যোৱা চাৰিটা বিত্তীয় বৰ্ষত বিজ্ঞাপনৰ নামত কিমান টকা খৰচ কৰিলে ৰাজ্য চৰকাৰে ?
চাৰিটা বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে বিজ্ঞাপনৰ নামত খৰচ কৰিছে ৩৭০ কোটিৰো টকা । বুধবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকায় ।

যোৱা চাৰিটা বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে বিজ্ঞাপনৰ নামত খৰচ কৰিছে ৩৭০ কোটিৰো টকা । বুধবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকায় । মনকৰিবলগীয়া যে, ২০১৬ চনৰ পৰা ২০২১ চনলৈকে অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল । তেওঁৰ নেতৃত্বত ৰাজ্য চৰকাৰে ২০১৬-১৭ বৰ্ষৰ পৰা পাঁচটা বিত্তীয় বৰ্ষত বিজ্ঞাপনৰ নাম ব্যয় কৰিছিল মাত্ৰ ১২৫.৬ কোটি টকা । বিধানসভাত আজি এই তথ্য অৱগত কৰে ৰাজ্যৰ চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ।
কংগ্ৰেছৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰী হাজাৰিকাই কয় যে, বৰ্তমানৰ বিজেপি চৰকাৰে ২০২১-২২ চনৰ পৰা যোৱা চাৰিটা বিত্তীয় বৰ্ষৰ ভিতৰত ছপা, ইলেক্ট্ৰনিক আৰু আউটড’ৰ মিডিয়াৰ বিজ্ঞাপনৰ বাবে মুঠ ৩৭২.৩৩ কোটি টকা ব্যয় কৰিছে। উল্লেখ্য যে, ২০২১ চনৰ মে’ মাহত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছিল বিজেপিয়ে ।
ৰাজ্য চৰকাৰে ২০২০-২১ চনত ৩০.২৪ কোটি টকা বিজ্ঞাপনৰ নামত ব্যয় কৰা সমান্তৰালভাৱে ২০২১-২২ চনত ৭২.৮৩ কোটি টকা, ২০২২-২৩ চনত ৭৮.৮৫ কোটি টকা আৰু ২০২৩-২৪ চনত ১৬০.৯২ কোটি টকা বিজ্ঞাপনৰ নামত খৰচ কৰে বুলি বিধানসভাত অৱগত কৰে পীযুষ হাজৰিকায় । কিন্তু ২০২৪-২৫ বিত্তীয় বৰ্ষত এতিয়ালৈকে চৰকাৰে বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ বাবে ৫৯.৭২ কোটি টকা ব্যয় কৰিছে বুলি জানিবলৈ মন্ত্ৰীগৰাকীয়ে ।
ইফালে, বিধায়ক অখিল গগৈৰ এটা প্ৰশ্নৰ এক পৃথক উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, অসম চৰকাৰে ২০১৫-১৬ চনত বিজ্ঞাপনৰ বাবে ১৮.৫৮ কোটি টকা ব্যয় কৰিছিল । যিটো বৰ্ষত চৰকাৰ সলনি হৈছিল । পাছৰ বৰ্ষত চৰকাৰৰ বিজ্ঞাপনৰ ব্যয় ২৬.৮৮ কোটি টকালৈ বৃদ্ধি পাইছে বুলি উত্তৰৰ নথিখনত দেখুওৱা হৈছে।