নোহোৱা হৈছে সেউজ আৱৰণ ! ২০২১-২০২৩ চনৰ ভিতৰত অসমৰ বনাঞ্চল ৮৩ বৰ্গ কিলোমিটাৰ হ্ৰাস: ISFR

২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসমৰ বনাঞ্চলৰ আৱৰণ ৮৩ বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে । ভাৰত ৰাজ্য়ৰ বন প্ৰতিবেদন (ISFR) ২০২৩ত প্ৰকাশিত তথ্য অনুসৰি, ৰাজ্যখনৰ বনাঞ্চল আৰু গছৰ আৱৰণৰ অধীনৰ মুঠ মাটিকালি এতিয়া ৩০,৪১৫.০১ বৰ্গ কিলোমিটাৰ ।

নোহোৱা হৈছে সেউজ আৱৰণ ! ২০২১-২০২৩ চনৰ ভিতৰত অসমৰ বনাঞ্চল ৮৩ বৰ্গ কিলোমিটাৰ হ্ৰাস: ISFR

প্ৰতীকী ফটো

Updated On: 

22 Dec 2024 16:29 PM

হ্ৰাস পাইছে অসমৰ বনাঞ্চলৰ আৱৰণ(Forest Cover) । তথ্য অনুসৰি, ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসমৰ বনাঞ্চলৰ আৱৰণ ৮৩ বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে । ভাৰত ৰাজ্য়ৰ বন প্ৰতিবেদন (ISFR) ২০২৩ত প্ৰকাশিত তথ্য অনুসৰি, ৰাজ্যখনৰ বনাঞ্চল আৰু গছৰ আৱৰণৰ অধীনৰ মুঠ মাটিকালি এতিয়া ৩০,৪১৫.০১ বৰ্গ কিলোমিটাৰ । ২০২১ চনৰ পৰা দেশজুৰি মুঠ বনাঞ্চল আৰু গছৰ আৱৰণ ১৪৪৫ বৰ্গ কিলোমিটাৰ বৃদ্ধি পোৱাৰ সময়তে শনিবাৰে ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই প্ৰতিবেদন প্ৰকাশ কৰে ।

তথ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ মুঠ বনাঞ্চল ২৮,৩১৩.৫৫ বৰ্গ কিলোমিটাৰ । এই পৰিমাণ ৰাজ্যখনৰ মুঠ মাটিকালিৰ ৩৬.১০ শতাংশ । ইয়াৰ বিপৰীতে গছৰ আৱৰণৰ ক্ষেত্ৰফল ১০,৭১৮.২৮ বৰ্গ কিলোমিটাৰ । ইয়াৰ ফলতে মুঠ বনাঞ্চল আৰু গছ-গছনি আৱৰণ ৩০,৪১৫.০১ বৰ্গ কিলোমিটাৰ হৈছে। ISFR তথ্য় অনুসৰি, ৰাজ্যখনৰ বনাঞ্চল আৰু গছৰ আৱৰণ ৮৩.৯২ বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে।

প্ৰতিবেদন অনুসৰি, ৰাজ্যখনৰ বনাঞ্চলৰ মুঠ ৪.০৭ শতাংশ অঞ্চল অতি ঘন বনাঞ্চল(VDF), ১২.৪৫ শতাংশ মধ্যমীয়া ঘন বনাঞ্চল(MDF) আৰু ১৯.৫৮ শতাংশ মুকলি অৰণ্যৰ অধীনত(OF)। লিপিবদ্ধ বনাঞ্চল (RFA)/ গ্ৰীণ ৱাছ (GW) শ্ৰেণীৰ ভিতৰত বনাঞ্চলৰ আৱৰণ সৰ্বাধিক হ্ৰাস পোৱা পাঁচখন ৰাজ্যৰ ভিতৰত অসম অন্যতম হিচাপে পৰিগণিত হৈছে

ত্ৰিপুৰাত সৰ্বোচ্চ ১১৬.৯০ বৰ্গ কিলোমিটাৰ বনাঞ্চল আৰ গছৰ আৱৰণ হ্ৰাস পোৱাৰ সমান্তৰালকৈ তেলেংগানাত ১০৫.৮৭ বৰ্গ কিলোমিটাৰ,অসমত ৮৬.৬৬ বৰ্গ কিলোমিটাৰ, অন্ধ্ৰ প্ৰদেশত ৮৩.৪৭ বৰ্গ কিলোমিটাৰ আৰু গুজৰাটত ৬১.২২ বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে । প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসমৰ বাবে RFA/GW ৰ ভিতৰৰ MDF ১৩৪.৩২ শতাংশ আৰু স্ক্ৰাব ১৮.৪১ শতাংশ হ্ৰাস পাইছে। অৱশ্যে অতি ঘন বনাঞ্চল ৪৩.৬৩ শতাংশ, মুকলি অৰণ্যৰ ৪.০৩ শতাংশ আৰু বনাঞ্চলৰ বাহিৰৰ এলেকা ১০৫.০৭ শতাংশ বৃদ্ধি পাইছে।

এই সময়ছোৱাত লিপিবদ্ধ বনাঞ্চল আৰু গ্ৰীণ ৱাছৰ বাহিৰৰ অতি ঘন বনাঞ্চল ০.৭৫ শতাংশ, মধ্যমীয়া ঘন বনাঞ্চল ০.৫৩ শতাংশ আৰু মুকলি অৰণ্য ৯৮.৩৭ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে বনাঞ্চলৰ বাহিৰৰ এলেকা ৭৬.১৮ শতাংশ আৰু স্ক্ৰাব ২৩.৪৭ শতাংশ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ বনাঞ্চল আৰু গছৰ আৱৰণ ৮২৭,৩৫৭ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পাইছে । এই পৰিমাণ মুঠ ভৌগোলিক এলেকাৰ ২৫.১৭ শতাংশ। ইয়াৰ ভিতৰত ৭১৫,৩৪৩ বৰ্গ কিলোমিটাৰ বনাঞ্চল আৰু ১১২,০১৪ বৰ্গ কিলোমিটাৰ গছৰ আৱৰণ অন্তৰ্ভুক্ত হৈ আছে বুলি প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে ।

INPUT-PTI

শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...