ৰাজ্যত আৰক্ষী মেডিকেল কলেজ স্থাপনৰ পৰিকল্পনা চৰকাৰৰঃ গৃহমন্ত্ৰীৰ উপস্থিতিত জানিবলৈ দিলে মুখ্যমন্ত্ৰীয়ে
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দেৰগাঁৱত উন্নত প্রশিক্ষণ ব্যৱস্থা আৰু প্ৰযুক্তিৰ সমাহাৰেৰে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমীৰ শুভ উদ্বোধন কৰে। আনহাতে, কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে এই পুলিচ একাডেমীৰ আৱাসগৃহ নির্মাণ প্রকল্পৰো শিলান্যাস কৰে।

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দেৰগাঁৱত উন্নত প্রশিক্ষণ ব্যৱস্থা আৰু প্ৰযুক্তিৰ সমাহাৰেৰে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমীৰ শুভ উদ্বোধন কৰে। আনহাতে, কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে এই পুলিচ একাডেমীৰ আৱাসগৃহ নির্মাণ প্রকল্পৰো শিলান্যাস কৰে। সৰ্বমুঠ ১০২২ বিঘা ভূমি সামৰি ৰূপায়ণ কৰা এই প্ৰকল্পৰ প্রথম পর্যায়ত স্মার্ট শ্রেণীকোঠা থকা পাঁচ মহলীয়া ভৱন নির্মাণ কৰা হৈছে। এই লাচিত বৰফুকন পুলিচ একাডেমীৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ১০২৪ কোটি টকাৰ প্ৰকল্প গ্রহণ কৰিছে।
প্রায় ১৬৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আৰু আজি উদ্বোধন কৰা এই ভৱনত অস্ত্র ছিমুলেটৰ, পুথিভঁড়াল, কম্পিউটাৰ লেব, গৱেষণা লেব, আলোচনাচক্র কক্ষ, প্রশাসনিক কার্যালয় আদি সন্নিৱিষ্ট কৰা হৈছে। তদুপৰি এই প্রতিষ্ঠানখনৰ ইতিহাস ধৰি ৰাখিব পৰাকৈ এটা সংগ্ৰহালয়ৰ লগতে এখন আধুনিক পেৰেড গ্রাউণ্ডো নিৰ্মাণ কৰা হৈছে। এই প্রকল্পৰ দ্বিতীয় পর্যায়ত একাডেমীৰ আৱাসগৃহ নিৰ্মাণৰ বাবে ধাৰ্য কৰা আনুমানিক পুঁজিৰ পৰিমাণ হৈছে ৪২৫ কোটি টকা।
কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰা এই প্রকল্পৰ অন্তর্গত ২৪০ টা পৰিয়ালৰ বাবে আৱাসিক কোৱাৰ্টাৰ, ৩১২ জন বিষয়া-কর্মীৰ বাবে আৱাসিক হোষ্টেল আৰু ২৬৪০ জন প্রশিক্ষার্থীৰ বাবে আবাসিক হোষ্টেল নিৰ্মাণ কৰা হ’ব। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে লাচিত বৰফুকনৰ নামত অসমত পূর্বে এনে বৃহৎ প্রতিষ্ঠান গঢ় লৈ উঠা নাছিল।
মহাবীৰগৰাকীৰ জন্মৰ ৪০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে লাচিত বৰফুকনৰ নামত এনে এটা প্রতিষ্ঠান ৰাজ্য চৰকাৰে গঢ়ি তুলিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে এই পদক্ষেপ বাস্তৱায়িত কৰাত মাৰ্গদর্শন প্রদান কৰাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীক অসমবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে। নিজ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে লাচিত বৰফুকনৰ প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সদায়ে সন্মান প্ৰদৰ্শন কৰি অহা বুলি উনুকিয়ায়।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত থকাৰ লগতে লাচিত বৰফুকনৰ জীৱনী ভাৰতবৰ্ষৰ বিভিন্ন ভাষালৈ অনুবাদ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। সেই গ্রন্থ উদ্বোধন কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অসমলৈ আহিছিল বুলিও হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।
অসম আৰক্ষী ৰাজ্যখনৰ এক ঐতিহ্যমণ্ডিত অনুষ্ঠান বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেৰগাঁৱৰ অসম পুলিচ একাডেমীয়ে আৰক্ষীৰ বিষয়া-জোৱানক প্রশিক্ষণ প্রদান কৰি শক্তিশালী আৰক্ষী বাহিনীলৈ ৰূপান্তৰিত কৰাত সহায় কৰি আহিছে। তেওঁ কয় যে দেৰগাঁৱৰ পুলিচ একাডেমী লাচিত বৰফুকনৰ নামত সমর্পণ কৰি ১৬৭ কোটি টকা ব্যয়েৰে এই একাডেমীৰ ভৱন, আৰক্ষী সংগ্ৰহালয় নিৰ্মাণ কৰি উলিওৱা হৈছে।
