পিতৃ-মাতৃৰ সৈতে সময় কটাবলৈ ৰাজ্যিক কৰ্মচাৰীলৈ বিশেষ ছুটী! কিদৰে কৰিব আবেদন?

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ৬ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লাভ কৰিব বিশেষ ছুটী। ৬ আৰু ৮ নৱেম্বৰত ‘মাতৃ-পিতৃ বন্দনা’ আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ নৈমিত্তিক ছুটী। ৭ নৱেম্বৰ ষট পূজা উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ৯ নৱেম্বৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।

পিতৃ-মাতৃৰ সৈতে সময় কটাবলৈ ৰাজ্যিক কৰ্মচাৰীলৈ বিশেষ ছুটী! কিদৰে কৰিব আবেদন?

পিতৃ-মাতৃৰ সৈতে সময় কটাবলৈ ৰাজ্যিক কৰ্মচাৰীলৈ বিশেষ ছুটী!

Published: 

26 Sep 2024 16:56 PM

২০২২ চনৰ পৰা ৰাজ্য চৰকাৰে সকলো কৰ্মচাৰীকে মাতৃ-পিতৃৰ সৈতে সময় কটাবলৈ আৰু মাতৃ-পিতৃ বন্দনা পালন কৰিবলৈ ছুটী প্ৰদান কৰি আহিছে। এই বছৰত কৰ্মচাৰীসকলে এই ছুটী ৬ আৰু ৮ নৱেম্বৰত লাভ কৰিব পাৰিব৷ ইয়াৰ লগে আন তিনিটা দিনৰো সুবিধা লাভ কৰিব। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ৬ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লাভ কৰিব বিশেষ ছুটী।

ব্যস্ততাপূর্ণ জীৱনশৈলীৰ মাজতো মাতৃ-পিতৃৰ প্ৰতি আত্মীয়তা অটুট ৰখাৰ এক আত্মিক পদক্ষেপ। এই অনুসৰি অসম চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ/শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ সুবিধা প্ৰদানেৰে বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰি আহিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ৬ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লাভ কৰিব বিশেষ ছুটী। ৬ আৰু ৮ নৱেম্বৰত ‘মাতৃ-পিতৃ বন্দনা’ আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ নৈমিত্তিক ছুটী। ৭ নৱেম্বৰ ষট পূজা উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ৯ নৱেম্বৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।

মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে এই বন্ধ মিলাই একেলগে পাঁচদিনৰ বন্ধৰ সুবিধা লাভ কৰিব । এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিবে চৰকাৰী সকলো বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰযোগে চৰকাৰী বিশেষ ছুটীৰ নিৰ্দেশনাৰ বিষয়ে সদৰী কৰা হৈছে ।

নিৰ্দেশনাটোত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ‘মাতৃ-পিতৃ বন্দনা আঁচনি’ৰ অধীনত চলিত বৰ্ষৰ বাবে দুদিনৰ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰা হৈছে ।সেই অনুসৰি ৬ নৱেম্বৰ আৰু ৮ নৱেম্বৰত এই বিশেষ ছুটীৰ ব্যৱস্থা কৰা হৈছে । এই দুদিন ছুটীৰ লগতে ৭ নৱেম্বৰৰ ষঠ পূজাৰ বন্ধ আৰু ৯ নৱেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰৰ দেওবাৰৰ বন্ধ লাভ কৰিব । পাঁচদিন সময় মাতৃ-পিতৃক দিব পাৰিব । এই বিশেষ ছুটীৰ বাবে আবেদন কৰিবলৈ প’ৰ্টেল মুকলি কৰা হৈছে । মাতৃ-পিতৃৰ বন্দনাৰ বাবে বিশেষ নৈমিত্তিক ছুটী ল’ব বিচৰা কৰ্মচাৰীসকলে https://matripitrivandana.assam.gov.in প’ৰ্টেলত আবেদন কৰিব লাগিব । আবেদনৰ বাবে প’ৰ্টেল মুকলি কৰা হৈছে ।

কিদৰে কৰিব আবেদন?

  • প্ৰথমে https://matripitrivandana.assam.gov.in ৱেবছাইটলৈ যাওক
  • পঞ্জীয়ন বুটামত ক্লিক কৰক আৰু পঞ্জীয়নৰ বাবে তথ্য প্ৰদান কৰক
  • পঞ্জীয়নৰ সময়ত ব্যৱহৃত ম’বাইল নম্বৰ দিয়ক
  • পঞ্জীয়নভুক্ত ম’বাইল নম্বৰত OTP প্ৰেৰণ কৰা হব।
  • প্ৰৱেশৰ বাবে OTP ব্যৱহাৰ কৰক। ৬/
  • লগইন কৰাৰ পিছত Apply বুটামত ক্লিক কৰি ছুটীৰ বাবে আবেদন কৰক আৰু ফৰ্মত ছুটীৰ সবিশেষ পূৰণ কৰক।
  • Apply বিকল্প চাবলৈ View Details বুটামত ক্লিক কৰক
  • এপ্লিকেচন Generate কৰিবলৈ Generate বুটামত ক্লিক কৰক। য’ত বিভাগীয় মুৰব্বী আৰু আৱেদনকাৰীৰ স্বাক্ষৰ কৰিব লাগিব।
  • ছুটী উপলব্ধ হোৱাৰ পিছত চূড়ান্ত অনুমোদনৰ বাবে স্বাক্ষৰৰ সৈতে ফটো আপলোড কৰিবলৈ আপলোড বুটামত ক্লিক কৰিব লাগিব।
আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...