শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শান্তি চুক্তি-সীমা বিবাদ নিষ্পত্তিৰ জৰিয়তে অসম হৈ পৰিছে সীমাহীন সুযোগৰ ভূমি : প্ৰধানমন্ত্ৰী মোদী

তেওঁ লগতে কয় যে, অসম ষ্টাৰ্ট আপ ইউনিটৰ গন্তব্যস্থান হৈ পৰিছে আৰু অতি সোনকালে উত্তৰ-পূর্বাঞ্চলৰ বাবে উৎপাদনৰ হাব হৈ পৰিব ৷ লগতে অসমৰ ভৱিষ্যত সম্ভাৱনীয়তাক লৈ কি ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

শান্তি চুক্তি-সীমা বিবাদ নিষ্পত্তিৰ জৰিয়তে অসম হৈ পৰিছে সীমাহীন সুযোগৰ ভূমি : প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদী
manas-borah
Manas Borah | Published: 25 Feb 2025 15:42 PM

“অসম ষ্টাৰ্ট-আপৰ গন্তব্যস্থান হৈ পৰিছে আৰু অতি সোনকালে উত্তৰ-পূব অঞ্চলৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।” এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উদ্বোধন কৰি দিয়া ভাষণত এই মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ কয় যে, বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ আৰু সীমা বিবাদ নিষ্পত্তি কৰাৰ পাছত অসমে “অন্তহীন সুযোগৰ ভূমি” হিচাপে আত্মপ্ৰকাশ কৰিছে ।

“শান্তি চুক্তি আৰু সীমান্ত বিবাদ নিষ্পত্তিৰ জৰিয়তে অসম হৈ পৰিছে সীমাহীন সুযোগৰ ভূমি। ৰাজ্যখন দ্ৰুত উন্নয়নৰ দিশে আগবাঢ়িছে। দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে অসমৰ প্ৰাকৃতিক সম্পদ আৰু কৌশলগত অৱস্থানে ৰাজ্যখনক বিনিয়োগকাৰীৰ বাবে পছন্দৰ গন্তব্যস্থান কৰি তুলিছে।” এইদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে কয় যে, অসম ষ্টাৰ্ট আপ ইউনিটৰ গন্তব্যস্থান হৈ পৰিছে আৰু অতি সোনকালে উত্তৰ-পূর্বাঞ্চলৰ বাবে উৎপাদনৰ হাব হৈ পৰিব ৷ লগতে মোদীয়ে দৃঢ়তাৰে কয় যে, বিজেপিৰ শাসনত অসমৰ অৰ্থনীতিৰ মূল্য দুগুণ বৃদ্ধি পাই ৬ লাখ কোটি টকা হৈছে আৰু এয়াই ‘ডাবল ইঞ্জিন’ চৰকাৰৰ প্ৰভাৱ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে

বিশ্বৰ অস্থিৰতাৰ মাজতো ভাৰতৰ অৰ্থনৈতিক বিকাশ নিশ্চিতৰূপত আগবাঢ়িছে বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীয়ে কয় যে, যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবেই ভাৰতে প্ৰগতি আজিৰ এই পৰ্যায়ত উপনীত হৈছে । দৰিদ্ৰতাৰ পৰা ওলাই অহা আৰু নতুন আকাংক্ষা থকা নতুন মধ্যবিত্ত শ্ৰেণীটোৱে দেশখনক উন্নয়নৰ পথত আগুৱাই নিব বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে । একে সময়তে ৰাজনৈতিক স্থিতিশীলতা, সুশাসন আৰু সংস্কাৰে ভাৰতৰ প্ৰতি বিশ্বৰ আশা বৃদ্ধি কৰিছে দাবী কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।