শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিপদত পৰিব NRCৰ বাবে আবেদন নকৰা আধাৰ কাৰ্ডধাৰী ! ডাঙৰ ঘোষণা মুখ্য়মন্ত্ৰীৰ…

NRC ত আবেদন নকৰাকৈ আধাৰ কাৰ্ড গ্ৰহণ কৰি অসমত বাস কৰা লোকসকল সাৱধান হওক । ইতিমধ্য়ে এই ক্ষেত্ৰত ডাঙৰ পদক্ষপ গ্ৰহণ কৰিবলৈ গৈ আছে অসম চৰকাৰ ।

বিপদত পৰিব NRCৰ বাবে আবেদন নকৰা আধাৰ কাৰ্ডধাৰী ! ডাঙৰ ঘোষণা মুখ্য়মন্ত্ৰীৰ…
মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI
manas-borah
Manas Borah | Published: 28 Apr 2025 12:44 PM

যিসকল লোকে NRC ত আবেদন নকৰাকৈ আধাৰ কাৰ্ড গ্ৰহণ কৰি অসমত বাস কৰি আছে তেওঁলোক সাৱধান হওক । ইতিমধ্য়ে এই ক্ষেত্ৰত ডাঙৰ পদক্ষপ গ্ৰহণ কৰিবলৈ গৈ আছে অসম চৰকাৰ । ৰাজ্যৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাড়নৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিব অসম চৰকাৰে ।

ৰাজ্য়ত চলি থকা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্ত কৰিবলৈ আবেদন নকৰা আধাৰ কাৰ্ডধাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আধাৰ কাৰ্ড লাভ কৰি অসমত বাস কৰা কিন্তু এন আৰ চিৰ বাবে আৱেদন নকৰাসকলৰ বিৰুদ্ধে আমি অহা দুই-চাৰি দিনৰ ভিতৰত এক বৃহৎ অভিযান আৰম্ভ কৰিম।”

ইতিমধ্যে ৰাজ্য চৰকাৰে এন আৰ চিৰ বাবে আৱেদন নকৰাসকলক আধাৰ কাৰ্ড প্ৰদান কৰাটো বন্ধ কৰি দিছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে । “কিন্তু আমি এই পদক্ষেপ লোৱাৰ পূৰ্বে এন আৰ চিৰ বাবে আৱেদন নকৰাকৈয়ে বহুতে অসমত আধাৰ কাৰ্ড লাভ কৰিছিল।” সাংবাদিকৰ আগত এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা আৰু বিতাড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা প্ৰস্তুত কৰা বুলি জানিবলৈ দিছে মুখ্য়মন্ত্ৰীয়ে । উল্লেখ্য যে, যোৱা ডিচেম্বৰ মাহত চৰকাৰে ঘোষণা কৰে যে, যদিহে আবেদনকাৰী বা পৰিয়ালে এন আৰ চিৰ বাবে আৱেদন কৰা নাছিল তেন্তে তেওঁলোকৰ আধাৰৰ বাবে কৰা আৱেদন নাকচ কৰা হ’ব।