Guwahati: গুৱাহাটীৰ ভৰলুমুখ আৰু ছয়মাইলৰ ১০০ জোপাৰো অধিক গছ কটাৰ প্ৰস্তুতি চৰকাৰৰ
Guwahati: উন্নয়নৰ নামৰ এখনৰ পৰা আনখন উৰণসেতু নিৰ্মাণ কৰা চৰকাৰখনে আৰম্ভ কৰিছে গছ কটা পৰ্ব। এইবাৰ অসম চৰকাৰে ভৰলুমুখ আৰু ছয়মাইলৰ বহু কেইজোপা পুৰণি গছ কাটিবলৈ প্ৰস্তুতি চলাইছে। ইয়াকে লৈ স্থানীয় ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আৰু গছ কটা সিদ্ধান্ত পৰিহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।
গছ থাকিলে মানুহ থাকিব! এই কথাষাৰি এতিয়া অসাৰ প্ৰতিপন্ন হৈছে। বাৰে বাৰে বুজোৱাৰ পাছতো বুজি নোপোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে উন্নয়নৰ নামত গছ কটা পৰ্ব আৰম্ভ কৰিছে। দীঘলীপুখুৰীৰ প্ৰায় ২৫ জোপা পুৰণি গছ কটা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ পাছত এইবাৰ চৰকাৰে ভৰলুমুখ আৰু ছয়মাইলৰ গছ কটাৰ প্ৰস্তুতি চলাইছে। জানিব পৰা মতে উন্নয়নৰ নামত অসম চৰকাৰে ভৰলুমুখৰ প্ৰায় ৭০ জোপা আৰু ছয়মাইলৰ প্ৰায় ৭০ জোপাকৈ গছ কটাৰ বাবে যো- জা চলাইছে। কাটিবলগীয়া গছসমূহত বিভাগীয় কৰ্তৃপক্ষই চিহ্ন দিয়াৰ পাছতেই ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।
বিগত কেইটামান বছৰ ধৰি গুৱাহাটীত এখনৰ পাছত আনখন উৰণসেতু নিৰ্মাণ হৈ আছে। ইতিমধ্যে এনে উৰণসেতু নিৰ্মাণৰ ফলত শ শ গছ কাটি পেলোৱা হৈছে। ইয়াৰ মাজতে গুৱাহাটীৰ ভৰলুমুখৰ ৰে’ল লাইনৰ ওপৰেদি নিৰ্মাণ হ’বলগীয়া উৰণসেতুৰ বাবে চৰকাৰে প্ৰায় ৭০ জোপা গছ কটাৰ যো- জা চলাইছে। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। গছ কটাৰ বিৰোধিতা কৰি স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গছ কটা সিদ্ধান্ত পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে, ভৰলুৰ ৰে’ল লাইনৰ ওপৰেদি উৰণসেতু নিৰ্মাণৰ বাবে অসম চৰকাৰক আহ্বান জনাইছিল অঞ্চলটোৰ স্থানীয় ৰাইজে। উৰণসেতু নিৰ্মাণৰ ক্ষেত্ৰত প্ৰকৃতিৰ যাতে কোনো ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ‘Y’ আকৃতিৰ এখন নক্সাও প্ৰস্তুত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত এই নক্সা সলনি কৰে লোকনিৰ্মাণ বিভাগে। যাৰ বাবে নতুন নক্সাৰ আৰ্হিত ভৰলুমুখত উৰণসেতু নিৰ্মাণৰ বাবে বহু কেইজোপা গছ কটা যাব।
চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে বৃহস্পতিবাৰে অঞ্চলটোৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈ, সকলোৱে এই প্ৰতিবাদত অংশ গ্ৰহণ কৰি গছ ৰক্ষা কৰিবলৈ অনুৰোধ জনায়। একাংশ জ্যেষ্ঠ নাগৰিকে কয় যে, গছ কাটিলে কি হ’ব সকলোৱে জানে। গছ নহ’লে মানুহ কেনেদৰে চলিব? ভৰলু এখন শান্তিপ্ৰিয় ঠাই। গতিকে গছ থাকক ৰাস্তাও থাকক। গছ কাটিব নালাগে। গছ কটাৰ ফলত কি হ’ব সেই কথা জানিও মুখ্যমন্ত্ৰীয়ে এনে কাম কৰিবলৈ ওলাইছে। এনে কাম নকৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ৰাইজৰ।
লগতে কয় যে, গছ কাটি গুৱাহাটীৰ দুৰৱস্থা কৰিব নালাগে। অসমৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ মানুহ ইয়ালৈ আহে। যদি গছেই নাথাকে সৌন্দৰ্য থাকিব ক’ত? সেয়ে গছ কাটিব নালাগে বুলি দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।
আনহাতে ছয়মাইলতো প্ৰায় ৬০ জোপা গছ কটাৰ প্ৰস্তুতি চলাইছে চৰকাৰে। স্বাস্থ্য ভৱন নিৰ্মাণৰ নামত বহু পুৰণি গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। জানিব পৰা মতে ছয়মাইলত কেইবাটা বিভাগৰ চৰকাৰী কাৰ্যালয় আছে। এই কাৰ্যালয়সমূহ অতি পুৰণি আৰু জহি খহি গৈছে। যাৰ বাবে এই ঠাইত থকা গছসমূহ কাটি চৰকাৰী ভৱনসমূহ পুনৰ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে চৰকাৰে। ইয়াকে লৈ ছয়মাইলতো স্থানীয় ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে গুৱাহাটীৰ বহু গছ কাটি তহিলং কৰিছে চৰকাৰে। গুৱাহাটীৰ উন্নয়নৰ নামত এজোপাৰ পাছত আনজোপা গছ কাটি ভৱিষ্যত প্ৰজন্মলৈ এক অশনি সংকট মাতি আনিছে চৰকাৰে। বৃদ্ধি হোৱা প্ৰদূষণ, জলবায়ু পৰিবৰ্তন আদি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ গছে আমাক সহায় কৰে। কিন্তু যদি গছেই নাথাকে তেন্তে কেনেকৈ জীয়াই থাকিব মানুহ? নোহোৱা হৈ যাব প্ৰাকৃতিক ভাৰাসাম্য।
বিগত কেইটামান বছৰৰ পৰা গুৱাহাটীত অস্বাভাৱিক তাপমাত্ৰা বৃদ্ধি হৈছে। এইবাৰো গৰমে গুৱাহাটীত গৰমে ৰচিছে ইতিহাস। যদি ফ্লাই অভাৰ নিৰ্মাণৰ নামত চৰকাৰে গছ কটা পৰ্বৰ অন্ত নেপেলাই তেন্তে ভৱিষ্যত অসম লঠঙা হৈ পৰিব। গছ, নদী, প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত অসম পাছৰ পৰ্যায়লৈ গছ কটা পৰ্বতহে অভিলেখ সৃষ্টি কৰিব।