শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটক ‘হিতাধিকাৰী বাজেট’ আখ্যা অজাপৰ, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দলটোৰ নেতৃত্বই ?

২০২৫-২৬ বিত্তীয় বৰ্ষৰ এই বাৰ্ষিক বাজেটক হিতাধিকাৰী বাজেট হিচাপে অভিহিত কৰিছে অসম জাতীয় পৰিষদে । বাজেট সন্দৰ্ভত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিৰ জৰিয়তে কয় যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে কেনেকৈ ভোট আদায় কৰিব পাৰি, সেই লক্ষ্যৰে বিত্তমন্ত্ৰীয়ে প্ৰস্তুত কৰিছে এই বাজেট । এই বাজেটৰ সৈতে সঁচা অৰ্থত জনকল্যাণৰ কোনো সম্পৰ্ক নাই বুলি অভিযোগ কৰে দলটোৱে ।

২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটক ‘হিতাধিকাৰী বাজেট’ আখ্যা অজাপৰ, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দলটোৰ নেতৃত্বই ?
অসম জাতীয় পৰিষদৰ নেতৃত্ব
manas-borah
Manas Borah | Published: 10 Mar 2025 20:16 PM

ৰাজ্যৰ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট আজি দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে । বিত্তমন্ত্ৰী গৰাকীয়ে দাখিল কৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ এই বাৰ্ষিক বাজেটক হিতাধিকাৰী বাজেট হিচাপে অভিহিত কৰিছে অসম জাতীয় পৰিষদে । বাজেট সন্দৰ্ভত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিৰ জৰিয়তে কয় যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে কেনেকৈ ভোট আদায় কৰিব পাৰি, সেই লক্ষ্যৰে বিত্তমন্ত্ৰীয়ে প্ৰস্তুত কৰিছে এই বাজেট । এই বাজেটৰ সৈতে সঁচা অৰ্থত জনকল্যাণৰ কোনো সম্পৰ্ক নাই বুলি অভিযোগ কৰে দলটোৱে ।

দলটোৰ নেতৃত্বই বিবৃতিটোত অভিযোগ উত্থাপন কৰে যে, চৰকাৰৰ প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্য হৈছে জনকল্যাণক অগ্ৰাধিকাৰ দিয়া। কিন্তু বিত্তমন্ত্ৰীগৰাকীৰ এইবাৰৰ বাজেটত সেই বিষয়টোত কোনো গুৰুত্বই দিয়া হোৱা নাই।

অসম জাতীয় পৰিষদে উল্লেখ কৰিছে যে,অসম হৈছে কৃষি ভিত্তিক অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল এখন ৰাজ্য । ৰাজ্যখনৰ ৮০ শতাংশ লোকৰ জীৱন জীৱিকা কৃষিৰ ওপৰত নিৰ্ভৰশীল। এফালে যদি সাৰ, কীটনাশক, বীজ আদিৰ অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি আৰু আনহাতে পৰ্যাপ্ত পানীৰ অভাৱত কৃষকসকলৰ অৱস্থা দিনক দিনে পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে বুলি অভিযোগ কৰে দলটোৱে।

দলটোৰ নেতৃত্বই কয় যে, এনে পৰিস্থিতিত চৰকাৰে ৰাজ্যত জলসিঞ্চনৰ উপযুক্ত ব্যৱস্থা কৰাৰ লগতে সাৰ, বীজ, কীটনাশক আদি পৰ্যাপ্ত পৰিমাণে যোগানৰ ব্যৱস্থা বাজেটত ধাৰ্য কৰিব লাগিছিল। কিন্তু বিজেপি চৰকাৰে তেওঁলোকৰ দুয়োটা কাৰ্যকালত জলসিঞ্চন বিভাগটোক চূড়ান্তভাৱে উপেক্ষা কৰি আহিছে বুলি কয় দলটোৱে ।

ইফালে, দলটোৱে অভিযোগ কৰে যে, বিগত প্ৰায় ৯ বছৰে বিজেপি চৰকাৰে বান-খহনীয়া প্ৰতিৰোধৰ কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা দেখা নগ’ল। ৰাইজৰ আশা আছিল যে, বিজেপি মিত্ৰজোঁটৰ চৰকাৰে হয়তো শেষ বাজেটত কিবা এটা কৰিব। কিন্তু বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ প্ৰসংগ এই বাজেটত উল্লেখ নাই বুলি অভিযোগ কৰে অজাপে।

দলটোৱে অভিযোগ কৰে যে, ৰাজ্যৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী, দৰৱ, নিৰ্মাণ সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি প্ৰতিৰোধৰ কোনো ৰূপৰেখা বাজেটত উল্লেখ কৰা নহ’ল। আশা কৰ্মী, অংগনৱাদী কৰ্মী, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, শিক্ষক-শিক্ষায়ত্ৰী কাৰো দাবী পূৰণৰ ৰূপৰেখা বাজেটত উল্লেখ কৰা নহ’ল। কেৱল অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি তথা অন্যান্য হিতাধিকাৰী আঁচনিৰ অন্তৰ্গত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰ বাহিৰে আন কোনো উল্লেখযোগ্য দিশ বাজেটত আছে বুলি স্পষ্টকৈ ক’ব নোৱাৰি বুলি কয় অসম জাতীয় পৰিষদে।