৩ নৱেম্বৰৰ পৰা ভাষা গৌৰৱ সপ্তাহ, ৰাস কমিটীলৈ সাহায্যঃ ৰাজ্যিক কেবিনেটত আৰু কি কি সিদ্ধান্ত.. | Assam Govt cabinet meeting today decision Himanta Biswa Sarma Assam news - Assam Tv9

৩ নৱেম্বৰৰ পৰা ভাষা গৌৰৱ সপ্তাহ, ৰাস কমিটীলৈ সাহায্যঃ ৰাজ্যিক কেবিনেটত আৰু কি কি সিদ্ধান্ত..

অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠকত আজি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। ৰাজ্যিক কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ আগবঢ়াইছে দেৱালীৰ উপহাৰ।

৩ নৱেম্বৰৰ পৰা ভাষা গৌৰৱ সপ্তাহ, ৰাস কমিটীলৈ সাহায্যঃ ৰাজ্যিক কেবিনেটত আৰু কি কি সিদ্ধান্ত..

সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

27 Oct 2024 16:26 PM

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠক। এই কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰে আৰু এই সংবাদ মেলত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। আজি ৰাজ্যিক কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ আগবঢ়ায় দেৱালীৰ উপহাৰ। পোহৰৰ উৎসৱ দেৱালীৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক আগতীয়াকৈ দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসাৰে কাইলৈয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব দৰমহা।

কেবিনেটে আজি লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে। কেবিনেটৰ এই সিদ্ধান্তৰ পিছত এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ৫৩% DA লাভ কৰিব। চলিত বছৰৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব বৰ্ধিত DA। আগন্তুত ডিচেম্বৰৰ পৰা মাৰ্চ মাহলৈ ২৫%কৈ ৪ মাহৰ বকেয়া লাভ কৰিব। অৱশ্যে ডিচেম্বৰ মাহৰ পৰাই নিয়মীয়াকৈ বৰ্ধিত DA পাব কৰ্মচাৰীসকলে।

ইফালে অহা ১৫ নৱেম্বৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আজি কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰে আগন্তুক ৰাস মহোৎসৱৰ আয়োজক সমিতিসমূহলৈ ২৫ হাজাৰ টকাৰ অনুদান ঘোষণা কৰিছে। ৰাজ্যৰ প্ৰায় ১,৯০০ ৰাস সমিতিয়ে এই অনুমান লাভ কৰিব। তদুপৰি ৰাস আয়োজনৰ সমিতিসমূহে প্ৰশাসনক কোনো মাচুল দিব নালাগে বুলিও কেবিনেটে সিদ্ধান্ত লয়।

অৱশ্যে ৰাজ্য চৰকাৰে আগবঢ়োৱা এই অনুদান কেৱল জীৱন্ত ৰাসৰ আয়োজন কৰা সমিতি সমূহে লাভ কৰিব। মূৰ্তি ৰাসৰ আয়োজন কৰা আয়োজক সমিতিয়ে এই আৰ্থিক অনুদান লাভ নকৰে বুলি স্পষ্ট কৰি দিয়া হৈছে। ইফালে কেবিনেটে অহা ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যত ভাষা গৌৰৱ সপ্তাহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শেহতীয়াকৈ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি কৰা উপলক্ষে এই ভাষা গৌৰৱ সপ্তাহ আয়োজন কৰা হ’ব।

সমান্তৰালকৈ কেবিনেটে অসম আৰক্ষীৰ মৈত্রী আঁচনিৰ বাবে ১৫০ কোটি টকাৰ অনুমোদন ঘোষণা কৰে। গ্ৰীণ অইল, গ্ৰীণ এনাৰ্জীৰ বাবে ৰিলায়েঞ্চৰৰ সৈতে বুজাবুজি চুক্তি কৰা হ’ব বুলি কেবিনেটে সিদ্ধান্ত লয়। NRLত ৰাজ্য চৰকাৰৰ পৰা ২০৫ কোটি টকা বিনিয়োগ, তামুলপুৰ জিলাত নিৰ্বাচন বিভাগ স্থাপনৰ বাবেও কেবিনেটে অনুমোদন জনায়। ইফালে অলিম্পিয়ান আৰ্চাৰ অৰ্জুন জয়ন্ত তালুকদাৰক অসম আৰক্ষীৰ DSP পদত নিযুক্তি দিয়াৰ বাবেও কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

পাকঘৰৰ এইসমূহ মছলাৰ আছে অনেক গুণ, প্ৰাকৃতিক পেইন কিলাৰৰ দৰে কৰে কাম
হঠাৎ হেঁকটি আহিলে কি উপায়েৰে বন্ধ কৰিব ? জানক...
দেৱালীৰ সময়ত ৰোপণ কৰক এই গছ, ধনেৰে উপচি পৰিব ঘৰ...
আজি জন্মদিন উদযাপন কৰিছে এইসকল ক্ৰিকেটাৰে, এগৰাকীয়ে লৈছিল ভাৰতৰ বিশ্বকাপ জয়ত বিশেষ ভূমিকা