শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২০২৩-২৪ বিত্তীয় বৰ্ষত ২৪ হাজাৰ কোটিৰো অধিক ! ২০১৬ ৰ পৰা ২০২৪ লৈকে কিমান টকা ঋণ লৈছিল অসম চৰকাৰে ?

ৰাজ্য চৰকাৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত ২৪ হাজাৰ কোটিৰো অধিক ঋণ লৈছিল অসম চৰকাৰে । ইয়াৰ বিপৰীতে ৬,৯০০ কোটিতকৈ অধিক টকা ঋণ পৰিশোধ কৰিছিল ৰাজ্য চৰকাৰে । বিধানসভাত এই কথা প্ৰকাশ কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে ।

২০২৩-২৪ বিত্তীয় বৰ্ষত ২৪ হাজাৰ কোটিৰো অধিক ! ২০১৬ ৰ পৰা ২০২৪ লৈকে কিমান টকা ঋণ লৈছিল অসম চৰকাৰে ?
ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ
manas-borah
Manas Borah | Published: 04 Mar 2025 23:34 PM

২০২৩-২৪ বিত্তীয় বৰ্ষত ২৪ হাজাৰ কোটিৰো অধিক টকাৰ ঋণ লৈছিল ৰাজ্য চৰকাৰে । মঙলবাৰে বিধানসভাত এই কথা প্ৰকাশ কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে । বিত্তমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, ৰাজ্য চৰকাৰেও এই ঋণ পৰিশোধ কৰি আহিছে। বিগত বিত্তীয় বৰ্ষত ৬,৯০০ কোটিতকৈ অধিক টকা ঋণ পৰিশোধ কৰিছে ৰাজ্য চৰকাৰে ।

এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী নেওগে কয় যে ২০২৩-২৪ চনত ৰাজ্যখনে ২৪,১১৮ কোটি টকা (অস্থায়ী) ঋণ লৈছিল। একেদৰে ৰাজ্য চৰকাৰে লোৱা এই ঋণৰ পৰিমাণ ২০১৬-১৭ বিত্তীয় বৰ্ষত ৫,৬৪৯ কোটি টকা, ২০১৭-১৮ বিত্তীয় বৰ্ষত ১০,৪৭৬ কোটি, ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৪,০০৪ কোটি, ২০১৯-২০ বিত্তীয় বৰ্ষত ১৬,৬৩৫ কোটি, ২০২০-২১ বিত্তীয় বৰ্ষত ১৮,৮০৭ কোটি,  ৫০ কোটি টকালৈ বৃদ্ধি পাই ২০২১-২২ বৰ্ষত ১৬,৫৪৮ কোটি আৰু ২০২২-২৩ চনত ২১,৬০২ কোটি টকা ঝণ লোৱা বুলিও জানিবলৈ দিয়ে বিত্তমন্ত্ৰী গৰাকীয়ে ।

বজাৰ আৰু বিত্তীয় সংস্থা (নাবাৰ্ডৰ অধীনত)কে ধৰি বিভিন্ন উৎসৰ পৰা এই ঋণ লৈছিল অসম চৰকাৰে । ৰাজ্য চৰকাৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৬,৯২৪ কোটি (অস্থায়ী) টকা ঋণ পৰিশোধ কৰিছে । একেদৰে ২০২২-২৩ বিত্তীয় বৰ্ষত ৪,৮৬৩ কোটি, ২০২১-২২ বৰ্ষত ৫,১৭৭ কোটি, ২০২০-২১ বৰ্ষত ৩,৫৭০ কোটি, ২০১৯-২০ বিত্তীয় বৰ্ষত ৪,৫৮৯ কোটি, ২০১৮-১৯ বিত্তীয় বৰ্ষচ ৪,৮৫৮ কোটি, ২০১৭-১৮ বিত্তীয় বৰ্ষত ২,৯৬০ কোটি আৰু ২০২৬-১৭ বিত্তীয় বৰ্ষত ২,৯৯৪ কোটি টকা ঋণ পৰিশোধ কৰিছে ৰাজ্য চৰকাৰে ।

ৰাজ্য বিত্তমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, ৰাজ্যখনে ২০২৩-২৪ চনত ঋণ আৰু জিএছডিপিৰ অনুপাত ২৪ শতাংশ বজাই ৰাখিবলৈ সক্ষম হৈছে । ই অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইনৰ অধীনত অনুমোদিত ৩২ শতাংশৰ উচ্চ সীমাতকৈ কম বুলি উল্লেখ কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে ।