পুনৰ মুকলি শিক্ষক বদলিকৰণ প’ৰ্টেল, আবেদনৰ অন্তিম তাৰিখ কেতিয়া ? চাওক

বদলিৰণ প্ৰক্ৰিয়া পুনৰ মুকলি কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সুবিধাৰ্থে বদলিকৰণৰ আবেদন প্ৰক্ৰিয়া পুনৰ মুকলি কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তো এই কথা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

পুনৰ মুকলি শিক্ষক বদলিকৰণ প’ৰ্টেল, আবেদনৰ অন্তিম তাৰিখ কেতিয়া ? চাওক

শিক্ষামন্ত্ৰী ৰণোজ পেগু

Updated On: 

17 Mar 2025 15:37 PM

পুনৰ মুকলি কৰা হৈছে ৰাজ্য়ৰ চৰকাৰৰ শিক্ষক বদলিকৰণ প’ৰ্টেল । সোমবাৰে এই বদলিৰণ প্ৰক্ৰিয়া পুনৰ মুকলি কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সুবিধাৰ্থে বদলিকৰণৰ আবেদন প্ৰক্ৰিয়া পুনৰ মুকলি কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তো এই কথা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ লগতে বদলি বিচৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক নিজৰ প্ৰফাইল আপডেট কৰি নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি বদলিৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে বুলি জানিবলৈ দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে । সেই বদলি বিচৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে আবেদন কৰা প্ৰক্ৰিয়াৰ লগতে সবিশেষ জানিবলৈ https://hrmsassam.in/ লিংকত গৈ পৰামৰ্শসমূহ চাব পাৰে ।

এক্স হেণ্ডেলত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, “আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰা হয় শিক্ষক বদলি প’ৰ্টেল । বদলি বিচৰা শিক্ষকসকলক নিজৰ প্ৰফাইল আপডেট কৰি নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি বদলিৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।”

উল্লেখ্য যে, সমগ্ৰ শিক্ষা অসমৰ কাহিলিপাৰাস্থিত কাৰ্যালয় সভাগৃহত আনুষ্ঠানিকভাৱে শিক্ষক বদলি প’ৰ্টেল পুনৰ মুকলি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, আন্তঃজিলা বদলিকৰণৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে অহা ১৮ মাৰ্চৰ পৰা আবেদন কৰিব পাৰিব । আবেদনৰ অন্তিম সময়সীমা হৈছে ৩০ এপ্ৰিল । ৩০ এপ্ৰিলৰ ভিতৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে বদলিৰ বাবে আবেদন কৰিব পাৰিব ।

ইফালে, শিক্ষা বিভাগে গ্ৰীষ্ম বন্ধত শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি জানিবলৈ দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে । একেদৰে যি সকল শিক্ষক-শিক্ষয়িত্ৰীৰ কাম কৰাৰ ১০ বছৰ হৈছে সেই সকলক অগ্ৰাধিকাৰ দিয়াৰ লগতে দিব্যংগ সকলৰ ২ বছৰ হ’লেই অগ্ৰাধিকাৰ লাভ কৰিব বুলি জানিবলৈ দিছে ৰণোজ পেগুৱে।

Related Stories
কেতিয়া ঘোষণা হ’ব ফলাফল ? শিক্ষক নিযুক্তি পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…
মেট্ৰিকৰ পৰীক্ষাৰ্থীয়ে সমাজ অধ্যয়ন বিষয়ত লাভ কৰিব অতিৰিক্ত নম্বৰ! মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…
কাজিৰঙাৰ সুৰক্ষা সম্পৰ্কে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
অসম আৰক্ষী কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষা স্থগিত, জানক নতুন তাৰিখ আৰু কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ড
সৰুসজাইত ১০,০০০ যুৱক-যুৱতীয়ে প্ৰদৰ্শন কৰিব বাগৰুম্বা আৰু বৰদৈচিখলা, মুখ্যমন্ত্ৰীৰ ঘোষণা
নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জাতিৰ উত্তৰণত ডাঙৰ ভূমিকা গ্ৰহণ কৰি আহিছেঃ মুখ্যমন্ত্ৰী
৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...