5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৪ লাখ সাজু কৰা হৈছে, অসমৰ ১০ লাখ কৃষকক দিয়া হ’ব ভূমি স্বাস্থ্য পত্ৰ : হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰে ৪ লাখৰো অধিক কৃষকক ভূমি স্বাস্থ্য পত্ৰ(Soil Health Cards) বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰে । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে প্ৰায় ১০ লাখ কৃষকক ভূমি স্বাস্থ্য পত্ৰ প্ৰদান কৰিব । ইতিমধ্যে ৪ লাখ পত্ৰ বিতৰণৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ ।

৪ লাখ সাজু কৰা হৈছে, অসমৰ ১০ লাখ কৃষকক দিয়া হ’ব ভূমি স্বাস্থ্য পত্ৰ : হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰা
manas-borah
Manas Borah | Updated On: 07 Oct 2024 15:18 PM

ভূমি স্বাস্থ্য কাৰ্যসূচীৰ অংশ হিচাপে আজি ৰাজ্য চৰকাৰে ৪ লাখৰো অধিক কৃষকক ভূমি স্বাস্থ্য পত্ৰ(Soil Health Cards) বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰে । উল্লেখ্য যে, ২০১৫ চনত কৃষি ভূমিৰ উৰ্বৰতা গুণ নিৰ্ধাৰণৰ বাবে ভূমি স্বাস্থ্য(Soil Health) কাৰ্যসূচী আৰম্ভ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই কাৰ্যসূচীৰ অংশ হিচাপে আজি সোমবাৰে ৰাজ্যৰ চাৰি লাখৰো অধিক কৃষকক ভূমি স্বাস্থ্য পত্ৰ বিতৰণৰ বাবে অসম চৰকাৰ সাজু হোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে প্ৰায় ১০ লাখ কৃষকক ভূমি স্বাস্থ্য পত্ৰ প্ৰদান কৰিব । ইতিমধ্যে ৪ লাখ পত্ৰ বিতৰণৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ । ইয়াৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, কৃষক বন্ধুসকল হৈছে ৰাজ্য চৰকাৰৰ আত্মনিৰ্ভৰ অসম মিছনৰ আঁত ধৰোঁতা ।

ইফালে ৰাজ্যৰ কৃষি ভূমিৰ গুণাগুণ নিৰ্ধাৰণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপৰ সন্দৰ্ভত আলোকপাত কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে, ৰাজ্যৰ কৃষি ভূমি গুণাগুণ পৰীক্ষাৰ বাবে ৰাজ্যত পূৰ্বতে ৫ টা পৰীক্ষাগাৰ আছিল। বৰ্তমান এনে পৰীক্ষাগাৰৰ সংখ্যা ২৬ টালৈ বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, ভূমি স্বাস্থ্য পত্ৰ বিতৰণ কৰাৰ লগতে আজি কৃষকক কৃষি যন্ত্ৰপাতিও প্ৰদান কৰা হয় । ইয়াৰ সমান্তৰালভাৱে কৃষি জ্ঞান কেন্দ্ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা ।

মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে যে, ৮১৬ টা গাঁৱৰ কৃষি সঁজুলি বেংক স্থাপনৰ প্ৰক্ৰিয়া চলাই আছে ৰাজ্য চৰকাৰে । ইয়াৰ পূৰ্বে ৰাজ্যত মাত্ৰ ৮০ টাহে এনে বেংক আছিল বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই । লগতে ৰাজ্য চৰকাৰে ইতিমধ্যে ৯৬টা কৃষি জ্ঞান কেন্দ্ৰ আৰু ৯৩টা কৃষি উন্নয়ন কাৰ্যালয় মুকলি কৰাৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Latest News