5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam govt: পুনৰ ২৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে, মুঠ পৰিমাণ হ’বগৈ ১.৫ লাখ কোটিৰো অধিক

Assam govt loan: ২০১৬ চনত সৰ্বানন্দ সোণোৱালে শাসনভাৰ লোৱাৰ পাছত ইয়াৰ পৰিমাণ হৈছিল গৈ ৪৮,৮০১ কোটি টকা। কিন্তু মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যেন সকলো অভিলেখ ভংগ কৰি পেলালে।

Assam govt: পুনৰ ২৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে, মুঠ পৰিমাণ হ’বগৈ ১.৫ লাখ কোটিৰো অধিক
অসম চৰকাৰৰ ঋণ
Follow Us
barasha-sarma
Barasha Sarma | Published: 24 Sep 2024 11:36 AM

ঋণৰ বোজাত ককবকাইছে অসম চৰকাৰ। যোৱা ১৭ ছেপ্টেম্বৰত অসমৰ হিমন্ত বিশ্বৰ শৰ্মাৰ চৰকাৰখনে ৫০০ কোটি ঋণ লোৱাৰ পাছত ২৪ ছেপ্টেম্বৰত পুনৰ ২৫০ কোটি ঋণ লোৱাৰ যো- জা কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা তথ্য অনুসৰি ২৫০ কোটি টকীয়া এই ঋণ চৰকাৰে ৭ বছৰীয়া ম্যাদত ল’ব বিচাৰিছে। প্ৰায় প্ৰতিমাহে ঋণ লৈ অহাৰ ফলত অসম চৰকাৰৰ ঋণৰ পৰিমাণ হৈছে গৈ ১ লাখ ৫৫ হাজাৰ কোটি টকাৰো অধিক। চৰকাৰৰ বণ্ড নিলামত ৰাখিও হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ঋণ লৈ গৈছে।

উল্লেখ কৰা প্ৰয়োজন যে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ প্ৰতিবেদনত শেহতীয়াকৈ অসম চৰকাৰক ঋণ লোৱাৰ ক্ষেত্ৰত সকীয়নি প্ৰদান কৰিছে। তাৰ পাছতো ঋণ ল’ব এৰা নাই চৰকাৰে। ২০২৪ বৰ্ষৰ প্ৰথম ১৬ টা দিনতে ১৭৫০ কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে। তেতিয়াৰ পৰা এই ধাৰা বৰ্তমানলৈ অব্যাহত আছে।

২০২৩ বৰ্ষত ১০ হাজাৰ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে। তথ্য অনুসৰি ২০২৩ চনৰ জানুৱাৰী মাহত ১৮০০ কোটি টকাৰ ঋণ লৈছিল। ডিচেম্বৰ মাহতো চৰকাৰখনে ১৫০০ কোটি টকাৰ ঋণ লৈছিল। জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈ চৰকাৰখনে মুঠ ১০ হাজাৰ কোটি টকাৰ ঋণ লৈছিল। কিন্তু ইমানৰ পাছতো থমকি ৰোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ।

এক কথাত ক’ব পাৰি যে ঋণ লৈ লৈ চৰকাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাই।  নিতৌ ন ন আঁচনি উলিয়াই হিতাধিকাৰী সৃষ্টি কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ঋণৰ সূদ পৰিশোধ কৰাৰ নামতে প্ৰতিমাহে দিব লাগে হাজাৰ হাজাৰ কোটি টকা।  এনে পৰিস্থিতিত বাৰে বাৰে মুখ্যমন্ত্ৰীগৰাকীক একাংশই সাৱধান কৰি আহিছে যদিও ঋণ লোৱা বিষয়টো তেওঁ ইতিবাচক হিচাপেহে গণ্য কৰি আহিছে।

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অসমৰ প্ৰায় প্ৰতিগৰাকীকে হিতাধিকাৰী বনাব বিচাৰে। এই হিতাধিকাৰীৰ বাবেই ঋণ লৈ চৰকাৰে আঁচনি ৰূপায়ন কৰে। মাহে মাহে ঋণ লোৱাৰ পাছতো কোনো উৎপাদনশীল কামত ব্যয় নকৰাকলৈও প্ৰশ্নৰ উত্থাপন হৈছে। ভোটৰ অংকত এই মোটা অংকৰ ধন চৰকাৰে ব্যয় কৰি আহিছে বুলি বিৰোধিসকলে অভিযোগ তোলে।

উল্লেখ কৰাৰ প্ৰয়োজন যে, প্ৰাক্তন মুখ্যমন্ত্ৰী শৰত চন্দ্ৰ সিংহৰ দিনত ৪০০ কোটি টকা, হিতেশ্বৰ শইকীয়াৰ দিনত ১৫ হাজাৰ কোটি টকা, প্ৰফুল্ল মহন্তৰ দিনত ২০ হাজাৰ কোটি টকা ঋণ লওঁতেই ৰাজ্যত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু  এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত ঋণৰ পৰিমাণে চুইছে ডেৰ লাখ কোটিৰ ঘৰ।  স্বাধীনতাৰ পাছৰে পৰা তৰুণ গগৈ চৰকাৰ শেষ হোৱালৈকে অসমৰ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা। ২০১৬ চনত সৰ্বানন্দ সোণোৱালে শাসনভাৰ লোৱাৰ পাছত ইয়াৰ পৰিমাণ হৈছিল গৈ ৪৮,৮০১ কোটি টকা। কিন্তু মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যেন সকলো অভিলেখ ভংগ কৰি পেলালে।

Latest News