শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চাহ জনগোষ্ঠী-আদিবাসীসকলে লাভ কৰিব চাহ বাগিচাৰ লাইনৰ মাটি : মুখ্যমন্ত্ৰী

'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানত চাহ-বাগিচাৰ লোকসকলক সম্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, চাহ বাগিচাৰ লোকৰ বাবে ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত ৩ শতাংশ সংৰক্ষণ কৰিছে । লগতে চাহ বাগিচাৰ লাইনৰ মাটি চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ।

চাহ জনগোষ্ঠী-আদিবাসীসকলে লাভ কৰিব চাহ বাগিচাৰ লাইনৰ মাটি : মুখ্যমন্ত্ৰী
ঝুমইৰ বিনন্দিনী
manas-borah
Manas Borah | Published: 24 Feb 2025 23:14 PM

চাহ বাগিচাৰ লাইনৰ মাটি চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক প্ৰদান কৰা হ’ব । আজি সৰুসজাইত আয়োজিত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক সম্বোধন কৰি এই আশ্বাস দিয়ে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । লগতে জনগোষ্ঠীটোৰ অমূল্য অৱদানৰ কথা দোহাৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰত অসমৰ প্ৰথম মহিলা শ্বহীদ মালতী মেম, অসম আন্দোলনৰ শ্বহীদ বাধনা ওৰাঙক শ্ৰদ্ধাৰে স্মৰণ কৰে মুখ্য়মন্ত্ৰীয়ে।

তেওঁ কয় যে, অসমৰ চাহ-বাগিচাৰ লোকসকলে অসমীয়া ভাষাক নিজৰ ভাষাৰ হিচাপে আদৰি লৈ অসমীয়া ভাষা-কৃষ্টি-সংস্কৃতিক অধিক সমূদ্ধ কৰি তুলিছে । এই ঝুমইৰ প্ৰদৰ্শন চাহ জানজাতি আৰু আদিবাসীৰ লোকৰ প্ৰতি অসমবাসীৰ কৃতজ্ঞতা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত চাহ-বাগিচাৰ লোকসকলক সম্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “চাহ বাগিচাৰ লোকৰ বাবে ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত ৩ শতাংশ সংৰক্ষণ কৰিছে । চাহ বাগিচাত হাইস্কুল নিৰ্মাণ আৰু ৩০০ টাতকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ নিৰ্মাণ কৰা হৈছে ।” লগতে চাহ বাগিচাৰ লাইনৰ মাটি চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ।

লগতে তেওঁ কয় যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকল এই অনুষ্ঠানত উপস্থিত হৈছে । তেওঁ কয় যে, ঝুমুৰ হৈছে অসমীয়া সংস্কৃতিৰ উপাদান । ঝুমুৰত অসমৰ চাহ বাগিচাৰ লোকসকলে অসম ভূমিক কিদৰে আপোন মাতৃ হিচাপে লৈছে তাৰ বৰ্ণনা আছে । সেই বাবেই প্ৰতিগৰাকী অসমীয়াই ঝুমুৰক লৈ গৌৰৱ অনুভৱ কৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

আজি প্ৰায় ৯ হাজাৰ চাহ বাগিচাৰ শিল্পীয়ে ঝুমুৰ প্ৰদৰ্শন কৰি ইতিহাসৰ পাতত লিপিবদ্ধ কৰে আজিৰ দিনটো । এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ লগতে কেইবাখনো দেশৰ ৰাষ্ট্ৰদূতসকল। এই অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেইবাগৰাকী সাংসদ, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে বিধায়কসকল ।