তিনি বছৰৰ পাছত গৰুখুটি উচ্ছেদ তদন্ত আয়োগে দাখিল কৰিলে প্ৰতিবেদন... | Assam: Inquiry commission on Gorukhuti eviction submits report Assam news - Assam Tv9

তিনি বছৰৰ পাছত গৰুখুটি উচ্ছেদ তদন্ত আয়োগে দাখিল কৰিলে প্ৰতিবেদন…

গৰুখুটিত চোলোৱা উচ্ছেদ অভিযানৰ তদন্ত বাবে গঠন কৰা অসম চৰকাৰৰ একজনীয়া তদন্ত আয়োগে সোমবাৰে প্ৰতিবেদন দাখিল কৰে । অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি ডি আগৰৱালৰ নেতৃত্বত গঠিত আয়োগে ৩১৯ পৃষ্ঠা আৰু ১৬টা মূল পৰামৰ্শ সন্নিবিষ্ট প্ৰতিবেদন দাখিল কৰে।

তিনি বছৰৰ পাছত গৰুখুটি উচ্ছেদ তদন্ত আয়োগে দাখিল কৰিলে প্ৰতিবেদন...

ন্যায়াধীশ বি ডি আগৰৱালাই ২০২১ গৰুখুটি উচ্ছেদ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিলে

Published: 

21 Oct 2024 20:56 PM

তিনি বছৰ পূৰ্বে দৰং জিলাৰ গৰুখুটিত চোলোৱা উচ্ছেদ অভিযানৰ তদন্ত বাবে গঠন কৰা অসম চৰকাৰৰ একজনীয়া তদন্ত আয়োগে সোমবাৰে প্ৰতিবেদন দাখিল কৰে । উল্লেখ্য যে, এই অভিযানৰ সময়ত হোৱা সংঘৰ্ষত দুজন লোকৰ মৃত্যু হৈছিল । অভিযানৰ তদন্তৰ বাবে গঠন কৰি দিয়া আয়োগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰতিবেদন দাখিল কৰে ।

এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা তথ্য অনুসৰি, অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি ডি আগৰৱালৰ নেতৃত্বত গঠিত আয়োগে ৩১৯ পৃষ্ঠা আৰু ১৬টা মূল পৰামৰ্শ সন্নিবিষ্ট প্ৰতিবেদন দাখিল কৰে। বিবৃতিটোত কোৱা হৈছে যে, তদন্তৰ সময়ছোৱাত আয়োগে ৫৫ খন স্মাৰকপত্ৰ লাভ কৰিছিল আৰু ৪৪ জন সাক্ষীৰ ক্ৰছ-ইকজামিনেচন কৰা হৈছিল।

আয়োগৰ তদন্ত সমাপ্ত হোৱাৰ পাছতে ন্যায়াধীশ আগৰৱালাই আনুষ্ঠানিকভাৱে তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী শৰ্মাক দাখিল কৰিছে বুলি বিবৃতিটোত কোৱা হৈছে । সূত্ৰ খবৰ অনুসৰি, বিবৃতিটোত অৱশ্যে প্ৰতিবেদনৰ বিষয়বস্তু বা পৰামৰ্শসমূহ প্ৰকাশ কৰা হোৱা নাছিল।

উল্লেখ্য যে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ছিপাঝাৰ ৰাজহ চক্ৰৰ গৰুখুটি অঞ্চলৰ ধলপুৰ গাঁৱত চলোৱা উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আৰক্ষী জোৱানকে ধৰি কেইবাজনো লোক আহত হয়। সূত্ৰ অনুসৰি, এই প্ৰতিবেদনত আয়োগে অসমৰ ভূমি আৰু ৰাজহ নিয়মৰ অভাৱসমূহ দূৰ কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সূত্ৰটোৱে কয় যে, “প্ৰতিবেদনত চৰকাৰক বৰ্তমানৰ নিয়মাৱলীৰ আনুষংগিক দফাসমূহ পুনৰ পৰীক্ষা কৰাৰ আহ্বান জনোৱা হৈছে। উচ্ছেদৰ সময়ত আৰক্ষী বাহিনীৰ অতিৰিক্ত ব্যৱহাৰ, বিশেষকৈ অস্ত্ৰ প্ৰয়োগৰ কথাও উল্লেখ কৰা হৈছে ।”

সূত্ৰটোৱে লগতে জানিবলৈ দিছে যে, তদন্তত দেখা গৈছে যে কথিত বেদখলকাৰীসকলক অঞ্চলটো খালী কৰিবলৈ মাত্ৰ এদিন বা দুদিন আগতেই জাননী জাৰি কৰা হৈছিল । সূত্ৰই জনোৱা মতে, প্ৰতিবেদনত কোৱা হৈছে যে, চৰকাৰে এই বিষয়ে চোৱাচিতা কৰিব লাগে আৰু জাননী প্ৰেৰণ কৰাৰ আগতে এটা কথা গুৰুত্ব দিব লাগে যাতে ৰাইজে স্থানান্তৰিত হোৱাৰ বাবে পৰ্যাপ্ত সময় লাভ কৰে ।

২০২১ চনৰ ২০ আৰু ২৩ ছেপ্টেম্বৰত চলোৱা গৰুখুটিৰ ধলপুৰ উচ্ছেদ অভিযানত ১২০০-১৪০০ ঘৰ ভাঙি পেলোৱা হৈছিল আৰু ৭,০০০ৰো অধিক লোক গৃহহীন হৈছিল । উচ্ছেদিত লোকসকলৰ বেছিভাগেই বাংলাভাষী মুছলমান লোক আছিল । ২৩ ছেপ্টেম্বৰত চলোৱা উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু হৈছিল । এই ঘটনা আৰক্ষীকে ধৰি ২০ জনৰো অধিক লোক আহত হয়।

INPUT-PTI

তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে কেনেকুৱা লক্ষণে দেখা দিয়ে ? জানক...
লাই আৰু গাহৰি মাংসৰ আঞ্জা আপোনাৰ প্ৰিয় নে ? কেনেকৈ ৰান্ধিব জানক...
Aimee Baruah Birthday : আজি জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ ওপজা দিন
লংকাৰ অধিপতি মহাবলবান ৰাৱণে লক্ষ্মণ ৰেখা কিয় পাৰ হ’ব পৰা নাছিল?