শান্তি চুক্তি-সীমা বিবাদ নিষ্পত্তিৰ জৰিয়তে অসম হৈ পৰিছে সীমাহীন সুযোগৰ ভূমি : প্ৰধানমন্ত্ৰী মোদী

তেওঁ লগতে কয় যে, অসম ষ্টাৰ্ট আপ ইউনিটৰ গন্তব্যস্থান হৈ পৰিছে আৰু অতি সোনকালে উত্তৰ-পূর্বাঞ্চলৰ বাবে উৎপাদনৰ হাব হৈ পৰিব ৷ লগতে অসমৰ ভৱিষ্যত সম্ভাৱনীয়তাক লৈ কি ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

শান্তি চুক্তি-সীমা বিবাদ নিষ্পত্তিৰ জৰিয়তে অসম হৈ পৰিছে সীমাহীন সুযোগৰ ভূমি : প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদী

Published: 

25 Feb 2025 15:42 PM

“অসম ষ্টাৰ্ট-আপৰ গন্তব্যস্থান হৈ পৰিছে আৰু অতি সোনকালে উত্তৰ-পূব অঞ্চলৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।” এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উদ্বোধন কৰি দিয়া ভাষণত এই মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ কয় যে, বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ আৰু সীমা বিবাদ নিষ্পত্তি কৰাৰ পাছত অসমে “অন্তহীন সুযোগৰ ভূমি” হিচাপে আত্মপ্ৰকাশ কৰিছে ।

“শান্তি চুক্তি আৰু সীমান্ত বিবাদ নিষ্পত্তিৰ জৰিয়তে অসম হৈ পৰিছে সীমাহীন সুযোগৰ ভূমি। ৰাজ্যখন দ্ৰুত উন্নয়নৰ দিশে আগবাঢ়িছে। দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে অসমৰ প্ৰাকৃতিক সম্পদ আৰু কৌশলগত অৱস্থানে ৰাজ্যখনক বিনিয়োগকাৰীৰ বাবে পছন্দৰ গন্তব্যস্থান কৰি তুলিছে।” এইদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে কয় যে, অসম ষ্টাৰ্ট আপ ইউনিটৰ গন্তব্যস্থান হৈ পৰিছে আৰু অতি সোনকালে উত্তৰ-পূর্বাঞ্চলৰ বাবে উৎপাদনৰ হাব হৈ পৰিব ৷ লগতে মোদীয়ে দৃঢ়তাৰে কয় যে, বিজেপিৰ শাসনত অসমৰ অৰ্থনীতিৰ মূল্য দুগুণ বৃদ্ধি পাই ৬ লাখ কোটি টকা হৈছে আৰু এয়াই ‘ডাবল ইঞ্জিন’ চৰকাৰৰ প্ৰভাৱ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে

বিশ্বৰ অস্থিৰতাৰ মাজতো ভাৰতৰ অৰ্থনৈতিক বিকাশ নিশ্চিতৰূপত আগবাঢ়িছে বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীয়ে কয় যে, যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবেই ভাৰতে প্ৰগতি আজিৰ এই পৰ্যায়ত উপনীত হৈছে । দৰিদ্ৰতাৰ পৰা ওলাই অহা আৰু নতুন আকাংক্ষা থকা নতুন মধ্যবিত্ত শ্ৰেণীটোৱে দেশখনক উন্নয়নৰ পথত আগুৱাই নিব বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে । একে সময়তে ৰাজনৈতিক স্থিতিশীলতা, সুশাসন আৰু সংস্কাৰে ভাৰতৰ প্ৰতি বিশ্বৰ আশা বৃদ্ধি কৰিছে দাবী কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

Related Stories
ৰাজ্যৰ ৪ হাজাৰ “ফৰেষ্ট ভিলেজ”ত নাই টেলিকম সেৱা ! কেন্দ্ৰক কি আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ?
Advantage Assam 2.0 : গুৱাহাটী ৰে’লৱে ষ্টেচনত নিৰ্মাণ হ’ব বিশ্বমানৰ আইটি হাব: ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিলে কেইবাটাও ভাল খবৰ
Advantage Assam 2.0 : প্ৰথম দিনটোত ৯০ হাজাৰ কোটিৰো অধিক মূল্যৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
Advantage Assam 2.0 : অসমে লাভ কৰিব চাৰিটা হাইপাৰস্কেল ডাটা চেণ্টাৰ, যিটো হ’ব এছিয়াৰ সৰ্ববৃহৎ, জ্যোতিৰাদিত্য সিন্ধিয়াৰ ডাঙৰ ঘোষণা…
Fake encounter: অসম আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত ভুৱা এনকাউন্টাৰৰ গোচৰৰ ৰায় সংৰক্ষিত ৰাখিলে সৰ্বোচ্চ ন্যায়ালয়ে
Advantage Assam 2.0: ১ লাখ যুৱক-যুৱতীয়ে পাব কৰ্মসংস্থাপনৰ সুযোগ ! অসম-ত্ৰিপুৰাৰ তেল আৰু গেছ খণ্ডত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বেদান্তা গ্ৰুপে
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক