বাজেট অৰ্থনৈতিক সমীক্ষা! GSDP ১৩.৯% বৃদ্ধি, দেশৰ ৫খন দ্ৰুত অৰ্থনৈতিক বিকশিত ৰাজ্যৰ তালিকাত অসম | Assam in list of 5 fastest economically developed states in the country GSDP grows Assam news - Assam Tv9

বাজেট অৰ্থনৈতিক সমীক্ষা! দেশৰ ৫খন দ্ৰুত অৰ্থনৈতিক বিকশিত ৰাজ্যৰ তালিকাত অসম, GSDP ১৩.৯% বৃদ্ধি

Published: 

26 Jul 2024 13:42 PM

২০২৩-২৪ বিত্তীয় বৰ্ষত আমাৰ ৰাজ্যখন ভাৰতৰ ৫খনৰ দ্ৰুত অৰ্থনৈতিক বিকশিত ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হৈ পৰিছে। ২০২১ত অসমৰ বেংকত মুঠ ১ লাখ ৭৩ হাজাৰ কোটি টকা জমা হৈছে। ২০২৪ৰ ৩১ মাৰ্চলৈ অসমৰ বেংক টকা জমা হৈছে ২ লাখ ২৪ হাজাৰ কোটি টকা।

বাজেট অৰ্থনৈতিক সমীক্ষা! দেশৰ ৫খন দ্ৰুত অৰ্থনৈতিক বিকশিত ৰাজ্যৰ তালিকাত অসম, GSDP ১৩.৯%  বৃদ্ধি

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Follow Us On

২৩ জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেট সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে, ২০২৩-২৪ বিত্তীয় বৰ্ষত আমাৰ ৰাজ্যখন ভাৰতৰ ৫খনৰ দ্ৰুত অৰ্থনৈতিক বিকশিত ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হৈ পৰিছে। ২০২১ত অসমৰ বেংকত মুঠ ১ লাখ ৭৩ হাজাৰ কোটি টকা জমা হৈছে। ২০২৪ৰ ৩১ মাৰ্চলৈ অসমৰ বেংক টকা জমা হৈছে ২ লাখ ২৪ হাজাৰ কোটি টকা। ৩ বছৰৰ ভিতৰত বেংকত জমা হোৱা ধন ৩০ শতাংশলৈ বৃদ্ধি হৈছে । ইয়ে ৰাজ্যখনত বৃহৎ অৰ্থনৈতিক পৰিৱৰ্তক সূচায় ।

মুখ্যমন্ত্ৰীয়ে কয় ৰাজ্যৰ বেংকত জমা হোৱা ধনৰ পৰিমাণ বৃদ্ধি ক’লা ধন কমাতো বুজায় । লগতে ৰাজ্যৰ অৰ্থনৈতিক বিকাশকো বুজায় । ৩ বছৰৰ বেংকত জমা হোৱা ধন ১লাখ ৭৩ হাজাৰ কোটিৰ পৰা ২ লাখ ২৪ হাজাৰ কোটিলৈ বৃদ্ধি পাইছে। অৰ্থনৈতিক সমীক্ষা অনুসৰি ২০২১ত অসমৰ বেংকে ঋণ দিছিল ৮০ হাজাৰ ৮৭১ কোটি টকা। ২০২৪ত অসমৰ বেংকে ঋণ দিছে এক লাখ ২৭ হাজাৰ কোটি টকা। অৰ্থাৎ ৩ বছৰৰ ভিতৰত বেংকে দিয়া ঋণ ৮০ হাজাৰ ৮৭১ কোটিৰ পৰা ১ লাখ ২৭ হাজাৰ কোটি টকালৈ বৃদ্ধি হৈছে।

বাজেটৰ অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা আন বিষয়বোৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় , আগতে অসমৰ ক্ৰেডিট ডিপজিট অনুপাত আছিল ৩২ শতাংশ। যি এতিয়া বৃদ্ধি হৈ ৫৮ শতাংশ হৈছে। অসমত ২০২২-২৩ চনত নিৱনুৱাৰ হাৰ আছিল ৮ শতাংশ। যি এতিয়া ৬.১ শতাংশলৈ হ্ৰাস পাইছে। শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ (Labour force participation rate)২০২২-২৩ত ৩৬.৫ শতাংশ আছিল। এতিয়া বৃদ্ধি হৈ ৪০.৯ শতাংশ হৈছে । এইখিনি চালে ভাৰতৰ ভিতৰত অসম দ্ৰুত অৰ্থনৈতিক বিকশিত ৰাজ্য। এই ধাৰা ৬-৭ বছৰলৈ অব্যহত থাকিলে আমি বহুত ওপৰলৈ যাব পাৰিম।

বাজেটত অসমৰ বানপানীৰ বিষয়কলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় য়ে, এইবাৰ বাজেটত প্ৰথমবাৰৰ বাবে অসমৰ বানপানীৰ কথা উল্লেখ কৰা হৈছে। তাত বিত্তমন্ত্ৰীয়ে এটা বিশেষ কথা লিখিছে- বাহিৰৰ পৰা অহা পানীৰ বাবে অসমে বানপানীৰ বোজা বহন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বে এই কথা স্বীকাৰ কৰা নাছিল। ভাৰত চৰকাৰে বিভিন্ন ব্যৱস্থাৰ জৰিয়তে বিগত ৫ বছৰত অসমক বহু পুঁজি দিছে। বান সাহায্যৰ বাবে তেওঁলোকে আমাক ইতিমধ্যে ৪ হাজাৰ ৮০০ হাজাৰ কোটি। আমি বিহাৰক দিয়াৰ দৰে ১১ হাজাৰ কোটি টকা বিচৰা নাই। অহা ৫-৬ বছৰত তাতকৈ বহু বেছিকৈ লাভ কৰিম। অসমৰ বানপানীৰ বাবে কিমান টকাৰ প্ৰয়োজন হ’ব সেয়া কোনেও পূৰ্বানুমান কৰিব নোৱাৰে।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, অৰ্থনৈতিক সমীক্ষা অনুসৰি অসমৰ ক্ষমতা হস্তান্তৰকৰণ(Devolution) ১৩ শতাংশ বৃদ্ধি হৈছে। গ্ৰাম্যঞ্চলৰ স্থানীয় সংস্থাসমূহলৈ অনুদান ২২ শতাংশ বৃদ্ধি হৈছে। নগৰাঞ্চলৰ স্থানীয় সংস্থাসমূহলৈ অনুদান ৩৩ শতাংশ বৃদ্ধি হৈছে। স্বাস্থ্য খণ্ডলৈ আৱণ্টন ৫০ শতাংশ বৃদ্ধি। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (SDRF),ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি (SDMF) ৫ শতাংশকৈ ধনৰ আৱণ্টন বৃদ্ধি। জলজীৱন মিছনৰ বাবে ৭০ হাজাৰ কোটি নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন ৩২ হাজাৰ কোটিৰ পৰা ৫৪ হাজাৰ কোটিলৈ বৃদ্ধি। সমগ্ৰ শিক্ষাৰ ক্ষেত্ৰতো ধনৰ আৱণ্টন বৃদ্ধি। ৰাজ্যৰ সৰ্বাংগিক বিকাশৰ বাবে কেইবাটাও শিতানত বিত্তীয় স্থান বৃদ্ধি কৰা হৈছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version