এয়া নামৰূপ সাৰ কাৰখানাক লৈ বিত্তমন্ত্ৰীৰ জীয়া ফাঁকি: বাজেটক লৈ অসন্তুষ্ট অসম জাতীয় পৰিষদ
নামৰূপ সাৰ কাৰখানাক লৈ বিত্তমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাছত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদে কেন্দ্ৰীয় বাজেটক হতাশাজনক, বিহাৰমুখী, পুঁজিপতিক সন্তুষ্ট কৰা বাজেট আখ্যা দিয়ে। নামৰূপ সাৰ কাৰখানাক লৈ বিত্তমন্ত্ৰীৰ জীয়া ফাঁকি বুলি উল্লেখ কৰাৰ লগতে বাজেট ধাৰ্য্য নকৰাকৈয়ে নতুন গোট স্থাপনৰ ঘোষণাক সমালোচনা কৰে দলটোৱে। ইয়াৰ উপৰিও এয়া চতুৰ্থবাৰৰ বাবে কেন্দ্ৰৰ প্ৰতাৰণা বুলি উল্লেখ কৰে।

দেশবাসীৰ বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই শনিবাৰে ১১ বজাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত সাধাৰণ বাজেট দাখিল কৰিলে দেশৰ সাধাৰণ বাজেট। এয়া মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিলে বাজেট। এই বাজেটত ১২ লাখ টকা পৰ্যন্ত আয়ক কৰ ৰেহাই দিয়া হৈছে। বিত্তমন্ত্ৰীয়ে বাজেট ভাষণ আৰম্ভ কৰি কয়, “কৃষক, যুৱক, মহিলাৰ বাবে বাজেটত ভাল খবৰ। নামৰূপ সাৰ কাৰখানাত হ’ব ইউৰিয়াক প্ৰকল্প।” ইয়াত বছৰি উৎপাদন হ’ব ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া।
নামৰূপ সাৰ কাৰখানাক লৈ বিত্তমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাছত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদে কেন্দ্ৰীয় বাজেটক হতাশাজনক, বিহাৰমুখী, পুঁজিপতিক সন্তুষ্ট কৰা বাজেট আখ্যা দিয়ে। নামৰূপ সাৰ কাৰখানাক লৈ বিত্তমন্ত্ৰীৰ জীয়া ফাঁকি বুলি উল্লেখ কৰাৰ লগতে বাজেট ধাৰ্য্য নকৰাকৈয়ে নতুন গোট স্থাপনৰ ঘোষণাক সমালোচনা কৰে দলটোৱে। ইয়াৰ উপৰিও এয়া চতুৰ্থবাৰৰ বাবে কেন্দ্ৰৰ প্ৰতাৰণা বুলি উল্লেখ কৰে।
দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয়, “বিত্তমন্ত্ৰীয়ে নিজৰ বাজেট ভাষণত বছৰি ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ কৰিব পৰাকৈ নামৰূপত এটা নতুন গোট স্থাপন কৰিব বুলি ঘোষণা কৰিছে। কিন্তু এইটোয়েই পূৰ্বে ঘোষণা কৰা চতুৰ্থ গোটটো হয়নে নহয়, সেইটো স্পষ্টকৈ কোৱা নাই। লগতে উক্ত গোট স্থাপনৰ বাবে কিমান টকা ধাৰ্য্য কৰিছে সেইটোও কোৱা নাই। বাজেট ভাষণৰ অৰ্থই হৈছে টকা ধাৰ্য্য কৰা। কিন্তু নামৰূপৰ চতুৰ্থটো গোটত টকা ধাৰ্য্য কৰা সন্দৰ্ভত বিত্ত মন্ত্ৰীয়ে স্পষ্টকৈ একো কোৱা নাই। গতিকে তেওঁৰ কথাটোত আমি আশ্বস্ত হ’ব পৰা নাই। কাৰণ ইয়াৰ পূৰ্বে তিনিবাৰ তিনিগৰাকী গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰীয়ে নামৰূপত চতুৰ্থটো গোট স্থাপনৰ ঘোষণা কৰিছিল। ২০১৭ চনত তেতিয়াৰ কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভুয়ে, ২০২০ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়াই আৰু ২০২১ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী মনছুখ মাণ্ডব্যই ৪ৰ্থটো গোট স্থাপনৰ ঘোষণা কৰিছিল। কিন্তু এটাও কাৰ্য্যত ৰূপায়িত নহ’ল। গতিকে বাজেট ধাৰ্য্য নকৰাকৈ সাৰ কাৰখানাৰ নতুন গোট স্থাপনৰ প্ৰস্তাৱ কিমান বাস্তৱসন্মত, সেয়া এতিয়াই কোৱা টান।”
ইয়াৰ উপৰিও আজিৰ কেন্দ্ৰীয় বাজেটখনত নতুনত্ব বুলিবলৈ একো নাই বুলিও কয় জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ৷ তেওঁলোকে কয়, “এখন হতাশাজনক আৰু নতুনত্বহীন বাজেট৷ বাজেটখনত ভাৰতীয় মানুহৰ অৰ্থনৈতিক হতাশাৰ ছবিখন স্পষ্ট ৰূপত প্ৰকট হৈ পৰিছে৷ অৰ্থনৈতিক স্থিতি শক্তিশালী কৰিবলৈ চৰকাৰৰ বাস্তৱসন্মত নীতি নাই৷ কৃষক আৰু নিম্ন মধ্যবিত্তৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰিব পৰা নাই এই বাজেটে৷” উল্লেখ কৰে যে, “দেশৰ ১৪০ কোটি জনগণৰ ৮০ কোটি জনতাক এতিয়াও বিনামূলীয়াকৈ ৰেচন যোগান ধৰিব লাগে৷ অৰ্থাৎ, দেশত দৰিদ্ৰতা এইটো স্তৰত আছে৷ এনে অৱস্থাত আজিৰ বাজেটে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে কোনো ধৰণৰ আশা কঢ়িয়াব নোৱাৰিলে৷”
জাতীয় পৰিষদৰ মতে, এইবাৰৰ কেন্দ্ৰীয় বাজেটখন দেশৰ জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যে প্ৰস্তুত কৰা বাজেট হোৱা নাই। এইখন বিজেপি দলৰ নিৰ্বাচনী লক্ষ্য পূৰণৰ অৰ্থে বিহাৰমুখী বাজেটহে হৈছে। বিহাৰৰ বাবে বিভিন্ন আঁচনি আৰু প্ৰকল্প আগবঢ়োৱা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিত্তমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ বাবে নামৰূপ সাৰ কাৰখানাৰ বিষয়ে কৰা অস্পষ্ট ঘোষণাৰ বাহিৰে আন একো উপহাৰ আগবঢ়োৱাৰ আন্তৰিকতা প্ৰদৰ্শন নকৰিলে।
ঋণৰ বোজাত ককবকাই থকা দেশবাসীৰ বাবে কিছুমান চমক সৃষ্টিকাৰী ঘোষণাৰ বাহিৰে আন একো নাই বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে দেশৰ জনতাই উৎপাদনমুখী এখন বাজেট আশা কৰিছিল। কিন্তু, সেয়া পোৱা নগ’ল৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও বিশেষ পেকেজ নাই আজিৰ বাজেটত৷ গগৈ আৰু ভূঞাই আক্ষেপ প্ৰকাশ কৰি কয় যে, বিত্তমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ নামটোকে উচ্চাৰণ নকৰিলে। তেওঁলোকে কয় যে এইবাৰৰ বাজেটত সামাজিক ন্যায়, নিবনুৱা সমস্যা আদি মৌলিক বিষয়সমূহক লৈ কোনো পৰিকল্পনা দেখা নগ’ল। দৰিদ্ৰ তথা মধ্যবিত্তৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা কোনো বিষয়ৰ উল্লেখ নাথাকিল এই বাজেটত৷ কেৱল পুঁজিপতিক সন্তুষ্ট কৰিবলৈ প্ৰস্তুত কৰা হৈছে এই বাজেটত ‘পি পি পি মুড’ক শক্তিশালী কৰি পুজিপতিসকলক উপকৃত কৰা আৰু চৰকাৰী সম্পদৰ ব্যক্তিগতকৰণৰ নীতিক উৎসাহিত কৰাটোহে প্ৰতিফলিত হৈছে। মুঠতে, দেশৰ মৌলিক সমস্যাসমূহ দূৰীকৰণৰ বাবে চৰকাৰৰ যে কোনো ধৰণৰ সুস্পষ্ট তথা বিজ্ঞানসন্মত নীতি নাই – এই বাজেটেই সেয়া প্ৰমাণ কৰিলে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই এইবাৰৰ বাজেটক সামগ্ৰিকভাৱে চৰ্বিত-চৰ্বণ বাজেট আখ্যায়িত কৰে।