5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

১৯৫১ চনৰ ভোটাৰ তালিকাত নাম থকা সকলৰ মাজতহে ভূমি ক্ৰয়-বিক্ৰয় হ’ব ! অসম চৰকাৰৰ নতুন ভূমি আইনত কি কি থাকিব ?

১৯৫১ চনৰ পৰা অসমৰ বাসিন্দা হৈ থকা লোকৰ মাজত মাটিৰ লেনদেনৰ অনুমতি দিব ৰাজহ বিভাগে ৷ ইয়াৰ বাবে কেতবোৰ ৰাজহ চক্ৰ নিৰ্বাচিত কৰি লোৱা হ'ব । ৰাজ্য চৰকাৰে এখন নতুন ভূমি আইন অনাৰ বাবে প্ৰস্তুতি চলাই আছে বুলি জানিবলৈ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

১৯৫১ চনৰ ভোটাৰ তালিকাত নাম থকা সকলৰ মাজতহে ভূমি ক্ৰয়-বিক্ৰয় হ’ব ! অসম চৰকাৰৰ নতুন ভূমি আইনত কি কি থাকিব ?
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Follow Us
manas-borah
Manas Borah | Published: 09 Sep 2024 16:04 PM

অহা মাৰ্চ মাহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে আনিব এখন নতুন ভূমি আইন । ইতিমধ্যে এই নতুন ভূমি আইনৰ কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই আইনখনৰ অধীনত ১৯৫১ চনৰ পৰা অসমৰ বাসিন্দা হৈ থকা লোকৰ মাজত মাটিৰ লেনদেনৰ অনুমতি দিব ৰাজহ বিভাগে ৷ ইয়াৰ বাবে কেতবোৰ ৰাজহ চক্ৰ নিৰ্বাচিত কৰি লোৱা হ’ব । ৰাজ্য চৰকাৰে এই আইনখনৰ বাবে প্ৰস্তুতি চলাই আছে বুলি জানিবলৈ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

যোৱা দেওবাৰে ৰাজহ বিভাগৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই এই আইনখনৰ কথা উল্লেখ কৰি কয় যে, নিৰ্বাচিত ৰাজহ চক্ৰত ১৯৫১ চনৰ পৰা বাস কৰাৰ লোকৰ মাজত মাটিৰ লেনদেনৰ অনুমতি দিব পৰা এখন আইন আনিবৰ বাবে কাম কৰি থকা হৈছে । মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও সদৰী কৰে যে,খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত আৰু সুৰক্ষিত কৰাৰ বাবে অসমত নতুন আইন প্ৰণয়ন কৰা হৈছে আৰু বৰ্তমানৰ আইনসমূহৰ সংশোধন কৰা হৈছে ৷ ইয়াৰ লগতে নতুন আইন অনাৰ বাবে কাম কৰি থকা হৈছে আৰু ভূমিহীন, যোগ্যসকলক মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

নতুন আইনত কি কি কথা গুৰুত্ব দিয়া হ’ব ?

নিৰ্দিষ্ট ৰাজহ চক্ৰ চিনাক্ত কৰা আৰু ইয়াৰ অধীনৰ ১৯৫১ চনৰ পৰা বাস কৰা লোকৰ মাজত মাটি বিক্ৰী আৰু ক্ৰয় কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত উল্লেখ কৰিছে যে, “আমি কৰিব বিচৰা এটা গুৰুত্বপূৰ্ণ কাম হ’ল কিছু নিৰ্দিষ্ট ৰাজহ চক্ৰ চিনাক্ত কৰা, য’ত ১৯৫১ চনৰ পৰা তাত বাস কৰা লোকসকলেহে মাটি বিক্ৰী আৰু ক্ৰয় কৰিব পাৰিব । যিবোৰ পৰিয়ালৰ নাম ১৯৫১ চনৰ অসমৰ ভোটাৰ তালিকাত বা এন আৰ চিত থাকিব সেই সকলেহে নিজৰ মাজত মাটি ক্ৰয়-বিক্ৰয় কৰিব পাৰিব । ইয়াৰ বাবে আমি অহা মাৰ্চ মাহত নতুন আইন আনিম ।” ইয়াৰ লগতে মূল কৃষিভূমি সুৰক্ষাৰ বাবে নতুন আইন অনাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

এই আইনখনে কোনবোৰ ৰাজহ চক্ৰক সামৰি ল’ব ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কয় যে, জনীয়া, কলগাছিয়া, ধিং, ৰূপহীহাট, যমুনামুখ আদি দৰে কেতবোৰ ৰাজহ চক্ৰ চিনাক্ত কৰাৰ দিশত অসম চৰকাৰে অগ্ৰসৰ হৈছে । এনে ৰাজহ চক্রসমূহত কেৱল অসমৰ ১৯৫১ চনৰ ভোটাৰ তালিকাত নাম থকা লোকেহে ভূমি ক্রয়-বিক্রয় কৰিব পাৰিব । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে যাৱতীয় পদক্ষেপ গ্রহণ কৰিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

Latest News