ADREৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাক লৈ বিশেষ নিৰ্দেশনা... | Assam Government Sets Strict Guidelines For Final Phase Of Assam Direct Recruitment 2024 Exam Assam news - Assam Tv9

ADRE ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাক লৈ বিশেষ নিৰ্দেশনা…

প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অধিক স্বচ্ছতাৰে অনুষ্ঠিত কৰা ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে, আজি আয়োজিত বৈঠকৰ জৰিয়তে কিছু নিৰ্দেশনা জাৰি কৰিছে অসমৰ মুখ্য সচিব গৰাকীয়ে ।

ADRE ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাক লৈ বিশেষ নিৰ্দেশনা...

ADRE তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতিক লৈ বৈঠক

Updated On: 

22 Oct 2024 17:35 PM

ৰাজ্যৰ চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা তথা চতুৰ্থ বৰ্গৰ পৰীক্ষা অহা দেওবাৰে অনুষ্ঠিত হ’ব । এই পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লোৱাৰ বাবে অসমৰ মুখ্য সচিব ৰবি কোটাই জিলাসমূহৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এক বৈঠকত মিলিত হয় । অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ প্ৰত্যক্ষ নিযুক্তিৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা প্ৰথমবেলা পুৱা ৯:৩০ বজাৰ পৰা ১১:৩০ বজালৈ অনুষ্ঠিত হ’ব । ইফালে পিছবেলা পৰীক্ষা দুপৰীয়া ১:৩০ বজাৰ পৰা বিয়লি ৪:০০ বজালৈ অনুষ্ঠিত হ’ব ।

তৃতীয় পৰ্যায়ৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত ৰাজ্যৰ মুঠ ৮,২৭,১৩০ জন প্ৰাৰ্থী অৱতীৰ্ণ হ’ব বুলি জানিব পৰা গৈছে । এই প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অধিক স্বচ্ছতাৰে অনুষ্ঠিত কৰা ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে, আজি আয়োজিত বৈঠকৰ জৰিয়তে কিছু নিৰ্দেশনা জাৰি কৰিছে অসমৰ মুখ্য সচিব গৰাকীয়ে । লগতে এই নিৰ্দেশনাত সন্নিবিষ্ট নীতি-নিয়ম সমূহ মানি চলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে মুখ্য সচিব গৰাকীয়ে ।

কি কি নিৰ্দেশনা মানি চলিব লাগিব:

  • কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া, তত্বাৱধায়ক আৰু নিৰীক্ষণকাৰীৰ প্ৰশিক্ষণ আকৌ এবাৰ অনুষ্ঠিত কৰিব লাগিব।
  • ডিচি আৰু এছপিসকলে নিজ নিজ এলেকাত সামগ্ৰিক তত্বাৱধানৰ বাবে ঘনিষ্ঠভাৱে সমন্বয় স্থাপন কৰিব লাগিব আৰু স্পৰ্শকাতৰ কেন্দ্ৰসমূহৰ তদাৰক কৰিব লাগিব।
  • প্ৰাৰ্থী আৰু সাধাৰণ জনতাৰ চলাচলত ভিৰ হ্ৰাস কৰাটো নিশ্চিত কৰিবলৈ পৰিবহণ বিভাগে সকলো অংশীদাৰৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব।
  • পৰীক্ষাৰ্থীৰ সুবিধা হোৱাকৈ বিশেষ ৰে’লৰ বাবে সংশ্লিষ্ট বিভাগে এন এফ আৰৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব।
  • ৰেলৱে প্লেটফৰ্ম আৰু বাছ ষ্টেণ্ডত অনাময় সম্পৰ্কীয় সকলো সেৱা উপলব্ধ কৰিব লাগে।
  • আৰক্ষীয়ে ছ’চিয়েল মিডিয়াৰ কাম-কাজ নিৰীক্ষণ কৰিব লাগিব আৰু যিকোনো সমস্যাৰ বিষয়ে ডিজিপি অসম আৰু আই জি ল’ এণ্ড অৰ্ডাৰক খবৰ দিব লাগিব। এই নিৰীক্ষণ স্থানীয় আৰু কেন্দ্ৰীয় দুয়োটা দিশতে চলি থাকিব।
  • মহিলা প্ৰাৰ্থীক মৰ্যাদাপূৰ্ণভাৱে চেকিং কৰিব লাগিব আৰু এই কামত নিয়োজিত সকলো কৰ্মী সংবেদনশীল হ’ব লাগিব । যিকোনো অনুচিত আচৰণৰ বিষয়ে তৎক্ষণাত কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰিব লাগিব।
  • পূৰ্বৰ দৰেই প্ৰাৰ্থীসকলে লেবেল নথকা পানীৰ বটল কঢ়িয়াই নিব পাৰিব।
  • কোনো প্ৰাৰ্থীয়ে যদি পৰীক্ষাৰ সময়ত নিয়ম উলংঘা কৰে, তেন্তে ‘The Assam Public Examination (Measures for Recruitment in Recruitment) আইন, ২০২৪’ৰ ধাৰা ১০(১)ৰ অধীনত তিনি বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে।
  • জিলা দণ্ডাধীশসকলে নিৰ্ধাৰিত দিনত পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ দূৰত্বৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষা পৰিচালনা আৰু নিৰীক্ষণত নিয়োজিত বিষয়াসকলৰ বাহিৰে আন কোনো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগিব । ইয়াৰ বাবে ‘ভাৰতীয় নগৰিক সুৰক্ষা সংহিতা, ২০২৩’ৰ ১৬৩ নং ধাৰা অধীনত নিৰ্দেশ জাৰি কৰিব লাগিব।
Parineeti Chopra Birthday: আজি অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ জন্মদিন
ঐশ্বৰ্য ৰয় নহয়, এইগৰাকী যুৱতী আছিল ছলমান খানৰ প্ৰথম প্ৰেমিকা
প্ৰয়োজন নহয় ডিজেল, বিদ্যুতৰ! পানীৰে ট্ৰেইন চলিব দেশত...
ছাল, চুলিৰ বাবে উপকাৰী চাউলৰ পানী! এনেদৰে কৰক ব্যৱহাৰ...