২০২৪’ৰ অসম চৰকাৰৰ ঋণৰ তালিকা ! পৰিমাণ বৃদ্ধি ১,৫৮,৭৫০ কোটিলৈ

ঋণ লোৱাত অভিলেখ গঢ়াৰ দিশে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ২০২৪ বৰ্ষৰ আৰম্ভণিতে কেইবাকোটি টকাৰ ঋণ লোৱা চৰকাৰখনে এই ধাৰা ডিচেম্বৰ মাহলৈ অব্যাহত ৰাখিছে। প্ৰায় প্ৰতি মাহতে ঋণ লোৱা অসম চৰকাৰে ডিচেম্বৰত দুবাৰকৈ ঋণ লয়।

২০২৪ৰ অসম চৰকাৰৰ ঋণৰ তালিকা ! পৰিমাণ বৃদ্ধি ১,৫৮,৭৫০ কোটিলৈ

অসম চৰকাৰৰ ঋণ

Updated On: 

26 Dec 2024 13:40 PM

ৰাজ্য চলাবলৈ টকা নাই চৰকাৰৰ! সেয়ে ঋণ লৈ নতুন অভিলেখ গঢ়াৰ দিশে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। বছৰৰ প্ৰায় প্ৰতিমাহতে ঋণ লোৱা চৰকাৰখনে বছৰৰ শেষৰটো মাহত দুবাৰকৈ ঋণ ল’লে। ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম ১৬ টা দিনত অসম চৰকাৰে ১৭৫০ কোটি টকাৰ ঋণ লৈছিল আৰু সেই ধাৰা এতিয়ালৈকে অব্যাহত আছে। ই টিভি ভাৰতে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহত ৯০০ কোটিকৈ দুবাৰ ঋণ লয় চৰকাৰে। ৩ ডিচেম্বৰত ৯০০ কোটিৰ ঋণ লোৱা অসম চৰকাৰে পুনৰ ২৪ ডিচেম্বৰত ৯০০ কোটিৰ ঋণ লয়।  বিৰোধিয়ে সমালোচনা কৰাৰ পাছতো চৰকাৰৰ ঋণ লোৱা এই অভ্যাস বন্ধ হোৱা নাই।

অসম চৰকাৰৰ ঋণ

২০২৪ বৰ্ষৰ চৰকাৰৰ ঋণৰ পৰিমাণ

  • তথ্য অনুসৰি জানিব পৰা মতে ২০২৪ বৰ্ষৰ ৯ জানুৱাৰীত ১০০০ কোটি টকাৰ ঋণ লোৱা অসম চৰকাৰে ১৬ জানুৱাৰীত পুনৰ ৭৫০ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছিল। এনেকৈ বছৰৰ আৰম্ভণিতে চৰকাৰে ১৭৫০ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছিল
  • ৬ ফেব্ৰুৱাৰীত অসম চৰকাৰে ১০০০ কোটি টকাৰ ঋণ লয়। ইয়াৰ পাছত ১৩ ফেব্ৰুৱাৰীত পুনৰ ৫০০ কোটি টকাৰ ঋণ লয়। অৰ্থাৎ ফেব্ৰুৱাৰী মাহত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুঠ ১৫০০ কোটি টকাৰ ঋণ লয়।
  • ৫ মাৰ্চত ১০০০ কোটি টকাৰ ঋণ লয় অসম চৰকাৰে।
  • এপ্ৰিল মাহৰ ৮ তাৰিখে চৰকাৰে ১০০০ কোটি আৰু ৩০ এপ্ৰিলত ১ হাজাৰ কোটি টকাৰ ঋণ লয়। অৰ্থাৎ এই মাহত মুঠ ২০০০ কোটিৰ ঋণ লয় চৰকাৰে।
  • ২৮ মে’ত ৰাজ্য চৰকাৰে ১০০০ কোটি টকাৰ ঋণ লৈছিল।
  • জুন মাহৰ ৮ তাৰিখে কেবিনেট বৈঠকত নাবাৰ্ডৰ পৰা ৬৩৪.৫৩ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
  • ২৩ জুলাইত চৰকাৰে পুনৰ ১০০০ কোটিৰ ঋণ লয়।
  • আগষ্টৰ ৭ তাৰিখ আৰু ২৭ তাৰিখে ১০০০ কোটি টকাকৈ মাহটোত মুঠ ২০০০ কোটিৰ ঋণ লয়।
  • ছেপ্টেম্বৰ মাহতো দুবাৰ ঋণ লয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ১৭ ছেপ্টেম্বৰত ৫০০ কোটি টকা আৰু ২৪ ছেপ্টেম্বৰত ২৫০ কোটি টকাৰ ঋণ লয়। অৰ্থাৎ মাহটোত মুঠ ৭৫০ কোটিৰ ঋণ লয়।
  • ১ অক্টোবৰত চৰকাৰে ৭৫০ কোটি টকাৰ ঋণ গ্ৰহণ কৰে। ৮ অক্টোবৰত পুনৰ ৭৫০ কোটি টকাৰ ঋণ লয়। অৰ্থাৎ মাহটোত মুঠ ১৫০০ কোটিৰ ঋণ লয় চৰকাৰে।
  • নৱেম্বৰৰ মাহৰ ঋণৰ কোনো তথ্য় পোহৰলৈ অহা নাই।
  • ৩ ডিচেম্বৰত ৯০০ কোটিৰ ঋণ লোৱা অসম চৰকাৰে পুনৰ ২৪ ডিচেম্বৰত ৯০০ কোটিৰ ঋণ লয়।

