5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এমাহত দুবাৰ! পুনৰ ৯০০ কোটি টকাৰ ঋণ ল’ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে…

পুনৰ ৯০০ কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। চলিত বৰ্ষৰ ৩ ডিচেম্বৰত ঋণ লোৱাৰ পাছতেই ৰাজ্য চৰকাৰে পুনৰ ঋণ ল'বলৈ সাজু হৈছে।২০২৪ বৰ্ষৰ আৰম্ভণিৰ প্ৰথম ১৬ টা দিনতে ১৭৫০ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে। তেতিয়াৰ পৰা চৰকাৰৰ এই ধাৰা অব্যাহত আছে।

এমাহত দুবাৰ! পুনৰ ৯০০ কোটি টকাৰ ঋণ ল’ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে…
হিমন্ত বিশ্ব শৰ্মা
barasha-sarma
Barasha Sarma | Published: 22 Dec 2024 22:20 PM

ঋণ ল’বলৈ কুণ্ঠাবোধ নকৰে ৰাজ্য চৰকাৰে। পুনৰ ঋণ ল’বলৈ সাজু ৰাজ্য চৰকাৰ। চলিত মাহৰ ৩ ডিচেম্বৰত ৰাজ্য চৰকাৰে ৯০০ কোটি টকাৰ ঋণ লোৱাৰ পাছতে এতিয়া পুনৰ ৯০০ কোটি ঋণ ল’বলৈ সাজু হৈছে। ১০ বছৰৰ বাবে ছিকিউৰিটি নিলামৰ জৰিয়তে ৰাজ্য চৰকাৰে ২৪ ডিচেম্বৰ, ২০২৪ ত ৯০০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে এই সম্পৰ্কত ৰাজ্য চৰকাৰে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে।

মন কৰিবলগীয়া যে, পূৰ্বতে অসম চৰকাৰে এমাহ বা দুমাহৰ মূৰে মূৰে ঋণ লৈছিল। কিন্তু এতিয়া এটা মাহতে দুবাৰকৈ ঋণ ল’বলৈ আগবাঢ়িছে মুখ্যমন্ত্ৰী নেতৃত্বাধীন বিজেপি চৰকাৰ। সঘনাই চৰকাৰে ঋণ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধিয়ে প্ৰায়ে সমালোচনা কৰি আহিছে আৰু কৈছে যে ঋণৰ ধন কোনো উৎপাদনশীল কামত ব্যৱহাৰ হোৱা নাই। বিৰোধী দলসমূহে লগতে এয়াও অভিযোগ কৰিছে যে, একমাত্ৰ ভোটৰ স্বাৰ্থত চৰকাৰথনে হিতাধিকাৰী সৃষ্টিৰ বাবে আঁচনি ৰূপায়নৰ নামৰ কোটি কোটি টক ঋণ লৈ আহিছে।

উল্লেখ্য যে, স্বাধীনতাৰ পাছৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষলৈকে অসমত চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা। ২০১৬ চনত সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ শাসনভাৰ লোৱাৰ পাছৰে পৰা ইয়াৰ পৰিমাণ হয়গৈ ৪৭,৭৪৫ কোটি টকা। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেন ভংগ কৰিলে সকলো অভিলেখ। যোৱা ৩ বছৰৰ, মাৰ্চ মাহলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল ৬১,১৯১ কোটি টকা। এনে পৰিস্থিতিত চৰকাৰৰ ঋণৰ পৰিমাণ মাৰ্চ মাহলৈ আছিল ১,৫০,৯০০ কোটি টকা। গতিকে সময়ে সময়ে অসমৰ ঋণৰ বোজা বৃদ্ধি পাই থকা দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, চলিত বৰ্ষত প্ৰকাশ পোৱা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ প্ৰতিবেদনত অসম চৰকাৰক ঋণ লোৱাৰ ক্ষেত্ৰত সকীয়নি প্ৰদান কৰিছিল।  কিন্তু তাৰ পাছতো চৰকাৰে ঋণ ল’ব এৰা নাই। ২০২৪ বৰ্ষৰ আৰম্ভণিৰ প্ৰথম ১৬ টা দিনতে ১৭৫০ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে। তেতিয়াৰ পৰা বছৰৰ শেষৰ দিনকেইটালৈ চৰকাৰৰ ঋণ লোৱাৰ ধাৰা অব্যাহত আছে। তথ্য অনুসৰি ২০২৩ বৰ্ষতো ১০,০০০ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে।

এক কথাত ক’ব পাৰি যে ঋণ লৈ ৰাজ্য চলাই আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। লক্ষণীয় যে, চৰকাৰে প্ৰায় নিতৌ হিতাধিকাৰী সৃষ্টি কৰিবৰ বাবে আঁচনি ৰূপায়ন কৰি আহিছে। এই আঁচনিসমূহৰ বাবে চৰকাৰে কোটি কোটি টকা ধাৰ্য কৰে যাৰ বাবে এমাহত দুবাৰকৈ ঋণ ল’ব লগাৰ পৰিস্থিতি সৃষ্টি হয়। যদি এনেদৰেই চলি থাকে সকলো তেন্তে ঋণ লোৱাৰ ক্ষেত্ৰত সকলো অভিলেখ ভংগ কৰিব অসম চৰকাৰে।

 

অন্য খবৰ পঢ়কঃ Assam govt: পুনৰ ২৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে, মুঠ পৰিমাণ হ’বগৈ ১.৫ লাখ কোটিৰো অধিক

Latest News