Assam CM Himanta Biswa Sarma : নাকাটে গছ ! দীঘলীপুখুৰী-নুনমাটি উৰণসেতুৰ আৰ্হি সলনি ৰাজ্য চৰকাৰৰ…

দীঘলীপুখুৰী পাৰৰ শতিকা পুৰণি গছবোৰ নকটাৰ দাবীত প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে নিৰ্মীয়মাণ উৰণসেতু আৰ্হি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । নতুন আৰ্হি অনুসৰি, দীঘলীপুখুৰীৰ পূব আৰু পশ্চিম পাৰত নিৰ্মাণৰ পৰিকল্পনা কৰাৰ উৰণসেতুৰ বাহু দুটা বাদ দিয়া হৈছে ।

Assam CM Himanta Biswa Sarma : নাকাটে গছ ! দীঘলীপুখুৰী-নুনমাটি উৰণসেতুৰ আৰ্হি সলনি ৰাজ্য চৰকাৰৰ...

গুৱাহাটী উৰণীয়া সেতু প্ৰকল্পৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

Updated On: 

06 Nov 2024 10:20 AM

দীঘলীপুখুৰী-নুনমাটি উৰণসেতু নিৰ্মাণৰ বাবে দীঘলীপুখুৰী পাৰৰ শতিকা পুৰণি গছবোৰ নকটাৰ দাবীত প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে নিৰ্মীয়মাণ উৰণসেতু আৰ্হি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । নতুন আৰ্হি অনুসৰি, দীঘলীপুখুৰীৰ পূব আৰু পশ্চিম পাৰত নিৰ্মাণৰ পৰিকল্পনা কৰাৰ উৰণসেতুৰ বাহু দুটা বাদ দিয়া হৈছে । নতুন আৰ্হিত মতে, এটা বাহু লেম্ব ৰোডত নিৰ্মাণ কৰা হ’ব আৰু উৰণসেতুৰ আনটো বাহু ৰবীন্দ্ৰ ভৱন আৰু জিলা পুথিভঁৰাল মাজৰ অংশত শেষ হ’ব । উল্লেখ্য যে, মঙলবাৰে নিশা উৰণসেতুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই পৰিদৰ্শন কালতে উৰণসেতুৰ আৰ্হি সলনি কৰাৰ সিদ্ধান্ত কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

দীঘলী পুখুৰীৰ গছ কটাৰ সন্দৰ্ভত মুখ্য়মন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যৰ চৰকাৰ তথা লোক নিৰ্মাণ বিভাগে প্ৰথমৰে পৰাই দীঘলীপুখুৰীৰ গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাছিল । কিন্তু ৰাজ্য চৰকাৰে ৰিপ্লেণ্টেচনৰ পৰিকল্পনা কৰিছিল । নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি ডাঙৰ গছবোৰ এঠাইৰ পৰা শিপাৰ সৈতে উঠাই নি আন এঠাইত ৰোপণ কৰাৰ পৰিকল্পনা কৰিছিল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

ইফালে গছ নটকা সিদ্ধান্তৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়কো জনোৱা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ কয় যে, ‘ৰাজ্য চৰকাৰে দীঘলীপুখুৰী গছ কাটিবলৈ সিদ্ধান্ত লোৱা বিতৰ্ক ভিত্তিহীন আছিল । আজি আমি গুৱাহাটী উচ্চ ন্যায়ালয়কো জনাইছো যে, এয়া দুই এজন ব্যক্তিয়ে সৃষ্টি কৰা বিতৰ্ক আছিল । যোৱা ছমাহ পৰাই এটা চক্ৰই এই বিষয়টোক লৈ অযথা বিতৰ্ক কৰিবলৈ বিচাৰি আছিল ।’

ইফালে লক্ষ্মীনাথ বেজবৰুৱা মূৰ্তি উঠাই নিয়া বিতৰ্কৰ সন্দৰ্ভটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয় যে, উৰণসেতু ওপৰেৰে যাব আৰু তলত লক্ষ্মীনাথ বেজবৰুৱা মূৰ্তি যেনেকৈ আছে তেনেকৈ থাকিব । লগতে গছ কটা আৰু লক্ষ্মীনাথ বেজবৰুৱা মূৰ্তি উঠাই নিয়া এই দুয়োটা বিতৰ্ক চৰকাৰৰ উন্নয়নমূলক কামক লৈ বিতৰ্ক কৰিব বিচৰা লোকৰ এটা প্ৰতিক্ৰিয়া আছিল বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মনকৰিবলগীয়া যে, মঙলবাৰে ৰাজহুৱা এক স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি দীঘলীপুখুৰীৰ পাৰৰ গছ কটা বিষয়ক লৈ ১১ নবেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ কৰিবলৈ জাননী জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে । এই শপতনামাৰ জৰিয়তে ৰাজ্য চৰকাৰে গছবোৰ ৰক্ষা কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে বা ৰাজ্য চৰকাৰে গছ কটাৰ বিপৰীতে বিকল্প হিচাপে কি পৰিকল্পনা কৰিছে তাৰ সবিশেষ জনাব লাগিব । ১৩ নবেম্বৰত এই গোচৰৰ পুনৰ শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...
ঋণৰ সমস্যাত ভুগিছে নেকি? তেন্তে কৰক এই কাম, দূৰ হ'ব ধনৰ সমস্যা...
অসমৰ ছুইজাৰলেণ্ড সদৃশ হাফলঙলৈ গৈ পাইছে নে?
খালী পেটত ইলাচী খালে কি হয় জানেনে? পঢ়ক বিশেষজ্ঞৰ মতামত