পৰৱৰ্তী পৰ্যায়ত প্রায় ৪০০ কোটি টকা ব্যয়েৰে আৰক্ষী আৰু প্রশিক্ষার্থীৰ বাবে আৱাসগৃহ নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ লগতে কয়। মুখ্যমন্ত্রীয়ে কয় যে এই চৌহদতে গুৱাহাটীৰ সৰুসজাইৰ দৰে এক বৃহৎ ক্রীড়া প্রকল্প নির্মাণৰ বাবে ৰাজ্য চৰকাৰে সংকল্প লৈছে। তদুপৰি অসম পুলিচ একাডেমীৰ সমান্তৰালভাৱে দেৰগাঁৱৰ এই চৌহদত স্থানীয় ৰাইজক সহায় কৰিবৰ বাবে এখন চি বি এছ চিৰ স্কুল, নাছিং একাডেমী আৰু দক্ষতা প্রশিক্ষণ কেন্দ্ৰ ৰাজ্য চৰকাৰে গঢ়ি তুলিব বুলিও তেওঁ আশ্বাস দিয়ে।
ইয়াৰ ফলত অসম আৰক্ষীৰ লগতে স্থানীয় যুৱক-যুৱতীসকলো উপকৃত হ’ব বুলি তেওঁ মন্তব্য কৰে। ভৱিষ্যতে এই চৌহদত আৰক্ষী চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কথাও ৰাজ্য চৰকাৰে চিন্তা কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইফালে যোৱা চাৰি বছৰত ৰাজ্য চৰকাৰে চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে অসমে আজি আইন-শৃংখলাৰ দিশত এটা নতুন দিশলৈ গতি কৰিছে বুলি তেওঁ মন্তব্য কৰে।
তেওঁ উল্লেখ কৰে যে ২০২০ চনত অসমত ১,২১,৬০৯ টা অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈছিল। আনহাতে ২০২৪ বৰ্ষত গোচৰৰ সংখ্যা ৫০,২১৫ টা হ্রাস পাইছে। যোৱা চাৰে চাৰিবছৰত ৬০ শতাংশ অপৰাধ হ্রাস কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হৈছে বুলিও মুখ্যমন্ত্রীগৰাকীয়ে কয়। মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে ২০২০ চনত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা আছিল ১,৫৪,২৮০ টা আৰু ২০২৪ চনত ই ১৪,৮০০ লৈ হ্রাস পায়।
আৰক্ষীৰ অভিযোগনামা ২০২০ চনত ৪৭ শতাংশ আছিল যদিও আজি ৬৬ শতাংশলৈ বৃদ্ধি পাইছে বুলি তেওঁ দোহাৰে। ২০২০ চনত দোষী সাব্যস্তকৰণৰ হাৰ ৫.৫ শতাংশ আছিল। বর্তমান ২৫ শতাংশলৈ এয়া বৃদ্ধি পাইছে বুলি তথ্য প্ৰকাশ কৰি তেওঁ লগতে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ গোচৰ ২০২০ চনত ২৬,৩৫২ টা পঞ্জীয়ন হৈছিল আৰু ২০২৪ ত এই সংখ্যা ৫ হাজাৰলৈ হ্রাস পাইছে বুলি জানিবলৈ দিয়ে।
সম্প্রতি আইন-শৃংখলা পৰিস্থিতিৰ উন্নতি আৰু আন্দোলন বিৱৰ্জিত পৰিৱেশত অসমবাসীৰ জীৱনলৈ পৰিৱৰ্তন আহিছে বুলি মন্তব্য কৰি তেওঁ লগতে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা এডভান্টেজ আছাম ২.০ সন্মিলনত অসমে লাভ কৰা ৫.২৩ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱে ৰাজ্যখনক বিকাশৰ এক অনিৰূদ্ধ যাত্রালৈ আগুৱাই লৈ গৈছে বুলি উল্লেখ কৰে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আৰ্শীবাদত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰেৰণাত অসমে আজি দেশৰ এখন আগশাৰীৰ ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ পথত আগবাঢ়িছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ এই অনুষ্ঠানত জাহাজ, বন্দৰ আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকে।
লগতে কৃষি মন্ত্রী অতুল বৰা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিত্তমন্ত্ৰী অজন্তা নেওগ, জলসম্পদ মন্ত্ৰী পীযূষ হাজৰীকা, শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক মৃণাল শইকীয়া, ভরেন্দ্র নাথ ভৰালী, বিশ্বজিৎ ফুকনৰ উপৰি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন কুমাৰ ডেকা, অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, আৰক্ষী সঞ্চালক প্রধান হৰমীত সিং, অসম প্রদেশ বিজেপিৰ প্ৰভাৰী হবিশ দ্বিবেদী প্রমূখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।