শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছয় জনগোষ্ঠী জনজাতিকৰণ সন্দৰ্ভত চলিত মাহত প্ৰতিবেদন দাখিল কৰিব মন্ত্ৰী গোটে, কি ক’লে ৰণোজ পেগুৱে ?

ছয় জনগোষ্ঠীৰ অনুসূচিত জনজাতি (ST) মৰ্যদা প্ৰদানৰ দাবী সন্দৰ্ভত চলিত মাহতে প্ৰতিবেদন দাখিল কৰিব অসম চৰকাৰে গঠন কৰা মন্ত্ৰী গোটে । মঙলবাৰে বিধানসভাত এই কথা সদৰী কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

ছয় জনগোষ্ঠী জনজাতিকৰণ সন্দৰ্ভত চলিত মাহত প্ৰতিবেদন দাখিল কৰিব মন্ত্ৰী গোটে, কি ক’লে ৰণোজ পেগুৱে ?
মন্ত্ৰী ৰণোজ পেগু
manas-borah
Manas Borah | Updated On: 04 Mar 2025 21:07 PM

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ অনুসূচিত জনজাতি (ST) মৰ্যদা প্ৰদানৰ দাবী সন্দৰ্ভত চলিত মাহতে প্ৰতিবেদন দাখিল কৰিব অসম চৰকাৰে গঠন কৰা মন্ত্ৰী গোটে । মঙলবাৰে বিধানসভাত এই কথা সদৰী কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । তেওঁ কয় যে, চলিত বাজেট অধিৱেশন সমাপ্ত হোৱাৰ পূৰ্বে চৰকাৰে নিজৰ প্ৰতিবেদন দাখিল কৰিবলৈ চেষ্টা কৰিব যাতে ইয়াক সদনতো দাখিল কৰিব পৰা যায়। চলিত মাহৰ শেষফালে প্ৰতিবেদন দাখিল কৰাৰ ইংগিত দিছে মন্ত্ৰীগৰাকীয়ে ।

মৰাণ, মটক, টাই আহোম, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক এছ টি মৰ্যাদা প্ৰদানৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত পেগুৱে এই কথা সদৰী কৰে । কংগ্ৰেছ বিধায়কগৰাকীয়ে ৰাজ্যখনৰ বৰ্তমানৰ ঘোষিত অনুসূচীত জনগোষ্ঠীৰ কোনো সুবিধা কৰ্তন নকৰাকৈয়ে বিষয়টো কেন্দ্ৰৰ ওচৰত লৈ গৈ ছয় জনগোষ্ঠীক এছটিৰ মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।

মন্ত্ৰী পেগুৱে কয় যে, ৰাজ্য চৰকাৰে এই দাবী চোৱাচিতা কৰিবলৈ গঠন কৰা মন্ত্ৰী গোটে এছটিৰ মৰ্যাদা বিচৰা জনগোষ্ঠীকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা সমাপ্ত কৰিছে। তেওঁ কয় যে, বিভিন্ন অংশীদাৰৰে ভিন্ন মত প্ৰকাশ কৰিছিল । এই সংগঠনসমূহক একেলগে বহি একমতত উপনীত হোৱাৰ বাবে আমি উদ্যোগ লৈছিলো। পেগুৱে কয় যে, মাৰ্চ মাহৰ ভিতৰত মন্ত্ৰী গোটে মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, “আমি এই অধিৱেশনতে প্ৰতিবেদন সদনত ৰখাৰ বাবে সময়মতে দাখিল কৰিবলৈ চেষ্টা কৰিম। কিন্তু সেয়া নহ’লেও আমি নিশ্চিত কৰিব পাৰো যে পৰৱৰ্তী অধিৱেশনত প্ৰতিবেদনখন সদনত দাখিল কৰা হ’ব।” উল্লেখ্য যে, অহা ২৫ মাৰ্চত চলি থকা বাজেট অধিৱেশনৰ সামৰণি পৰিব।

মনকৰিবলগীয়া যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধীনৰ পূৰ্বৰ ৰাজ্য চৰকাৰখনে প্ৰথমে মন্ত্ৰী গোট গঠন কৰিছিল আৰু পিছত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত পুনৰ মন্ত্ৰী গোট গঠন কৰা হয়।