5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Majuli Raas Festival : মাজুলীৰ ৰাস সমিতিলৈ অতিৰিক্ত ৫০ হাজাৰ অনুদান আগবঢ়াব অসম চৰকাৰে…

ৰাজ্য চৰকাৰে পূৰ্বে ৰাস সমিতিলৈ ২৫ হাজাৰ টকালৈ আৰ্থিক অনুদান আগবঢ়োৱা কথা সদৰী কৰিছিল । বৰ্তমান মাজুলী ৰাস সমিতিলৈ অতিৰিক্ত ৫০ হাজাৰ টকা অতিৰিক্ত অনুদান আগবঢ়োৱাৰ আশ্বাস দিছে ৰাজ্য চৰকাৰে ।

Majuli Raas Festival : মাজুলীৰ ৰাস সমিতিলৈ অতিৰিক্ত ৫০ হাজাৰ অনুদান আগবঢ়াব অসম চৰকাৰে…
ৰাস সমিতিলৈ অতিৰিক্ত অনুদান আহবঢ়োৱা কথা ঘোষণা মুখ্যমন্ত্ৰীৰ
manas-borah
Manas Borah | Updated On: 02 Nov 2024 18:23 PM

মাজুলীৰ ৰাস মহোৎসৱৰ সৈতে জড়িত প্ৰতিখন ৰাস সমিতিলৈ ৫০ হাজাৰ টকাকৈ অতিৰিক্ত অনুদান আগবঢ়াব অসম চৰকাৰে । ইতিমধ্যে এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, ৰাজ্য চৰকাৰে পূৰ্বে ৰাস সমিতিলৈ ২৫ হাজাৰ টকালৈ আৰ্থিক অনুদান আগবঢ়োৱা কথা সদৰী কৰিছিল । বৰ্তমান মাজুলী ৰাস সমিতিলৈ অতিৰিক্ত ৫০ হাজাৰ টকা অতিৰিক্ত অনুদান আগবঢ়োৱাৰ আশ্বাস দিছে ৰাজ্য চৰকাৰে ।

উল্লেখ্য যে,বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলীত প্ৰতি বছৰে অনুষ্ঠিত হয় ৰাস মহোৎসৱ । ৰাজ্যৰ ভিতৰতে মাজুলীৰ ৰাস বুলি ক’লে সুকীয়া এক পৰিচয় আছে । প্ৰতি বছৰে মাজুলীৰ ৰাসে ভক্ত, পৰ্যটক আৰু সাংস্কৃতিক অনুৰাগীক আকৰ্ষিত কৰি আহিছে । মনকৰিবলগীয়া যে, মাজুলীৰ ৰাস মহোৎসৱত দেশৰ লগতে বহু বিদেশীৰ পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় ।


মাজুলীৰ ৰাস সমিতিলৈ আৰ্থিক অনুদান আগবঢ়োৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মাজুলীৰ ৰাস সমিতিলৈ অসম চৰকাৰৰ ফালৰ পৰা ৫০ লাখ টকাৰ অতিৰিক্ত অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো। এই অনুদানে অসমৰ সাংস্কৃতিক সম্পত্তি সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “আমাৰ সাংস্কৃতিক পৰিচয়ৰ সৈতে গভীৰভাৱে জড়িত হৈ ৰাস মহোৎসৱৰ দৰে উৎসৱক জীয়াই ৰখা আৰু প্ৰচাৰ কৰাটো আমাৰ লক্ষ্য।’ গতিকে এই ক্ষেত্ৰত এই পুঁজিৰ জৰিয়তে ৰাস সমিতিসমূহে কিছু সাহস লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Latest News