5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৭ ৰ পৰা ১৩ অক্টোবৰলৈ পালন কৰা হ’ব পথ সুৰক্ষা সপ্তাহ, দূৰ্গা পূজাৰ পূৰ্বে পৰিবহন বিভাগে জাৰি কৰিছে কিছু পথ সুৰক্ষাৰ নিৰ্দেশনা…

উৎসৱৰ এই বতৰত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় বা দুৰ্ঘটনা হ্ৰাস পায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । এইবাৰ দায়িত্বশীলভাৱে গাড়ী চলোৱা আৰু পথ সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে ৭ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

৭ ৰ পৰা ১৩ অক্টোবৰলৈ পালন কৰা হ’ব পথ সুৰক্ষা সপ্তাহ, দূৰ্গা পূজাৰ পূৰ্বে পৰিবহন বিভাগে জাৰি কৰিছে কিছু পথ সুৰক্ষাৰ নিৰ্দেশনা…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 07 Oct 2024 13:19 PM

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শাৰদীয় দূৰ্গা পূজাৰ প্ৰস্তুতি চলি আছে । ৰাজ্যৰ প্ৰতিটো দূৰ্গা পূজাৰ মণ্ডৱ আটক-ধুনীয়াকৈ সজাই তোলাৰ ওপৰত গুৰুত্ব দিছে পূজা সমিতিসমূহে । ইফালে বজাৰতো দূৰ্গা পূজাৰ উপলক্ষে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে । ইয়াৰ সমান্তৰালভাৱে দেখা গৈছে যে, উৎসৱৰ বতৰত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰে পথ সুৰক্ষা ওপৰত গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে ।

মনকৰিবলগীয়া যে, শাৰদীয় দূৰ্গা পূজাৰ সময়ত ৰাজ্য বিভিন্ন প্ৰান্তত সৰু-ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পায় । এনে পৰিপ্ৰেক্ষিতত উৎসৱৰ এই বতৰত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় বা দুৰ্ঘটনা হ্ৰাস পায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । এইবাৰ দায়িত্বশীলভাৱে গাড়ী চলোৱা আৰু পথ সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে ৭ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

আজি সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ে উৎসৱৰ বতৰত দায়িত্বশীলভাৱে গাড়ী চলোৱাৰ চলোৱাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে । মুখ্যমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিছে যে,সকলোৱে যাতে এই সময়ছোৱাত নিৰাপদে গাড়ী চলাই আৰু নিৰাপদে ফুৰা-চকা কৰিব পাৰে তাৰ উদ্দেশ্যে ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । যাতে গাড়ী চলোৱাৰ সময়ত সকলো সাৱধান হয় ।

মুখ্যমন্ত্ৰী কাৰ্যালয়ে জনাইছে যে, ‘drive safe, arrive safe’ এই বাক্যশাৰী মনত ৰাখিয়ে এই কাৰ্যসূচী পালন কৰা হ’ব। দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী কাৰ্যালয়ে এই কথাও উল্লেখ কৰিছে যে, “এই ৰাজ্যিক পথ সুৰক্ষা সপ্তাহত আহক আমি নিৰাপদে গাড়ী চলোৱাৰ প্ৰতিশ্ৰুতিত একত্ৰিত হওঁ আৰু কাইলৈ দিনটোৰ বাবে নিৰাপদে ঘূৰি আহো ।”

পথ সুৰক্ষা স্বাৰ্থত পৰিবহণ বিভাগৰ নিৰ্দেশনা

উল্লেখ্য যে,ৰাজ্য চৰকাৰৰ এই পথ সুৰক্ষাৰ কাৰ্যসূচীৰ উপলক্ষে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি লক্ষ্যৰে আৰু দুৰ্ঘটনাৰ পৰা জনসাধাৰণক ৰক্ষা কৰাৰ উদ্দেশ্যে পৰিবহণ বিভাগে কিছু নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা সমূহ হৈছে-

  • গাড়ীৰ গতিবেগৰ ওপৰত গুৰুত্ব দিয়ক: অসমত সংঘটিত ৬৫ শতাংশ দুৰ্ঘটনা অতিৰিক্ত গতিবেগৰ ফলত হয়। গতিকে গাড়ীৰ গতিবেগ লেহেমীয়া কৰক আৰু নিৰ্ধাৰণ কৰি দিয়া গতি সীমা মানি চলক।
  • যান-বাহনৰ নিয়ম মানি চলক: যান-বাহনৰ নিয়ম পৰামৰ্শ নহয়, ই প্ৰয়োজনীয় কৰ্তব্য। ট্ৰেফিক চিগনেলক সন্মান কৰক আৰু লেন অনুশাসন মানি চলক।
  • অন্যমনস্কভাৱে গাড়ী চলোৱাৰ পৰা বিৰত থাকক: গাড়ী চলোৱাৰ সময়ত মেছেজ, ফোন বা আন কোনো কাৰ্যকলাপ পৰিহাৰ কৰক।
  • সুৰক্ষাৰ বাবে ছিটবেল্ট/হেলমেট পিন্ধক: আপোনাৰ বাহনত থকা সকলোৱে ছিটবেল্ট পিন্ধাটো নিশ্চিত কৰক। দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰক।
  • মদ্যপান কৰি গাড়ী চলাব নালাগে: মদ্যপান কৰি গাড়ী চলোৱাটো দুৰ্ঘটনাৰ আন এক প্ৰধান কাৰণ। মদ্যপান কৰি গাড়ী চলোৱাৰ পৰা বিৰত থাকক।
  • দুৰ্বল লোকক সুৰক্ষা দিয়ক: গাড়ী চলাওতে পথচাৰী, চাইকেল আৰোহী আৰু শিশুৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি অতিৰিক্তভাৱে সাৱধান হওক ।

পৰিবহণ মন্ত্ৰীৰ শুভেচ্ছা

পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই দুৰ্গা পূজাৰ উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে । ইয়াৰ লগতে পৰিবহনমন্ত্ৰী গৰাকীয়ে পথ সুৰক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে । পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কয় যে,বিপদজনক, অসাৱধান আৰু অসুৰক্ষিতভাৱে গাড়ী চলোৱাৰ বাবেই পথ দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । ই প্ৰতি গৰাকী নাগৰিকৰ বাবে অতি দুৰ্ভাগ্যজনক কথা । এনে ক্ষেত্ৰত গাড়ী চালক আৰু পথচাৰীসকলক পথ সুৰক্ষাৰ নিৰ্দেশনাৰ ওপৰত গুৰুত্ব দিবলৈ আৰু নীতি-নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে পৰিবহন মন্ত্ৰীগৰাকীয়ে ।

Latest News