ৰাজ্যৰ ষ্টার্টআপ খণ্ডক আগুৱাই নিয়াৰ লক্ষ্যঃ দক্ষিণ কোৰিয়াৰ সৈতে চলিছে আলোচনা, জনালে মুখ্যমন্ত্রীয়ে
'এডভান্টেজ আছাম ২.০'ৰ সৈতে সংগতি ৰাখি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুকলি কৰা প্রদর্শনী আজি পৰিদৰ্শন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা ২৪ ফেব্ৰুৱাৰীত এই প্রদর্শনী পৰিদৰ্শন কৰিছিল।

‘এডভান্টেজ আছাম ২.০’ৰ সৈতে সংগতি ৰাখি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুকলি কৰা প্রদর্শনী আজি পৰিদৰ্শন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। এই প্রদর্শনীখনত দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ প্রতিষ্ঠান তথা ৰাজ্যখনৰ ক্ষুদ্র আৰু মজলীয়া উদ্যোগসমূহে নিজৰ ঔদ্যোগিক দিশসমূহ প্রতিফলিত কৰাৰ লগতে ইয়াত অসমত উদ্যোগ খণ্ডৰ সম্ভাৱনীয়তাৰ দিশসমূহো দাঙি ধৰা হৈছে। আনহাতে, প্রদর্শনস্থলীত অসমৰ কেইবাখনো জিলাৰ ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্রীও প্রদর্শন কৰা হৈছে।
আজিৰে পৰা সর্বসাধাৰণৰ বাবে মুকলি কৰা এই সু-বৃহৎ প্রদর্শনীখন অহা ১ মার্চলৈ চলিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা ২৪ ফেব্ৰুৱাৰীত এই প্রদর্শনী পৰিদৰ্শন কৰিছিল। মুখ্যমন্ত্রীগৰাকীয়ে আজি প্রদর্শনীখনৰ ‘অসম-অতীত, বর্তমান আৰু ভৱিষ্যত’ শীর্ষক পেভেলিয়নত অংশগ্রহণ কৰা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অগ্রণী প্রতিষ্ঠানসমূহৰ বীথিকাসমূহ পৰিদর্শন কৰে।
এই পৰিদৰ্শনৰ পিছত উপস্থিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমৰ ষ্টার্টআপ, বৃহৎ উদ্যোগ, ক্ষুদ্র-মজলীয়া আৰু লঘু উদ্যোগ, বনজ উৎপাদন, আত্মসহায়ক গোটৰ সদস্যসকলৰ দ্বাৰা উৎপাদিত সামগ্রী আদি এই প্রদর্শনীখনত প্রদর্শন কৰা হৈছে। সৰ্বসাধাৰণ জনতাৰ লগতে বিশেষকৈ ৰাজ্যৰ শিক্ষার্থীসমাজক এই প্রদর্শনীখন চাবলৈ আহ্বান জনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
এই প্ৰদৰ্শনীৰ জৰিয়তে সকলোৱে অসম সম্বন্ধীয় বহু বিষয় অবগত হ’বলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দোহাৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে অসমৰ ষ্টার্টআপ খণ্ডত শেহতীয়াকৈ বহু উল্লেখনীয় কাম সম্পন্ন হৈছে আৰু এই খণ্ডটোৱে যথেষ্ট অগ্রগতি লাভ কৰিছে।
তেওঁ লগতে সদৰী কৰে যে অসমৰ ষ্টার্টআপ ইনকিউৱেশান চেণ্টাৰৰ লগত প্রত্যক্ষভাৱে জড়িত কৰি ৰাজ্যখনৰ ষ্টার্টআপ খণ্ডটোক আৰু অধিক আগুৱাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে দক্ষিণ কোৰিয়া চৰকাৰৰ সৈতে আলোচনা প্রক্রিয়া চলাই আছে। ষ্টার্টআপৰ সৈতে জড়িত ৰাজ্যখনৰ যুৱসমাজৰ প্রতিভা প্রদর্শিত কৰাৰ লগতে তেওঁলোকৰ প্রতিভা অধিক বিকশিত হোৱাত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে ষ্টার্টআপ প্রদর্শনী অনুষ্ঠিত কৰিব বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই পৰিদৰ্শন কালত তথ্য-প্রযুক্তি আদি বিভাগৰ মন্ত্রী কেশৱ মহন্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী অশোক সিংহাল, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান আদি বিভাগৰ মন্ত্রী বিমল বড়া, বিধায়ক তৰংগ গগৈৰ উপৰি মুখ্য সচিব ড° ৰবি কোটাসহ কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।