5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শিক্ষাবৰ্ষৰ ছয় মাহ অতিক্ৰম, নাই মূল্যায়ন বহী! ৰাজ্য চৰকাৰৰ বিপক্ষে ক্ষোভ উজাৰিলে ডি ৱাই এফ আইয়ে

ৰাজ্যত আজিৰ পৰা আৰম্ভ হৈছে চলিত শিক্ষাবৰ্ষৰ দ্বিতীয় গোটৰ পৰীক্ষা। কিন্তু মূল্যায়নৰ বহী অবিহনেই দ্বিতীয় গোটৰ এই পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হৈছে বিদ্যালয়সমূহে। শিক্ষাবৰ্ষৰ ছয় মাহ অতিক্ৰম কৰাৰ পিছতো বিদ্যালয়সমূহত এইপৰ্যন্ত বিনামূলীয়া মূল্যায়ন আৰু অভ্যাসন বহী যোগান ধৰা নাই ৰাজ্যৰ শিক্ষা বিভাগে।

শিক্ষাবৰ্ষৰ ছয় মাহ অতিক্ৰম, নাই মূল্যায়ন বহী! ৰাজ্য চৰকাৰৰ বিপক্ষে ক্ষোভ উজাৰিলে ডি ৱাই এফ আইয়ে
শিক্ষা বিভাগৰ আজৱ কাণ্ড
Follow Us
monjit-dutta
Monjit Dutta | Published: 20 Sep 2024 22:49 PM

ৰাজ্যত চলিত শিক্ষাবৰ্ষৰ প্ৰায় ছয়মাহ সময় সম্পূৰ্ণ হৈছে। আজিৰ পৰা বিদ্যালয়সমূহত আৰম্ভ হৈছে দ্বিতীয় গোটৰ পৰীক্ষা। কিন্তু মূল্যায়নৰ বহী অবিহনেই দ্বিতীয় গোটৰ এই পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হৈছে বিদ্যালয়সমূহে। শিক্ষাবৰ্ষৰ ছয় মাহ অতিক্ৰম কৰাৰ পিছতো বিদ্যালয়সমূহত এইপৰ্যন্ত বিনামূলীয়া মূল্যায়ন আৰু অভ্যাসন বহী যোগান ধৰা নাই ৰাজ্যৰ শিক্ষা বিভাগে। শিক্ষা বিভাগৰ এনে অবিবেচক কাৰ্যই ৰাজ্যজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। এনে দায়িত্বজ্ঞানহীন কৰ্মকাণ্ডৰে ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ খেলা কৰাৰ অভিযোগ উত্থাপন হৈছে।

বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন -২০০৯ অনুসৰি অসমৰ চৰকাৰী বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিনামূলীয়া পাঠ্যপুথি আৰু বিনামূলীয়া মূল্যায়ন আৰু অভ্যাসন বহী(Evaluation and Practice Book) যোগান ধৰা হয়। কিন্তু শিক্ষাবৰ্ষৰ ছয় মাহ অতিক্ৰম কৰাৰ পিছতো ৰাজ্য চৰকাৰে বিনামূলীয়া মূল্যায়ন আৰু অভ্যাসন বহী যোগান নধৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

এনে কাৰ্যৰে শিক্ষা বিভাগে কণ কণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভবিষ্যতক লৈ খেলা কৰা বুলি অভিযোগ কৰি এই কাৰ্য কাৰ স্বাৰ্থত হ’বলৈ পালে তাক স্পষ্ট কৰিবলৈ দাবী জনাইছে ডি ৱাই এফ আইয়ে। ছাত্ৰ সংগঠনটোৱে লগতে মূল্যায়ন বহি বিতৰণৰ কাম শীঘ্ৰে কৰিবলৈও চৰকাৰক দাবী জনাইছে। মূল্যায়ন আৰু অভ্যাসন বহী অসমৰ চৰকাৰী বিদ্যালয়সমূহত ছেপ্টেম্বৰ মাহ পৰ্যন্ত যোগান ধৰা হোৱা নাই বুলি আঙুলিয়াই দি সংগঠনটোৱে চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে।

উল্লেখ্য যে সম্প্ৰতি এপ্ৰিল মাহত নতুন শিক্ষাবৰ্ষ আৰম্ভ হয়। চলিত শিক্ষাবৰ্ষত ৰাজ্য চৰকাৰে এপ্ৰিল মাহৰ পূৰ্বে পাঠ্যপুথি সময়মতে যোগান ধৰিব নোৱৰাৰ বাবেও যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। ডি ৱাই এফ আইয়ে এই প্ৰসঙ্গও উত্থাপন কৰি পাঠ্যপুথি সময়মতে যোগান ধৰিব নোৱৰা এই চৰকাৰৰ দিনত মূল্যায়ন আৰু অভ্যাসন বহীও সময়মতে যোগান ধৰিব নোৱাৰাটো স্বাভাৱিক ঘটনা যেনেই লগা হৈছে বুলি কটাক্ষ কৰে।

অসম চৰকাৰৰ শিক্ষা বিভাগে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে প্ৰকাশ কৰা শৈক্ষিক দিনপঞ্জী অনুযায়ী জুন, ছেপ্টেম্বৰ, নৱেম্বৰ আৰু মাৰ্চ- এই চাৰিটা মাহত মুঠ চাৰিটা মূল্যায়ন পাতিব লাগে। গতিকে ৫০% মূল্যায়ন প্ৰক্ৰিয়া শেষ হোৱালৈকে চৰকাৰে মূল্যায়ন আৰু অভ্যাসন বহী যোগান নধৰাটোৱে শিক্ষক, ছাত্ৰ, অভিভাৱক সকলোৰে চকু কঁপালত তুলিছে।

শিক্ষা বিভাগৰ এনে অকৰ্মণ্যতাক ধিক্কাৰ জনাই ডি ৱাই এফ আইয়ে অনতিপলমে এই মূল্যায়ন আৰু অভ্যাসন বহীসমূহ বিদ্যালয়সমূহত যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। লগতে কাৰ স্বাৰ্থত ছয় মাহ দেৰিলৈকে মূল্যায়ন বহী যোগান ধৰা হোৱা নাই, অসম চৰকাৰে সেয়া সেয়া স্পষ্ট কৰিব লাগে বুলিও সংগঠনটোৱে দাবী জনাইছে।

Latest News