ইণ্টাৰপ’লৰ সহায় বিচাৰিব ৰাজ্য চৰকাৰে ! আলী তাকিৰ শ্বেখৰ বিৰুদ্ধে চলি থকা তদন্তৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

মঙলবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ভাৰতৰ আভ্যন্তৰীণ বিষয়ত পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ হস্তক্ষেপৰ তদন্তত চৰকাৰে ইণ্টাৰপ'লৰ দৰে সংস্থাৰ সহায় বিচাৰিব পাৰে।

ইণ্টাৰপলৰ সহায় বিচাৰিব ৰাজ্য চৰকাৰে ! আলী তাকিৰ শ্বেখৰ বিৰুদ্ধে চলি থকা তদন্তৰ সন্দৰ্ভত কি কলে মুখ্যমন্ত্ৰীয়ে ?

হিমন্ত বিশ্ব শৰ্মা

Updated On: 

04 Mar 2025 21:13 PM

পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে প্ৰয়োজন সাপেক্ষে ইণ্টাৰপ’ল সহায় বিচাৰিব পাৰে ৰাজ্য চৰকাৰে । মঙলবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ভাৰতৰ আভ্যন্তৰীণ বিষয়ত পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ হস্তক্ষেপৰ তদন্তত চৰকাৰে ইণ্টাৰপ’লৰ দৰে সংস্থাৰ সহায় বিচাৰিব পাৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ,তদন্ত প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু ইতিমধ্যে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এই গোচৰৰ বিষয়ে অৱগত কৰিছে। সাংবাদিকৰ আগত তেওঁ কয়, “বিষয়টো অতি স্পৰ্শকাতৰ। বিষয়টো মই গৃহমন্ত্ৰীক অৱগত কৰিছো। এছ আই টিয়ে নিজৰ তদন্ত কৰি আছে, কিন্তু আমি আমাৰ তদন্ত কেৱল এটা নিৰ্দিষ্ট পৰ্যায়লৈকে কৰিব পাৰিম। আমি হয়তো এটা নিৰ্দিষ্ট পৰ্যায়ত ইণ্টাৰপ’লৰ দৰে সংস্থাৰ সহায় ল’ব লাগিব।”

তেওঁ লগতে কয় যে, সমগ্ৰ তদন্ত এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু অনাগত দিনত চৰকাৰে ইয়াক যিমান পাৰে আগুৱাই নিব। অসম আৰু ভাৰতৰ আভ্যন্তৰীণ বিষয়ত ছ’চিয়েল মিডিয়াত কৰা মন্তব্যৰ বাবে পাকিস্তানী নাগৰিকগৰাকীৰ বিৰুদ্ধে ৰুজু কৰাৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য আৰক্ষীয়ে যোৱা ১৭ ফেব্ৰুৱাৰীত বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছিল।

পাকিস্তান পৰিকল্পনা আয়োগৰ উপদেষ্টা তথা সাংসদ গৌৰৱ গগৈৰ ব্ৰিটিছ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ প্ৰাক্তন সহকৰ্মী শ্বেখৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহতীয়া (বিএনএছ) আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন বা ইউএপিএৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু দাবী কৰে যে, এছ আই টিয়ে পাকিস্তানী নাগৰিকগৰাকীৰ সৈতে জড়িত বহু প্ৰাথমিক তথ্য লাভ কৰিছে।

তেওঁ কয়, “যেতিয়া তেওঁ ভাৰত ভ্ৰমণ কৰিছিল তেতিয়া পাকিস্তানৰ পৰা বহু লোক তেওঁৰ লগত আহিছিল । আনকি পাকিস্তানৰ এটৰ্নী জেনেৰেলৰ দৰে লোকো ভাৰতলৈ আহিছিল আৰু তেওঁলোকে জনসাধাৰণৰ চকুৰ পৰা আঁতৰি থাকিবলৈ সৰু সৰু হোটেলত থাকিছিল। এই সমগ্ৰ ভ্ৰমণ ২০১৮ চনলৈকে চলি আছিল।”

শ্বেখ ১৮-২০ বাৰ ভাৰতলৈ আহিছিল, অসমৰ ওপৰত টুইট আৰু মন্তব্য কৰিছিল আৰু অসমীয়া মানুহৰ সৈতে যোগাযোগ আছিল বুলিও দাবী কৰে মুখ্য়মন্ত্ৰীয়ে । “আমি এগৰাকী অসমীয়া মহিলাৰ নাম পাইছো । তেওঁৰ স্বামী জেএনইউত কাম কৰে আৰু দুয়োজনেই এই ব্যক্তিজনৰ সৈতে যোগাযোগত আছিল। তদন্ত কোনো এজন ব্যক্তিক কেন্দ্ৰ কৰি কৰা হোৱা নাই।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে ।

তদুপৰি তেওঁ কয়, “লক্ষণীয় কথাটো হ’ল অসমীয়া মানুহ ইয়াৰ লগত জড়িত। সেইবাবেই আমি ইয়াক নিৰীক্ষণ কৰি আছো, কিন্তু আমি তৎক্ষণাত ইয়াৰ ওপৰত কোনো মন্তব্য দিব নোৱাৰো। আমাক দুই-তিনি মাহৰ প্ৰয়োজন হ’ব।” সাংবাদিকৰ আগত এইদৰে কয় মুখ্যমন্ত্ৰীয়ে ।

মাহেকীয়াৰ সময়ত মন্দিৰলৈ যোৱাটো পাপ নেকি? জয়া কিশোৰীয়ে দিলে ইয়াৰ উত্তৰ
খালী পেটত গ্ৰীণ টি খাই নেকি? তেন্তে জানক ইয়াৰ ফলত কি হ'ব পাৰে...
ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী