5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমীয়া ভাষাক ‘ধ্ৰুপদী ভাষা’ৰ স্বীকৃতি: ৰাজ্যত পালন কৰা হ’ব ‘ভাষা গৌৰৱ সপ্তাহ’

অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা দিয়াৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই বিশেষ সপ্তাহটোত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ দ্বাৰা চতুৰ্থ শতিকাৰ পৰাঅসমীয়া ভাষাৰ উত্তৰণৰ যাত্ৰাত অনন্য অৱদানেৰে সমৃদ্ধ কৰা অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

অসমীয়া ভাষাক ‘ধ্ৰুপদী ভাষা’ৰ স্বীকৃতি: ৰাজ্যত পালন কৰা হ’ব  ‘ভাষা গৌৰৱ সপ্তাহ’
ৰাজ্য চৰকাৰে পালন কৰিব ‘ভাষা গৌৰৱ সপ্তাহ’
trishna-kalita
Trishna Kalita | Updated On: 13 Oct 2024 21:10 PM

ৰাজ্য চৰকাৰে পালন কৰিব ‘ভাষা গৌৰৱ সপ্তাহ’। অসমীয় সাহিত্যিক, পণ্ডিতসকলৰ সাহিত্যৰাজিৰ প্ৰতি সন্মান জনাই ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যত পালন কৰা হ’ব এই সপ্তাহ। সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ যোগেদি অসমীয়া ভাষাক ‘ধ্ৰুপদী ভাষা’ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ বাবে জনোৱা হ’ব প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা।

অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা দিয়াৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই বিশেষ সপ্তাহটোত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ দ্বাৰা চতুৰ্থ শতিকাৰ পৰা অসমীয়া ভাষাৰ উত্তৰণৰ যাত্ৰাত অনন্য অৱদানেৰে সমৃদ্ধ কৰা অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,  “যোৱা ৩ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আনুষ্ঠানিকভাৱে অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। এই ঐতিহাসিক স্বীকৃতিক উদযাপনৰ অৰ্থে অসমে ৩ ৰ পৰা ৯ নৱেম্বৰ ২০২৪ লৈ “ভাষা গৌৰৱ সপ্তাহ” পালন কৰিব। এই বিশেষ সপ্তাহটোত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ দ্বাৰা চতুৰ্থ শতিকাৰ পৰা আমাৰ ভাষাটিৰ উত্তৰণৰ যাত্ৰাত অনন্য অৱদানেৰে সমৃদ্ধ কৰা অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হ’ব। এই কাৰ্যসূচীত আপোনাসৱৰ আন্তৰিক সহযোগিতা আমাৰ একান্তই কাম্য৷”

 

মুখ্যমন্ত্রীয়ে লগতে কয়, “ৰাজ্যখনৰ সাংস্কৃতিক আৰু ভাষাৰ ঐতিহ্যৰ প্ৰতি আগবঢ়োৱা এই গুৰুত্বপূৰ্ণ স্বীকৃতিৰ বাবে অসমৰ জনসাধাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব।”

উল্লেখ্য যে ৩ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাৰ লগতে মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছিল । অসম সাহিত্য সভাকে ধৰি অসমীয়া সাহিত্য চৰ্চা কৰি অহা বিভিন্ন গুণী-শুধীজনৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে চলাই অহা নেৰানেপেৰা চেষ্টাৰ ফলতেই অসমীয়া ভাষাই লাভ কৰিছিল ধ্ৰুপদী ভাষাৰ স্বীকৃতি । অসমীয়া ভাষাৰ পূৰ্বে তামিল, সংস্কৃত, কান্নাড়া, মালায়ালম, ওড়িয়া আৰু তেলেগু- এই ছয়টা ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হৈছিল।

Latest News