চলিত পৰ্যটন বৰ্ষৰ প্ৰথম মাহতে কাজিৰঙাত ৬৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ... | Assam : Kaziranga National Park earns Rs 65 lakh in first month of tourist season 2024-25 Assam news - Assam Tv9

Kaziranga National Park : চলিত পৰ্যটন বৰ্ষৰ প্ৰথম মাহতে কাজিৰঙাত ৬৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ…

চলিত পৰ্যটন বৰ্ষৰ আৰম্ভণিতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত বৃহৎ সংখ্যক পৰ্যটকে ভ্ৰমণ কৰা দেখা গৈছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই সদৰী কৰা মতে, চলিত পৰ্যটন বৰ্ষৰ প্ৰথম মাহতে প্ৰায় ৬৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

Kaziranga National Park : চলিত পৰ্যটন বৰ্ষৰ প্ৰথম মাহতে কাজিৰঙাত ৬৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Updated On: 

02 Nov 2024 20:50 PM

অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবে ভাল খবৰ । চলিত পৰ্যটন বৰ্ষৰ আৰম্ভণিতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত বৃহৎ সংখ্যক পৰ্যটকে ভ্ৰমণ কৰা দেখা গৈছে  । ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই সদৰী কৰা মতে, চলিত পৰ্যটন বৰ্ষৰ প্ৰথম মাহতে প্ৰায় ৬৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । এই তথ্যৰ ওপৰত ভিত্তি কৰিয়ে এইবাৰ কাজিৰঙাত আৰু অধিক পৰ্যটকে ভ্ৰমণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে কয় যে, এইবাৰৰ পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পাছতে অক্টোবৰ মাহত প্ৰায় ২৯ হাজাৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে। অক্টোবৰ মাহত ভ্ৰমণ কৰা মুঠ ২৮,৯৮০ গৰাকী পৰ্যটকৰ ভিতৰত ২৮,৪০১ জন ঘৰুৱা পৰ্যটক থকাৰ বিপৰীতে ৫৭৯ জন বিদেশী পৰ্যটক আছিল বুলি জানিবলৈ দিছে বিষয়া গৰাকীয়ে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰাৰ প্ৰথম মাহতে ৬৫,৩৭,৫১৫ টকাৰ ৰাজহ সংগ্ৰহ কৰা বুলি সোণালী ঘোষে জানিবলৈ দিয়ে। তেওঁ সদৰী কৰা মতে. উদ্যানখনৰ দুটামান ৰেঞ্জত এক অক্টোবৰত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰাৰ বিপৰীতে চলিত মাহত হাতী ছাফাৰী সুবিধা মুকলি কৰা হয়।

যোৱা বৰ্ষত কিমান সংখ্যক পৰ্যটক আহিছিল ?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰত্যেক বছৰে অভিলেখ সংখ্যক পৰ্যটক আহে । প্ৰত্যেক বছৰে ঘৰুৱা পৰ্যটকৰ লগতে অভিলেখ সংখ্যক বিদেশীৰ পৰ্যটককে ভ্ৰমণ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । তথ্য অনুসৰি, ২০২৩-২৪ পৰ্যটন বৰ্ষত কাজিৰঙালৈ আহিছিল ৩,২৭,৪৯৩ জন দেশী-বিদেশী পৰ্যটক । ইয়াৰ ভিতৰত বিদেশী পৰ্যটকৰ সংখ্যা হৈছে ১৩,৯১৯ জন ।

ইফালে যোৱা পৰ্যটন বৰ্ষত উদ্যান কৰ্তৃপক্ষই ৮,৮১,৮৪,১৬১ টকা ৰাজহ লাভ কৰিছিল । ইয়াৰ লগতে যোৱা বৰ্ষত সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰা বুলি সদৰী কৰিছিল কাজিৰঙা উদ্যান কৰ্তৃপক্ষই । যোৱাবাৰৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমন হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই ।

বাৰিষা বন্ধ থাকে কাজিৰঙা

উল্লেখ্য যে, প্ৰত্যেক বছৰে বাৰিষাৰ আৰম্ভ হোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হৈ থাকে । মে’ মাহৰ পৰা পৰ্যটকৰ বাবে বন্ধ হৈ থাকে উদ্যানখন। বাৰিষাৰ বান আৰু বন্যপ্ৰাৰ্ণী সুৰক্ষাৰ দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰা হয় । এইবাৰ সাংঘাতিকভাৱে বান প্ৰভাৱ পৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত । তথ্য অনুসৰি,এইবাৰৰ বানত প্ৰায় ২০০ টা জীৱ-জন্তুৱে প্ৰাণ হেৰুৱাইছিল ।

এইবাৰৰ দীপাৱলীত গুৱাহাটীত হ্ৰাস পালে বায়ু প্ৰদূষণৰ মাত্ৰা!
পুষ্টিকৰ উপাদানেৰে ভৰপূৰ চয়াবিনৰ উপকাৰিতা কি কি ? জানক
শ্বাহৰুখ খানৰ শৈশৱতেই মাতৃয়ে কৰিছিল এনে ভৱিষ্যদ্বাণী, বাস্তৱিক কৰি তুলিলে কিং খানে
কোমোৰাৰ আছে স্বাস্থ্যৰ বাবে উপকাৰী বহুতো গুণ