কোনখিনি অঞ্চল ‘প্ৰতিৰক্ষা কৰিড’ৰ হিচাপে ঘোষণা কৰা হ’ব ? প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে আলোচনা অসম চৰকাৰৰ
২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া 'এডভাণ্টেজ আছাম ২.০' পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি কয় যে, ‘অসম চৰকাৰে নগাঁৱৰ দিশে থকা গুৱাহাটীৰ সংলগ্ন অঞ্চলসমূহ প্রতিৰক্ষা কৰিডৰ হিচাপে ঘোষণা কৰাৰ বাবে প্রতিৰক্ষা মন্ত্র্যালয়ৰ সৈতে সক্রিয়ভাৱে আলোচনাত মিলিত হৈছে৷
গুৱাহাটীৰ সৈতে সংলগ্ন নগাঁও দিশৰ অঞ্চলসমূহ প্ৰতিৰক্ষা কৰিডৰ হিচাপে ঘোষণা কৰিবলৈ ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে সক্ৰিয়ভাৱে আলোচনা কৰি আছে অসম চৰকাৰে । মঙলবাৰে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘এডভাণ্টেজ আছাম ২.০’ পূৰ্বে তেওঁ স্পষ্ট কৰি কয় যে, ‘অসম চৰকাৰে নগাঁৱৰ দিশে থকা গুৱাহাটীৰ সংলগ্ন অঞ্চলসমূহ প্রতিৰক্ষা কৰিডৰ হিচাপে ঘোষণা কৰাৰ বাবে প্রতিৰক্ষা মন্ত্র্যালয়ৰ সৈতে সক্রিয়ভাৱে আলোচনাত মিলিত হৈছে৷
একে সময়তে ৩৬ খন দেশৰ কূটনীতিবিদ, উদ্যোগপতি আৰু অন্যান্য অংশীদাৰসকলৰ সন্মুখত দিয়া ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ছিংগাপুৰৰ সহায়ত গুৱাহাটীৰ আশে-পাশে এখন উপগ্ৰহ চহৰ, ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু তিনিখন নতুন দলঙৰ সৈতে অসমত ১ লাখ কোটি টকাৰ নতুন আন্তঃগাঁথনি প্ৰকল্প আহি আছে ।
ইয়াৰ সমান্তৰালভাৱে গুৱাহাটীৰ পৰা ভূটানৰ গেলেফুলৈকে ৰে’লপথ নিৰ্মাণ প্ৰকল্পৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই । সেউজ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, সকলো সময়তে সেউজ শক্তি আৰু নবীকৰণ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ৰাজ্য চৰকাৰে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ‘এডভাণ্টেজ আছাম ছামিট ২.০’। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক এই ছামিটত উপস্থিত থকাৰ সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, বিগত ১০ বছৰত অসমে আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা আৰু অন্যান্য খণ্ডত দ্ৰুত অগ্ৰগতি লাভ কৰিছে। লগতে জাগীৰোডস্থিত টাটা অৰ্ধপৰিবাহী প্লাণ্টকে ধৰি সকলো উদ্যোগেই অসমলৈ আহি সেউজ শক্তিৰ উৎসৰ পৰা শক্তি আহৰণ কৰাটো অসম চৰকাৰে বিচাৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । একে সময়তে তেওঁ কয় যে, অসমত প্ৰয়োজনীয় দক্ষতা আৰু ক্ষমতা আছে। “আহক আৰু অসমৰ প্ৰগতিৰ অংশীদাৰ হওঁক”- উদ্যোগসমূহক এইদৰে বিনিয়োগৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।
একে সময়তে ‘এডভাণ্টেজ আছাম ছামিট ২.০’ৰ এদিন পূৰ্বে ২৪ ফেব্ৰুৱাৰীত ৮ হাজাৰ নৃত্যশিল্পীয়ে পৰিবেশন কৰা ঝুমুৰ নৃত্যৰ দৃশ্যৰ সাক্ষী হ’বলৈ কূটনীতিবিদসকলক আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থকাৰ কথা আছে ।