পূৰ্বৰ তুলনাত অধিক পৰ্যটকৰ আগমন হ’ব, আজি ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে বনমন্ত্ৰীয়ে…

আজি মঙলবাৰে ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয় অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)। ৰাষ্ট্ৰীয় উদ্যানখনে পূৰ্বৰ তুলনাত এইবাৰ অধিক পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ হৈছে ।

পূৰ্বৰ তুলনাত অধিক পৰ্যটকৰ আগমন হব, আজি ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে বনমন্ত্ৰীয়ে...

পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Updated On: 

01 Oct 2024 15:10 PM

বাৰিষাৰ সময়ত দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰখাৰ পিছত আজি মঙলবাৰে ২০২৪-২৫ পৰ্যটন বৰ্ষৰ মুকলি কৰা হয় অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)। আজি বাগৰিত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । ইয়াৰ লগতে এই বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনে পূৰ্বৰ তুলনাত অধিক পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে বনমন্ত্ৰী গৰাকীয়ে ।

বনমন্ত্ৰী গৰাকীয়ে কয় যে, পৰ্যটকক আকৰ্ষণৰ বাবে কাজিৰঙাত পৰ্যাপ্ত আন্তঃগাঁথনি কাম কৰা হৈছে । সমান্তৰালভাৱে, পৰ্যটকক অধিক আকৰ্ষণ কৰাত আৰু তেওঁলোকৰ বাবে ভাল অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে উদ্যানৰ বিষয়া, স্থানীয় লোক আৰু সংবাদ মাধ্যমকে ধৰি সকলো অংশীদাৰৰ সহায় আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে বনমন্ত্ৰী গৰাকীয়ে।

তেওঁ কয় যে, দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী, ভূটানৰ ৰজা আদি গণ্যমান্য ব্যক্তিৰ ভ্ৰমণেও ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিছে । ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে বিদেশী পৰ্যটকৰ ভ্ৰমণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তৰ লগতে কাজিৰঙাৰ লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। মনকৰিবলগীয়া যে, বৰ্তমান পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰা হৈছে । পৰৱৰ্তী সময়ত পৰ্যটকৰ বাবে হাতী ছাফাৰীৰ অনুমতি দিয়া হ’ব বুলি জানিব পৰা গৈছে ।

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত এই উদ্যানখন প্ৰতি বছৰে বাৰিষাৰ আৰম্ভণিৰ লগে লগে প্ৰায় মে’ মাহৰ পৰা বন্ধ হৈ থাকে। উদ্যানখনৰ অন্যান্য আকৰ্ষণৰ ভিতৰত হাইকিং, ট্ৰেকিং, বাৰ্ডিং আৰু চাইকেল ট্ৰায়েল আদি উল্লেখযোগ্য।

মেলবৰ্ণ টেষ্টৰ পিছতে অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিলে যশপ্ৰীত বুমৰাহে, স্থান নহ’ল ৰোহিতৰ
দীঘল, ধুনীয়া চুলি বিচাৰে নেকি? তেন্তে এনেদৰে ব্যৱহাৰ কৰক নিম পাত...
বেটাৰৰ বাবে সন্ত্ৰাস বুমৰাহৰ প্ৰতিভা প্ৰথমে কাৰ চকুত ধৰা পৰিছিল!
শীতকালত ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! কৰক এই কাম...