5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

তাপমাত্ৰা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত, পূৰ্বৰ অভিলেখ ভংগ কৰিলে গুৱাহাটী-ডিব্ৰুগড়ৰ তাপমাত্ৰাই

ছেপ্টেম্বৰ মাহত ৰাজ্যখনত উষ্ণতা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত আছে । প্ৰচণ্ড গৰমে জলা-কলা খুৱাইছে ৰাজ্যবাসীক । ক্ৰমাগত কেইবছৰ মানৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যখনৰ আন আন চহৰত বৰ্দ্ধিত তাপমাত্ৰাই অভিলেখ ভংগ কৰিছে । এই সময়ছোৱাত পূৰ্ব বছৰবোৰৰ স্বাভাৱিক তাপমাত্ৰাতকৈ প্ৰায় ৫ পৰা ৭ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি পাইছে।

তাপমাত্ৰা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত, পূৰ্বৰ অভিলেখ ভংগ কৰিলে গুৱাহাটী-ডিব্ৰুগড়ৰ তাপমাত্ৰাই
প্ৰতীকী ফটো
Follow Us
manas-borah
Manas Borah | Updated On: 22 Sep 2024 09:21 AM

ছেপ্টেম্বৰ মাহৰ শেষফালে উত্তৰ-পূবৰ ৰাজ্যখনত নাতিশীতোষ্ণ পৰিৱেশে বিৰাজ কৰে যদিও এইবছৰ প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক । ছেপ্টেম্বৰ মাহত ৰাজ্যখনত উষ্ণতা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত আছে । প্ৰচণ্ড গৰমে জলা-কলা খুৱাইছে ৰাজ্যবাসীক । ক্ৰমাগত কেইবছৰ মানৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যখনৰ আন আন চহৰত বৰ্দ্ধিত তাপমাত্ৰাই অভিলেখ ভংগ কৰিছে । এই সময়ছোৱাত পূৰ্ব বছৰবোৰৰ স্বাভাৱিক তাপমাত্ৰাতকৈ প্ৰায় ৫ পৰা ৭ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি পাইছে।

গুৱাহাটী বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰকাশিত তথ্য অনুসৰি, গুৱাহাটীত ২০২৩ চনৰ ৪ ছেপ্টেম্বৰ দিনটো আটাইতকৈ গৰমৰ দিন হিচাপে পৰিগণিত হৈছিল । এই দিনটোত ৩৮.২ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল । কিন্তু শনিবাৰৰ দিনটোত ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটী তাপমাত্ৰাই ২০২৩ চনৰ এই অভিলেখ স্পৰ্শ কৰে ।

একেদৰে ডিব্ৰুগড় চহৰৰ তাপমাত্ৰাইও যোৱা বছৰৰ বৰ্দ্ধিত তাপমাত্ৰাৰ অভিলেখ  ভংগ কৰিছে । যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰৰ দিনটোত ডিব্ৰুগড় চহৰৰ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰাৰ বিপৰীতে যোৱা কালি চহৰখনৰ তাপমাত্ৰা আছিল ৩৮.৫ ডিগ্ৰী চেলছিয়াছ ।

আমি যদি যোৱা বছৰৰ ছেপ্টম্বৰ মাহৰ অভিলেখ তাপমাত্ৰা ৰেকৰ্ড চাওঁ তেন্তে দেখা পাম যে, শিলচৰ চহৰত যোৱা বছৰৰ ৪ ছেপ্টেম্বৰত ৩৯.৪ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল । যোৰাহাট জিলাত যোৱা বছৰ ৫ ছেপ্টেম্বৰ দিনটোত অভিলেখ ৩৭.৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল । এইবছৰৰ ১৯ ছেপ্টেম্বৰৰ দিনটোত যোৰাহাট চহৰৰ তাপমাত্ৰা আছিল প্ৰায় ৩৭.১ ডিগ্ৰী চেলছিয়াছ ।

সেই একেদৰে ২০২১ চনৰ ১৪ ছেপ্টেম্বৰ দিনটোত উত্তৰ লখিমপুৰ জিলাত অভিলেখ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল । ইতিহাসৰ আটাইতকৈ গৰমৰ দিন হিচাপে পৰিগণিত হোৱাৰ চহৰখনৰ সেই দিনটোৰ তাপমাত্ৰা আছিল ৩৯.৩ ডিগ্ৰী চেলছিয়াছ । উল্লেখ্য যে, এইবছৰো ৰাজ্যখনৰ কেইবাখনো জিলাৰ তাপমাত্ৰাই পূৰ্বৰ অভিলেখ স্পৰ্শ কৰিছে ।

মনকৰিবলগীয়া যে, প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যৰ বিদ্যালয় সমূহৰ পাঠদানৰ সময় সলনি কৰা হৈছে । গৰমৰ বাবে বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হৈছে । পৰৱৰ্তী জাননী নিদিয়ালৈকে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময় মতেই বিদ্যালয়ৰ পাঠদান অব্যাহত থাকিব । প্ৰায় সংখ্যক জিলাতে চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈকে সময় নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে ।

তদুপৰি গৰমৰ বাবে বিদ্যালয়ৰ পুৱা প্ৰাৰ্থনা সভা শ্ৰেণীকোঠাৰ ভিতৰত অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে প্ৰশাসনে । তদুপৰি প্ৰশাসনে ছাত্ৰ-ছাত্ৰীসকলে পৰ্যাপ্ত খোৱাপানীৰ সুবিধা লাভ কৰা, সকলো শ্ৰেণীকোঠাত থকা ফেন কাৰ্যক্ষম কৰা, শ্ৰেণীকোঠাত ভালদৰে বায়ু চলাচল কৰা আৰু বিচ্ছিন্ন হ’লে বিকল্প বিদ্যুতৰ উৎস উপলব্ধ কৰা ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ।

INPUT-DAINIK ASAM

Latest News