰী, কুচিয়াৰা আৰু কটাখাল।  সবোতকৈ জলস্তৰ বৃদ্ধি পোৱা নদীৰ ভিতৰত আছে বুঢ়িদিহিং (চেনিমাৰী, খোৱাং)।

উল্লেখ্য যে, বানপানীত আক্ৰান্ত লোকসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে।  বুধবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ অসম চৰকাৰৰ মন্ত্ৰীসকল জিলাই জিলাই যাব। এই সময়চোৱাত তেওঁলোকে ৩ দিন ধৰি একোখন জিলাত বাহৰ পাতি সকলো চোৱা- চিতা কৰিব। ১৫ আগষ্টৰ ভিতৰত বানত আক্ৰান্ত লোকসকলক সাহাৰ্যৰ ব্যৱস্থা কৰা হ’ব। আনহাতে ছেপ্টেম্বৰ মাহৰ ভিতৰত ক্ষতিগ্ৰস্ত হোৱা , স্কুল, মথাউৰি আদিৰ পুন নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেও বানাক্ৰান্ত সকলৰ মাজত উপস্থিত হ’ব বুলি আশ্বাস জনাইছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলী ভ্ৰমণ কৰাৰ বিপৰীতে কাইলৈ ডিব্ৰুগড়ৰ বান পৰিস্থিতিৰ বুজ ল’ব। বৰাকৰ বান পৰিস্থিতি খবৰ লব’লৈ চলিত মাহত ৩- ৪ দিনৰ বাবে তেওঁ নিজে বৰাকলৈ যোৱাৰ লগতে অহা সপ্তাহৰ ভিতৰত এটা প্ৰতিনিধি দল তালৈ যাব। উল্লেখ কৰা প্ৰয়োজন যে অসমত বানৰ সমান্তৰালকৈ গৰাখহনীয়াইও ভয়ংকৰ ৰূপ লৈছে। এই গৰাখহনীয়াৰ ফলতো প্ৰাণ হেৰুৱাইছে বহু মানুহে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version