পূৰ্বৰ অভিলেখ ভংগ কৰিলে গুৱাহাটী-ডিব্ৰুগড়ৰ তাপমাত্ৰাই | Assam Heat Wave Guwahati, Jorhat, Dibrugarh, Silchar Records Highest Temperature in September Assam news - Assam Tv9

তাপমাত্ৰা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত, পূৰ্বৰ অভিলেখ ভংগ কৰিলে গুৱাহাটী-ডিব্ৰুগড়ৰ তাপমাত্ৰাই

Updated On: 

22 Sep 2024 09:21 AM

ছেপ্টেম্বৰ মাহত ৰাজ্যখনত উষ্ণতা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত আছে । প্ৰচণ্ড গৰমে জলা-কলা খুৱাইছে ৰাজ্যবাসীক । ক্ৰমাগত কেইবছৰ মানৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যখনৰ আন আন চহৰত বৰ্দ্ধিত তাপমাত্ৰাই অভিলেখ ভংগ কৰিছে । এই সময়ছোৱাত পূৰ্ব বছৰবোৰৰ স্বাভাৱিক তাপমাত্ৰাতকৈ প্ৰায় ৫ পৰা ৭ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি পাইছে।

তাপমাত্ৰা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত, পূৰ্বৰ অভিলেখ ভংগ কৰিলে গুৱাহাটী-ডিব্ৰুগড়ৰ তাপমাত্ৰাই

প্ৰতীকী ফটো

Follow Us On

ছেপ্টেম্বৰ মাহৰ শেষফালে উত্তৰ-পূবৰ ৰাজ্যখনত নাতিশীতোষ্ণ পৰিৱেশে বিৰাজ কৰে যদিও এইবছৰ প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক । ছেপ্টেম্বৰ মাহত ৰাজ্যখনত উষ্ণতা বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত আছে । প্ৰচণ্ড গৰমে জলা-কলা খুৱাইছে ৰাজ্যবাসীক । ক্ৰমাগত কেইবছৰ মানৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যখনৰ আন আন চহৰত বৰ্দ্ধিত তাপমাত্ৰাই অভিলেখ ভংগ কৰিছে । এই সময়ছোৱাত পূৰ্ব বছৰবোৰৰ স্বাভাৱিক তাপমাত্ৰাতকৈ প্ৰায় ৫ পৰা ৭ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি পাইছে।

গুৱাহাটী বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰকাশিত তথ্য অনুসৰি, গুৱাহাটীত ২০২৩ চনৰ ৪ ছেপ্টেম্বৰ দিনটো আটাইতকৈ গৰমৰ দিন হিচাপে পৰিগণিত হৈছিল । এই দিনটোত ৩৮.২ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল । কিন্তু শনিবাৰৰ দিনটোত ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটী তাপমাত্ৰাই ২০২৩ চনৰ এই অভিলেখ স্পৰ্শ কৰে ।

একেদৰে ডিব্ৰুগড় চহৰৰ তাপমাত্ৰাইও যোৱা বছৰৰ বৰ্দ্ধিত তাপমাত্ৰাৰ অভিলেখ  ভংগ কৰিছে । যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰৰ দিনটোত ডিব্ৰুগড় চহৰৰ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰাৰ বিপৰীতে যোৱা কালি চহৰখনৰ তাপমাত্ৰা আছিল ৩৮.৫ ডিগ্ৰী চেলছিয়াছ ।

আমি যদি যোৱা বছৰৰ ছেপ্টম্বৰ মাহৰ অভিলেখ তাপমাত্ৰা ৰেকৰ্ড চাওঁ তেন্তে দেখা পাম যে, শিলচৰ চহৰত যোৱা বছৰৰ ৪ ছেপ্টেম্বৰত ৩৯.৪ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল । যোৰাহাট জিলাত যোৱা বছৰ ৫ ছেপ্টেম্বৰ দিনটোত অভিলেখ ৩৭.৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল । এইবছৰৰ ১৯ ছেপ্টেম্বৰৰ দিনটোত যোৰাহাট চহৰৰ তাপমাত্ৰা আছিল প্ৰায় ৩৭.১ ডিগ্ৰী চেলছিয়াছ ।

সেই একেদৰে ২০২১ চনৰ ১৪ ছেপ্টেম্বৰ দিনটোত উত্তৰ লখিমপুৰ জিলাত অভিলেখ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল । ইতিহাসৰ আটাইতকৈ গৰমৰ দিন হিচাপে পৰিগণিত হোৱাৰ চহৰখনৰ সেই দিনটোৰ তাপমাত্ৰা আছিল ৩৯.৩ ডিগ্ৰী চেলছিয়াছ । উল্লেখ্য যে, এইবছৰো ৰাজ্যখনৰ কেইবাখনো জিলাৰ তাপমাত্ৰাই পূৰ্বৰ অভিলেখ স্পৰ্শ কৰিছে ।

মনকৰিবলগীয়া যে, প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যৰ বিদ্যালয় সমূহৰ পাঠদানৰ সময় সলনি কৰা হৈছে । গৰমৰ বাবে বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হৈছে । পৰৱৰ্তী জাননী নিদিয়ালৈকে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময় মতেই বিদ্যালয়ৰ পাঠদান অব্যাহত থাকিব । প্ৰায় সংখ্যক জিলাতে চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈকে সময় নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে ।

তদুপৰি গৰমৰ বাবে বিদ্যালয়ৰ পুৱা প্ৰাৰ্থনা সভা শ্ৰেণীকোঠাৰ ভিতৰত অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে প্ৰশাসনে । তদুপৰি প্ৰশাসনে ছাত্ৰ-ছাত্ৰীসকলে পৰ্যাপ্ত খোৱাপানীৰ সুবিধা লাভ কৰা, সকলো শ্ৰেণীকোঠাত থকা ফেন কাৰ্যক্ষম কৰা, শ্ৰেণীকোঠাত ভালদৰে বায়ু চলাচল কৰা আৰু বিচ্ছিন্ন হ’লে বিকল্প বিদ্যুতৰ উৎস উপলব্ধ কৰা ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ।

INPUT-DAINIK ASAM

Latest Stories
আজি বিশ্ব গঁড় দিৱস…গঁড় সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব প্ৰধানমন্ত্ৰী মোদীৰ লগতে মুখ্যমন্ত্ৰীৰ
আশা, অংগনবাড়ী কৰ্মীৰ উপস্থিতিত হ’ব তালাচী, OMR শ্বীট বিচাৰি পৰীক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন: নিযুক্তি পৰীক্ষাক লৈ ঘোষণা মুখ্যমন্ত্ৰীৰ
গৰ্বিত পিতৃ! বাছ মেৰামতি কৰি থাকোতে কন্যাই দিলে আটাইতকৈ ভাল লগা খবৰটো
জামিন নাকচ, যিকোনো মুহূৰ্তত শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ সম্ভাৱনা
স্বস্তিৰ নিশ্বাস! প্ৰচণ্ড গৰমৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী…
কেদাৰনাথৰ পৰা উভতাৰ পথত হৃদৰোগত আক্ৰান্ত হ’ল চালক! ১৭গৰাকীকৈ মহিলাৰ জীৱন ৰক্ষা কৰি চৰ্চাত তেজপুৰৰ মিনু
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
Exit mobile version