শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এইখন চহৰত কিন্নৰ সমাজৰ বাবে আশ্ৰয় গৃহ সজাৰ ঘোষণা চৰকাৰৰ

কিন্নৰসকলৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে । গুৱাহাটীত কিন্নৰসকলৰ বাবে নিৰ্মাণ কৰা হ'ব আশ্ৰয় গৃহ । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই কথা ।

এইখন চহৰত কিন্নৰ সমাজৰ বাবে আশ্ৰয় গৃহ সজাৰ ঘোষণা চৰকাৰৰ
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Published: 12 Mar 2025 15:43 PM

তৃতীয় লিংগ বা কিন্নৰ, এওঁলোকৰ বিষয়ে হয়তো আপুনিও নজনা নহয় । ট্ৰেইনত, ডাঙৰ ডাঙৰ চহৰসমূহত বাছত বা আন কোনো স্থানতো এওঁলোকক আপোনালোকে নিশ্চয় দেখিছে । ভাৰতৰ বহু ৰাজ্যত মানুহৰ ঘৰত মাংগলিক কোনো অনুষ্ঠান হ’লে কিন্নৰসকলৰ আশীৰ্বাদ লোৱাৰ পৰম্পৰাও আছে ।

বহুতেই কিন্তু কিন্নৰসকলক হেয় চকুৰেও চায় । বহু সময়ত প্ৰশ্ন উঠে, পুৰুষ বা মহিলাৰ দৰে আমাৰ সমাজত কিন্নৰ সকলৰ সসন্মানে জীয়াই থকাৰ অধিকাৰ নাই নেকি? শেহতীয়াকৈ কিন্নৰসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে অসম চৰকাৰে ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত গুৱাহাটীত তৃতীয় লিংগৰ সমাজৰ বাবে এক আশ্ৰয় গৃহ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে । সৰ্বাংগীনতাক আঁকোৱালি কিন্নৰ সমাজক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে পদক্ষেপ লৈছে চৰকাৰে । অসম বিধানসভাৰ বাজেট অধিবেশনৰ সময়ত প্ৰৱৰ্তনৰ ঘোষণা কৰা এই আশ্ৰয় শিবিৰৰ লক্ষ্য হৈছে কিন্নৰসকলৰ বাবে এক নিৰাপদ, সুৰক্ষিত, আৰু সহায়কাৰী পৰিৱেশৰ ব্যৱস্থা কৰা, তেওঁলোকৰ থাকিবলৈ ঠাই আৰু অত্যাৱশ্যকীয় সম্পদৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰা ।

এই পদক্ষেপ কিন্নৰ সম্প্ৰদায়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে চৰকাৰৰ বহল প্ৰচেষ্টাৰ অংশ, তেওঁলোকক মৰ্যাদাৰে জীয়াই থাকিব পৰাকৈ এক স্থান প্ৰদান কৰা ।

নিজৰ অফিচিয়েল এক্স হেণ্ডেলত অসমৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এই পদক্ষেপে ৰাজ্য চৰকাৰৰ সৰ্বাংগীনতাৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰিছে । এক্সত তেওঁ কয়, “আমাৰ চৰকাৰে অন্তৰ্ভুক্তিৰ নতুন যুগত কথা কৈছে । আমি গুৱাহাটীত কিন্নৰ সমাজৰ বাবে এটা নিৰ্দিষ্ট আশ্ৰয় গৃহ স্থাপন কৰিছো, যাতে তেওঁলোকে থাকিবলৈ নিৰাপদ স্থান পায় ।”