এনেকৈ ৰাজ্য পৰিচালনাৰ বাবে বিত্ত বিভাগে লোৱা ঋণৰ পৰিমাণ হয়গৈ ১,৫৮,৭৫০  কোটি টকা। উল্লেখ্য যে, ৰাজ্য চৰকাৰে ঋণ লোৱা কথাটো প্ৰায়ে সমালোচনা কৰি আহিছে বিৰোধী দলসমূহে। কিন্তু  ঋণ লোৱা কথাটো ইতিবাচক আখ্যা দিব বিচাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কিছুদিন পূৰ্বে খোদ মুখ্যমন্ত্ৰীয়ে কৈছিল যে ঋণ লোৱা বেয়া কথা নহয়। ঋণ লব পাৰি।

আনহাতে বিৰোধিয়ে অভিযোগ তুলিছে যে চৰকাৰে ঋণ লোৱা ধন উৎপাদনশীলতা কামত ব্যৱহাৰ কৰা নাই। তাৰ বিপৰীতে  ভোটৰ বিনিময়ত ৰাজ্যত হিতাধিকাৰীৰ সৃষ্টি কৰিছে। মন কৰিবলগীয়া যে, ঋণ লৈ চৰকাৰ চলাই থকাৰ পাছতো নিতৌ ন ন আঁচনি ঘোষণা কৰি গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অৰুণোদয় আঁচনি, শিক্ষাৰ্থীৰ বাবে চাইকেল , স্কুটি, নগদ ধন, যুৱকসকলৰ বাবে ধন আদিকে ধৰি বিভিন্ন আঁচনি ৰূপায়ন কৰিছে ৰাজ্য চৰকাৰে। এই আঁচনিৰ নামত প্ৰতি মাহে কোটি কোটি টকা খৰচ কৰি আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, চলিত বৰ্ষত প্ৰকাশ পোৱা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ প্ৰতিবেদনত অসম চৰকাৰক ঋণ লোৱাৰ ক্ষেত্ৰত সকীয়নি প্ৰদান কৰিছিল।  কিন্তু তাৰ পাছতো এই উপদেশ গ্ৰহণ কৰা নাই চৰকাৰে। নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। গতিকে আগন্তুক বৰ্ষত চৰকাৰে আৰু কিমান কোটিৰ ঋণ লয় সেয়া সময়ে কব।

 

অন্য খবৰ পঢ়কঃ Assam govt: পুনৰ ২৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে, মুঠ পৰিমাণ হ’বগৈ ১.৫৫ লাখ কোটিৰো অধিক

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...