শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা…অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা কিমান ?

আজিৰ পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । ইংৰাজী বিষয়ৰ প্ৰথম দিনা পৰীক্ষা অনুষ্ঠিত হ'ব পুৱা ৯ বজাৰ পৰা।

আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা…অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা কিমান ?
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 15 Feb 2025 07:09 AM

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰৰ অধীনত আজিৰে পৰা অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । ২০২৫ বৰ্ষত ৰাজ্য ৯৪৪ টা কেন্দ্ৰত অনুষ্ঠিক হ’ব এই পৰীক্ষা । একেদৰে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,২৯,৪৪৮ গৰাকী । প্ৰাপ্ত তথ্য অনুসৰি, ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা হৈছে ১,৯০,৬৫৩ জনৰ বিপৰীতে ২,৩৮,৭৯৫ গৰাকী ছাত্ৰী । দেখা গৈছে যে, এইবাৰ ছাত্ৰৰ তুলনাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰীৰ সংখ্যা অধিক ।

আজি পুৱা ৯ বজাৰৰ পৰা প্ৰথম দিনাৰ পৰীক্ষা অনুষ্ঠিত হ’ব । ইংৰাজীৰ বিষয়ৰ পৰীক্ষাৰে ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । ইফালে জিলাৰ প্ৰশাসনৰ সহযোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলে অনুষ্ঠিত কৰাৰ বাবে কঠোৰ সুৰক্ষামূলক ব্য়ৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে শিক্ষা পৰিষদৰে ।

বিশেষকৈ পৰীক্ষা কেন্দ্ৰৰ চাৰিওফালে ১৬৩ ধাৰা বলৱৎ কৰাৰ সমান্তৰালভাৱে সুৰক্ষাৰ দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি চিচি টিভি কেমেৰীৰ নিৰীক্ষণ, ফ্লায়িং স্কোৱাড নিয়োগৰ ব্যৱস্থা কৰা হৈছে । নিৰীক্ষক, ছুপাৰভাইজিং বিষয়া, কৰ্মচাৰীকে ধৰি কোনেও নিব নোৱাৰিব মোবাইল ফোন ।

আজি ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে চলিব ৰাজ্য়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা । অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও ৰাজ্য়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক সামাজিক মাধ্য়মৰ জৰিয়তে শুভেচ্ছা জনাইছে । তেওঁ কয়,” অৱতীৰ্ণ হ’বলগীয়া HSLC পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা ! অধিক মনোনিৱেশ কৰাৰ লগতে সৰ্বোচ্চ প্ৰচেষ্টা অব্যাহত ৰাখক ।”

একেসময়তে ASSEB আৰু সকলো জিলা প্ৰশাসনক পৰীক্ষা প্ৰক্ৰিয়া সুকলমে আৰু হেঁচামুক্তভাৱে অনুষ্ঠিত কৰাটো নিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ।