Assam Inland Waterways : জলপথ আধুনিকীকৰণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে ?

সোমবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ে সামাজিক মাধ্যম এক্সে হেণ্ডেলত প্ৰকাশ কৰা এটা পোষ্টত জলপথ আধুনিকীকৰণৰ ক্ষেত্ৰত অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিয়ে কি কি পদক্ষেপ গ্ৰহণ কৰিছে সেই কথা উল্লেখ কৰে । মুখ্য়মন্ত্ৰী কাৰ্যালয়ে সদৰী কৰা মতে, আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিয়ে সুৰক্ষা, আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধি কৰি অসমৰ জলপথ আধুনিকীকৰণৰ বাবে কাম কৰি আছে ।

Assam Inland Waterways : জলপথ আধুনিকীকৰণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে ?

জলপথ উন্নীতকৰণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে ?

Updated On: 

04 Nov 2024 16:55 PM

নিৰাপত্তা, আন্তঃগাঁথনি আৰু সংযোগ উন্নত কৰি অসমৰ জলপথ আধুনিকীকৰণৰ বাবে সক্ৰিয়ভাৱে কাম কৰিছে অসম চৰকাৰে । এই সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ে সামাজিক মাধ্যম এক্সে হেণ্ডেলত প্ৰকাশ কৰা এটা পোষ্টত জলপথ আধুনিকীকৰণৰ ক্ষেত্ৰত অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিয়ে কি কি পদক্ষেপ গ্ৰহণ কৰিছে সেই কথা উল্লেখ কৰে ।

মুখ্য়মন্ত্ৰী কাৰ্যালয়ে সদৰী কৰা মতে,আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিয়ে সুৰক্ষা, আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধি কৰি অসমৰ জলপথ আধুনিকীকৰণৰ বাবে কাম কৰি আছে । নতুন নিয়ন্ত্রণ সংস্থা স্থাপন, নৈশ পৰিবহণ ৰূপায়ণ আৰু ২০ টা ষ্টীল কেটামাৰানৰ সৈতে ফ্লীট উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে । নাও অপাৰেটৰসকলক মেৰিন ইঞ্জিন আৰু সুৰক্ষা সামগ্ৰী প্ৰদানৰ বাবেও জীৱনডিঙা আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে ।

মুখ্যমন্ত্ৰী কাৰ্যালয়ে লগতে উল্লেখ কৰিছে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি শেহতীয়াকৈ এআইডব্লিউটিডিএছৰ সৈতে অসমৰ মুখ্য সচিব ড০ ৰবি কোটাই এক বৈঠক অনুষ্ঠিত কৰে । এই বৈঠকত এই পদক্ষেপসমূহৰ অগ্ৰগতি পৰ্যালোচনাৰ কৰা হয় বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে ।

উল্লেখ্য যে, এআইডব্লিউটিডিএছৰ লক্ষ্য হৈছে ৰাজ্যখনৰ আভ্যন্তৰীণ জল পৰিবহণৰ কাঠামো শক্তিশালী কৰাৰ লগতে যাত্ৰীবাহী ফেৰী সেৱা আৰু আন্তঃগাঁথনি উন্নত কৰা । এই পদক্ষেপৰ এটা মূল দিশ হৈছে প্ৰতিষ্ঠানিক আৰু সুৰক্ষাৰ উন্নতি, যাৰ ফলত অসম আভ্যন্তৰীণ জল পৰিবহণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষ আৰু অসম আভ্যন্তৰীণ জলপথ কোম্পানী লিমিটেড গঠন কৰা হয়।

ইয়াৰ লগতে নৈশ পৰিবহণ আৰম্ভ কৰা হৈছে, যাৰ ফলত ৮.৫ লাখৰো অধিক যাত্ৰী উপকৃত হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে । আন্তঃগাঁথনি আধুনিকীকৰণৰ বাবে ২০ টা ষ্টীল কেটামাৰানৰ সৈতে ফ্লীট উন্নীতকৰণ কৰা হৈছে । ইয়াৰ ভিতৰত তিনিখন অনুসন্ধান আৰু উদ্ধাৰ জাহাজ, তিনিখন টাগবোট আৰু তিনিখন জৰীপ নাও আছে।

জীৱনডিঙা আঁচনি আঁচনিৰ অধীনত নাও অপাৰেটৰসকলক মুঠ ৮৪০টা মেৰিন ইঞ্জিন আৰু সুৰক্ষা সামগ্ৰী যোগান ধৰা হৈছে বুলি মুখ্যমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিছে । লগতে গুৱাহাটীত এটা ফিক্সড টাৰ্মিনেল নিৰ্মাণ আৰু উত্তৰ গুৱাহাটী, উমানন্দ, নিয়ামতী, আৰু আফালামুখত মডিউলাৰ টাৰ্মিনেল স্থাপন কৰা হৈছে বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে ।

শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!
সঁচা প্ৰমাণিত হোৱা বাবা ভাংগাৰ ১০টা ভৱিষ্যতবাণী
আচৰিত! এইবিধ সৰু বস্তু বেগত ৰাখিলে হয় ধন বৃদ্ধি...