বিপদত পৰিব NRCৰ বাবে আবেদন নকৰা আধাৰ কাৰ্ডধাৰী ! ডাঙৰ ঘোষণা মুখ্য়মন্ত্ৰীৰ…

NRC ত আবেদন নকৰাকৈ আধাৰ কাৰ্ড গ্ৰহণ কৰি অসমত বাস কৰা লোকসকল সাৱধান হওক । ইতিমধ্য়ে এই ক্ষেত্ৰত ডাঙৰ পদক্ষপ গ্ৰহণ কৰিবলৈ গৈ আছে অসম চৰকাৰ ।

বিপদত পৰিব NRCৰ বাবে আবেদন নকৰা আধাৰ কাৰ্ডধাৰী ! ডাঙৰ ঘোষণা মুখ্য়মন্ত্ৰীৰ...

মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

28 Apr 2025 12:44 PM

যিসকল লোকে NRC ত আবেদন নকৰাকৈ আধাৰ কাৰ্ড গ্ৰহণ কৰি অসমত বাস কৰি আছে তেওঁলোক সাৱধান হওক । ইতিমধ্য়ে এই ক্ষেত্ৰত ডাঙৰ পদক্ষপ গ্ৰহণ কৰিবলৈ গৈ আছে অসম চৰকাৰ । ৰাজ্যৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাড়নৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিব অসম চৰকাৰে ।

ৰাজ্য়ত চলি থকা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্ত কৰিবলৈ আবেদন নকৰা আধাৰ কাৰ্ডধাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আধাৰ কাৰ্ড লাভ কৰি অসমত বাস কৰা কিন্তু এন আৰ চিৰ বাবে আৱেদন নকৰাসকলৰ বিৰুদ্ধে আমি অহা দুই-চাৰি দিনৰ ভিতৰত এক বৃহৎ অভিযান আৰম্ভ কৰিম।”

ইতিমধ্যে ৰাজ্য চৰকাৰে এন আৰ চিৰ বাবে আৱেদন নকৰাসকলক আধাৰ কাৰ্ড প্ৰদান কৰাটো বন্ধ কৰি দিছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে । “কিন্তু আমি এই পদক্ষেপ লোৱাৰ পূৰ্বে এন আৰ চিৰ বাবে আৱেদন নকৰাকৈয়ে বহুতে অসমত আধাৰ কাৰ্ড লাভ কৰিছিল।” সাংবাদিকৰ আগত এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা আৰু বিতাড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা প্ৰস্তুত কৰা বুলি জানিবলৈ দিছে মুখ্য়মন্ত্ৰীয়ে । উল্লেখ্য যে, যোৱা ডিচেম্বৰ মাহত চৰকাৰে ঘোষণা কৰে যে, যদিহে আবেদনকাৰী বা পৰিয়ালে এন আৰ চিৰ বাবে আৱেদন কৰা নাছিল তেন্তে তেওঁলোকৰ আধাৰৰ বাবে কৰা আৱেদন নাকচ কৰা হ’ব।

স্তনৰ কৰ্কট ৰোগ কিয় হয়? প্ৰধান কাৰণসমূহ জানক...
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...