আশাৰ ৰেঙণি! আৰক্ষীয়ে প্ৰহাৰ কৰা জ্ঞানদ্বীপ হাজৰিকালৈ USTM ৰ চাকৰি…
পুনৰ চৰ্চালৈ আহিছে ইউ এছ টি এম। কিছুদিন পূৰ্বে আৰক্ষীয়ে ৰাজপথত প্ৰহাৰ কৰা জ্ঞানদ্বীপ হাজৰিকাক চাকৰি প্ৰদান কৰে USTM কৰ্তৃপক্ষই। ইতিমধ্যে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই এই কথা সদৰি কৰিছে। ইয়াৰ বাবে USTM কৰ্তৃপক্ষক সাক্ষাতো কৰিছে জ্ঞানদ্বীপে।
গুৱাহাটীৰ ৰাজপথত আৰক্ষীয়ে প্ৰহাৰ কৰা জ্ঞানদ্বীপ হাজৰিকালৈ USTM ৰ চাকৰি। ডেলিভাৰী বয় হিচাপে কৰ্মৰত যুৱকজনক ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকনলজি, মেঘালয় কৰ্তৃপক্ষই দিছে নতুন কামৰ সন্ধান। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২৫ নৱেম্বৰত ইউ এছ টি এম (University of Science and Technology, Meghalaya)ৰ অধ্যক্ষ মাহবুবুল হকক সাক্ষাৎ কৰিছিল কটন কলেজৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদ্বীপ হাজৰিকাই। তাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ইউ এছ টি এম কৰ্তৃপক্ষই। ইতিমধ্যে আনুষ্ঠানিকভাৱে শিক্ষানুষ্ঠানে এই কথা সদৰি কৰিছে। সকলো ঠিকে ঠাকে কৰিলে জ্ঞানদ্বীপে USTM ত নতুন চাকৰিত যোগদান কৰিব।
এই সন্দৰ্ভত জ্ঞানদ্বীপ হাজৰিকাই কয় যে, মোৰ বাবে এয়া ভাল খবৰ। বিগত সময়চোৱাত মই বহু কষ্টৰ সন্মুখীন হৈছিলো। তেওঁ যি পদক্ষেপ ল’লে তাক লৈ মই বহুত সুখী। জ্ঞানদ্বীপে লগতে কয় যে, এই পদক্ষেপৰ বাবে মাহবুবুল হক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ বহুত মৰমিয়াল। তেওঁ মোক মাতি নি গামোচা পিন্ধাইছে আৰু সাহস, আশীৰ্বাদ দিছে। ইয়াৰ লগতে জ্ঞানদ্বীপৰ বেয়া সময়ত তেওঁৰ হৈ থিয় দিয়া প্ৰতিগৰাকী বন্ধু আৰু সমূহ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে, যোৱা কেইটামান দিনত যথেষ্ঠ চৰ্চাত আছিল কটন কলেজৰ প্ৰাক্তন তথা মেধাৱী ছাত্ৰ জ্ঞানদ্বীপ হাজৰিকা। ডেলিভাৰী বয় হিচাপে কৰ্মৰত যুৱকজনক সামান্য কথাতে পানবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰাই ৰাজপথত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল। এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ভিডিঅ’টোত দেখা পোৱা গৈছিল যে খঙত উত্ৰাৱল হৈ আৰক্ষী বিষয়াগৰাকীয়ে কেইবাবাৰো ঘূচিয়াইছিল জ্ঞানদ্বীপক।
ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বিভিন্নজনে ইয়াৰ সমালোচনা কৰিছিল আৰু আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। পৰৱৰ্তী সময়ত এইগৰাকী আৰক্ষী বিষয়াক নিলম্বন কৰাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।
এই ঘটনাৰ পাছত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে জ্ঞানদ্বীপৰ লগতে আৰক্ষীয়েও নিজাববীয়াকৈ এজাহাৰ দাখিল কৰিছিল। অ’চি ভাৰ্গৱ বৰবৰাই জ্ঞানদ্বীপক ডিঙি চেপি ধৰাৰ লগতে ‘মাৰি পেলাম’ বুলি কৈছিল। যাৰ বাবে নিলম্বিত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু হৈ আছে। গোচৰ প্ৰমাণিত হ’লে ১০ বছৰ পৰ্যন্ত জেল হ’ব পাৰে ভাৰ্গৱ বৰবৰাৰ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া তদন্ত চলি আছে।