৮০ লাখৰ পৰা ২ কোটি! চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ ঘোষণা চৰকাৰৰ…

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ পদক্ষেপ। ইয়াৰ ফলত ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী লাভৱান হ'ব।

৮০ লাখৰ পৰা ২ কোটি! চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ ঘোষণা চৰকাৰৰ...

হিমন্ত বিশ্ব শৰ্মা

Published: 

23 Mar 2025 14:12 PM

ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ। ৰঙালী বিহুৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে। আগশাৰীৰ বেংকসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তিৰে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বিশেষ পেকেজৰ ঘোষণা কৰিছে।  এই বিষয়ে সামাজিক মাধ্যমত তথ্য সদৰি কৰিছে বিত্ত মন্ত্ৰী অজন্তা নেওগে।

বিত্তমন্ত্ৰীগৰাকীয়ে জনাই যে, অসম চৰকাৰৰ নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰীসকলৰ কল্যানৰ বাবে চৰকাৰে বিশেষ বীমাৰ সুবিধা কৰিছে। ইয়াৰ বাবে ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, এক্সিছ বেংক, ইণ্ডিয়ান বেংক আৰু পাঞ্জাৱ নেশ্যনেল বেংকৰ সৈতে অসম চৰকাৰে বুজাবুজিৰ চুক্তি কৰিছে।

ইয়াৰ বাবে কৰ্মচাৰী সকলে বিশেষ সুবিধা লাভ কৰিব। শূণ্য ব্যয়ত সামগ্ৰীক বীমাৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল-

  • ন্যূনতম ১ কোটি টকাৰ ব্যক্তিগত দুর্ঘটনাজনিত বীমা
  • সর্বাধিক ২ কোটি টকাৰ বিমান দুর্ঘটনাজনিত বীমা
  • সৰ্বাধিক ১ কোটি টকাৰ স্থায়ী সম্পূৰ্ণ পংগুত্বৰ বীমা
  • সর্বাধিক ৮০ লাখ টকাৰ স্থায়ী আংশিক পংগুত্বৰ বীমা
  • ন্যূনতম ১০ লাখ টকাৰ ম্যাদী জীৱন বীমা

ইয়াৰ দ্বাৰা কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ স্বাস্থ্য বীমাৰ ক্ষেত্ৰত ব্যৱসাধ্য প্ৰিমিয়াম আৰু চলিত চেভিংছ একাউন্টো ছেলাৰী পেকেজ একাউন্টলৈ ৰূপান্তৰৰ সৰল প্ৰক্ৰিয়া কৰা হ’ব।

ইয়াৰ অন্যান্য দিশসমূহ হ’ল-

  • নিয়মীয়াকৈ দৰমহা প্ৰাপ্তিঃ ছেলাৰী একাউন্টত অন্তত এমাহৰ দৰমহা জমা হ’ব লাগিব।
  • সৰীকৃত দাবী প্ৰক্ৰিয়াঃ প্ৰয়োজনীয় নথি-পত্ৰ প্ৰদানেৰে বেংকক দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিলে বীমাৰ সুবিধাৰ ক্ষেত্ৰত সহযোগ লাভ কৰিব।

এই বিষয়ে অধিক জানবিলৈ আপোনাৰ সমীপৰ বেংক শাখা বা ১৮০০-২০২-৬২৫৬ নম্বৰত যোগাযোগ কৰিব লাগিব।

এই সন্দৰ্ভত বিত্তমন্ত্ৰী অজন্তা নেওগে সামাজিক মাধ্যমত লিখে যে-ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ…মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ যুগান্তকাৰী সিদ্ধান্ত।এইবাৰ আগশাৰীৰ বেংকসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তিৰে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে নিম্নলিখিত পেকেজ প্ৰদান কৰিব:

ন্যূনতম ১ কোটি টকাৰ ব্যক্তিগত দুর্ঘটনাজনিত বীমা
সর্বাধিক ২ কোটি টকাৰ বিমান দুর্ঘটনাজনিত বীমা
সৰ্বাধিক ১ কোটি টকাৰ স্থায়ী সম্পূৰ্ণ পংগুত্বৰ বীমা
সর্বাধিক ৮০ লাখ টকাৰ স্থায়ী আংশিক পংগুত্বৰ বীমা
ন্যূনতম ১০ লাখ টকাৰ ম্যাদী জীৱন বীমা
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?
Hanuman Janmotsav 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ শুভ সময়
ধনৰ অভাৱ দূৰ কৰিবলৈ পাকঘৰত ৰাখক এই বস্তু, জানক সবিশেষ...
কৰমুক্ত IPLৰ পৰা কিদৰে ধন উপাৰ্জন কৰে চৰকাৰে?