অন্ত পৰিল চৰকাৰৰ ‘বিকাশৰ ১২ দিন’ অভিযান, উপকৃত ৰাজ্যৰ ৩২ লাখ লোক…
চৰকাৰৰ এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ৩২ লাখ হিতাধিকাৰী উপকৃত হয় বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । 'বিকাশৰ ১২ দিন' অভিযানে ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত দুয়োটা শ্ৰেণীকে সামৰি লয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
আজি অন্ত পৰিল অসম চৰকাৰৰ ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচী । চৰকাৰৰ এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ৩২ লাখ হিতাধিকাৰী উপকৃত হয় বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, অসম চৰকাৰৰ এই বিশেষ পদক্ষেপৰ সময়ত ৰাজ্যৰ প্ৰায় ৩২ লাখ লোকে বিভিন্ন আঁচনিৰ অধীনত সুবিধা লাভ কৰে ।
‘বিকাশৰ ১২ দিন’ অভিযানে ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত দুয়োটা শ্ৰেণীকে সামৰি লয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । আজি ডিব্ৰুগড়ত ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, চৰকাৰে গুৱাহাটীত এই অভিযান আৰম্ভ কৰিছিল আৰু ১২ দিনৰ পাছত আজি ডিব্ৰুগড়ত এই অভিযান সমাপ্ত কৰিছে ।
How can you stop yourself when a bicycle is around 🚲 😀
What’s your favourite bicycling memory? pic.twitter.com/dtZdeHNcbL
— Himanta Biswa Sarma (@himantabiswa) December 23, 2024
অভিযানৰ সময়ত ২০ লাখ নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয় । ৬ লাখ বানপীড়িত লোকক সাহায্য প্ৰদান কৰা হয় আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন আঁচনিৰ অধীনত স্কুটাৰ, চাইকেল আৰু অন্যান্য সাহায্য লাভ কৰে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । “এই সময়ছোৱাত চৰকাৰী আঁচনিৰ অধীনত প্ৰায় ৩০ পৰা ৩২ লাখ লোকে সুবিধা লাভ কৰিছে। আমি নিশ্চিত যে এই আঁচনিসমূহে জনসাধাৰণৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক সহায় কৰিব।” সাংবাদিকৰ আগত এইদৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
ইফালে মুখ্যমন্ত্রীৰ কার্যালয়ে এক্স হেণ্ডেলৰ জৰিয়তে উল্লেখ কৰিছে যে ,’বিকাশৰ ১২ দিন’ অভিযানৰ অন্তিম দিনটোত ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত সুবিধা বিতৰণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
মুখ্যমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিয়ে যে, এই সময়ছোৱাত শিক্ষা, বিত্ত, ৰাজহ, দুৰ্যোগ ব্যৱস্থাপন আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ বিভিন্ন পদক্ষেপৰ অধীনত অনুদান আৰু সুবিধা প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ ভিতৰত আছিল ২,৫৯৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুটাৰ, ১২৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নগদ পুৰস্কাৰ, ১০,২৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চাইকেল লাভ কৰে।