বিল পুনৰুজ্জীৱিতকৰণৰ বাবে নতুন প্ৰকল্প ৰাজ্য চৰকাৰৰ... | Assam Government undertaking Rs 800 crore project to rejuvenate 129 beels and boost fish production: Himanta Biswa Sarma Assam news - Assam Tv9

Himanta Biswa Sarma : বিল পুনৰুজ্জীৱিত, মাছৰ উৎপাদন বৃদ্ধিৰ বাবে ৮০০ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে…

বিল পুনৰুজ্জীৱিতকৰণৰ বাবে ৮০০ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত হাতত লোৱা প্ৰচেষ্টাৰ লক্ষ্য হৈছে মাছৰ উৎপাদন বৃদ্ধি আৰু জল ব্যৱস্থাপনা উন্নত কৰা ।

Himanta Biswa Sarma : বিল পুনৰুজ্জীৱিত, মাছৰ উৎপাদন বৃদ্ধিৰ বাবে ৮০০ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে...

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

19 Oct 2024 16:06 PM

ৰাজ্যৰ ১২৯ খন বিল পুনৰুজ্জীৱিতকৰণৰ বাবে ৮০০ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত হাতত লোৱা প্ৰচেষ্টাৰ লক্ষ্য হৈছে মাছৰ উৎপাদন বৃদ্ধি আৰু জল ব্যৱস্থাপনা উন্নত কৰা । এই প্ৰচেষ্টাই ৰাজ্যখনৰ বহনক্ষম সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ’ব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

SWIFT(Sustainable Wetland and Integrated Fisheries Transformation) নামেৰে নামাকৰণ কৰা এই প্ৰকল্পৰ জৰিয়তে থলুৱা মৎস্য উৎপাদন আৰু জল ব্যৱস্থাপনাক উদগনি জনাবলৈ ৪০০০ হেক্টৰ এলেকা সামৰি বিল পুনৰুজ্জীৱিত কৰা হ’ব। উল্লেখ্য যে,ৰাজ্যৰ জলাশয়-বিলসমূহে বান প্ৰশমন আৰু নদীৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰাত ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

‘এই প্ৰকল্পই এই অত্যাৱশ্যকীয় পৰিৱেশ তন্ত্ৰক পুনৰুজ্জীৱিত কৰাই নহয়, থলুৱা মাছৰ উৎপাদনত যথেষ্ট সহায় কৰিব । আমি এই প্ৰকল্পৰ জৰিয়তে বিলৰ পানী সংৰক্ষণ ক্ষমতা বৃদ্ধি কৰাৰ লগতে থলুৱা মাছৰ প্ৰজাতিৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা কাৰ্যকৰী কৰাৰ লক্ষ্য ৰাখিছো।’এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ছুইফ্ট প্ৰকল্পৰ লক্ষ্য হৈছে, ৪ হাজাৰ হেক্টৰ এলেকা সামৰি বিল পুনৰুজ্জীৱিত কৰা আৰু বছৰি প্ৰতি হেক্টৰত অতিৰিক্ত ১২০০ কিলোগ্ৰাম মাছ উৎপাদন কৰা । মাছৰ উৎপাদন বৃদ্ধিয়ে অঞ্চলটোৰ জনগোষ্ঠীসমূহৰ স্থানীয় অৰ্থনীতি আৰু খাদ্য সুৰক্ষাত যথেষ্ট অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ।

দীপাৱলীত কিমান চাকি জ্বলাব লাগে আৰু ক’ত ক’ত জ্বলাব লাগে জানক
ছৰফৰাজ খানেই নহয়, ২৪ ঘণ্টাত ৭ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে অৰ্জিলে শতক
Bhool Bhulaiyaa 3ত পিটবুল, দিলজিৎ আৰু কাৰ্তিকৰ যাদু
এইদৰে ৰান্ধক দাইল, নহ'ব ইউৰিক এচিডৰ সমস্যা