ADRE পৰীক্ষাত তালাচীক লৈ তুমুল বিতৰ্কঃ বিতৰ্কৰ পিছতে মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া | Assam govt ADRE exam candidate checking CM Himanta Biswa Sarma Assam Police DGP GP Singh Assam news - Assam Tv9

ADRE পৰীক্ষাত তালাচীক লৈ তুমুল বিতৰ্কঃ বিতৰ্কৰ পিছতে মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া

Updated On: 

16 Sep 2024 11:32 AM

দেওবাৰে অনুষ্ঠিত হোৱা ADREৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত তালাচীৰ নামত প্ৰাৰ্থীসকলৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন কৰিছে কেইবাগৰাকীও প্ৰাৰ্থীয়ে। যুৱতী-মহিলাসকলৰ অন্তৰ্বাস পৰ্যন্ত খুলি, ব্যক্তিগত অংগত স্পৰ্শ কৰি তালাচী চলোৱাৰ চলোৱা বুলি অভিযোগ উঠাৰ পিছতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া বুলি সদৰী কৰিছে।

ADRE পৰীক্ষাত তালাচীক লৈ তুমুল বিতৰ্কঃ বিতৰ্কৰ পিছতে মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Follow Us On

দেওবাৰে অনুষ্ঠিত হয় অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, চমুকৈ ADREৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। ৰাজ্যজুৰি ১১ লক্ষাধিক প্ৰাৰ্থী অৱতীৰ্ণ হ’ল নিযুক্তি পৰীক্ষাত। মুঠ ২৩০৫টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ সুকলমে সমাপ্তি ঘটে যদিও পৰীক্ষা কেন্দ্ৰত সোমোৱাৰ পূৰ্বে তালাচীৰ নামত প্ৰাৰ্থীসকলৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন কৰিছে কেইবাগৰাকীও প্ৰাৰ্থীয়ে। বিশেষকৈ সামাজিক মাধ্যম যোগে কেইবাগৰাকী যুৱতীয়ে তালাচী চলোৱাৰ নামত অসম আৰক্ষীৰ মহিলা জোৱানে প্ৰাৰ্থীসকলৰ অন্তৰ্বাস পৰ্যন্ত খুলি গোপন অংগত স্পৰ্শ কৰাৰ অভিযোগ তুলিছে।

ফেচবুক যোগে নলবাৰী জিলাৰ বেলচৰত এক পৰীক্ষা কেন্দ্ৰত এনে অকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে এগৰাকী প্ৰাৰ্থীয়ে। প্ৰাৰ্থীগৰাকীয়ে লগতে কোনো আঁৰ-বেৰ নোহোৱাকৈ মুকলিকৈয়ে এইদৰে তালাচী কৰাৰ অভিযোগ তুলি এনে কাৰ্যক তীব্ৰ গৰিহণা দিয়ে। কেৱল নলবাৰীতে নহয়, ৰাজ্যৰ আন প্ৰান্ততো পৰীক্ষা কেন্দ্ৰত এনেদৰে তালাচী কৰা বুলি অভিযোগ তুলিছে কেইবাগৰাকীও প্ৰাৰ্থীয়ে।

কেৱল সিমানেই নহয়, বহুকেইগৰাকী যুৱতী-মহিলা প্ৰাৰ্থীয়ে মাহেকীয়াৰ বাবে ব্যৱহাৰ কৰা চেনিটাৰী পেড খুলি দিয়াৰ অভিযোগো উত্থাপন কৰিছে। তদুপৰি বহুকেইজন যুৱকেও তালাচীৰ নামত ব্যক্তিগত অংশত হাত দিয়াৰ অভিযোগ তুলিছে। তালাচীৰ নামত এইদৰে অভদ্ৰামি কৰি মানসিক হাৰাশাস্তি কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে প্ৰাৰ্থীসকলে। পৰীক্ষা কেন্দ্ৰৰ বহু নিৰীক্ষকেও তালাচীৰ নামত এনে হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি অভিযোগ তুলিছে।

ইফালে এনে বিস্ফোৰক অভিযোগক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিবাদৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিছে। উত্থাপিত অভিযোগক অত্যন্ত চিন্তনীয় বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সমাজৰ বাবে মাতৃ-ভগ্নীসকলৰ মৰ্যাদা আৰু সন্মান সৰ্বোচ্চ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে।

সেইবাবে এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ সৈতে কথা পাতি সমগ্ৰ ঘটনাটিৰ তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। ADRE পৰীক্ষা নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰিবলৈ এশ শতাংশ প্ৰয়াস কৰা হৈছে আৰু এই বিষয়ত কোনো কাৰণতে আপোচ কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে একে সময়তে মহিলা প্ৰাৰ্থীসকলৰ শালীনতা আৰু মৰ্যাদা সকলো সময়তে ৰক্ষা কৰাৰ বাবে দায়বদ্ধ বুলিও মন্তব্য কৰে।

গতিকে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাসমূহৰ পূৰ্বে মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ সন্দৰ্ভত মহামান্য আদালতে আগবঢ়োৱা প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ পৰা অহা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক এছ অ’ পি প্ৰস্তুত কৰা হ’ব বুলি আশ্বাস দিয়ে হিমন্ত বিশ্ব শৰ্মাই। ইফালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙেও এক টুইট যোগে নিযুক্তি পৰীক্ষাৰ সময়ত মহিলা আৰক্ষী কৰ্মীৰ দ্বাৰা মহিলা প্ৰাৰ্থীৰ শ্লীনতা হানিৰ অবিযোগ সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে বুলি সদৰী কৰিছে।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে লগতে উত্তৰ লখিমপুৰত পৰীক্ষাৰ সময়ত এগৰাকী মহিলা প্ৰাৰ্থীৰ অন্তৰ্বাসৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত নকলজাতীয় সামগ্ৰী জব্দ কৰা হৈছিল বুলিও আন এক টুইট যোগে উল্লেখ কৰিছে। এই সন্দৰ্ভত উত্তৰ লখিমপুৰ আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে বুলি সদৰী কৰিছে জিপি সিঙে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version