5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Khel Maharan 2.0 : ৫৩ লাখতকৈ অধিক খেলুৱৈৰ পঞ্জীয়নেৰে অভিলেখ খেল মহাৰণ ২.০ ৰ…

'খেল মহাৰণ ২.০'ৰ পঞ্জীয়নৰ পৰিসংখ্যা যদি চাওঁ, যোৱা ১ নৱেম্বৰলৈকে ৫৩,৫৮,৬৬১ খেলুৱৈৰ পঞ্জীয়ন ৰেকৰ্ড কৰা হৈছে । ইয়াৰ বিপৰীতে যোৱা বছৰত খেল মহাৰণত পঞ্জীয়ন কৰা মুঠ খেলুৱৈৰ সংখ্যা আছিল ৫২,৭৬,৪৮১ গৰাকী

Khel Maharan 2.0 : ৫৩ লাখতকৈ অধিক খেলুৱৈৰ পঞ্জীয়নেৰে অভিলেখ খেল মহাৰণ ২.০ ৰ…
খেল মহাৰণ ২.০
manas-borah
Manas Borah | Updated On: 02 Nov 2024 22:14 PM

ৰাজ্যত ক্ৰীড়া সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে অসম চৰকাৰৰ খেল মহাৰণৰ পদক্ষেপে । মনকৰিবলগীয়া যে, খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ ‘খেল মহাৰণ ২.০’ ৰ পঞ্জীয়নৰ সংখ্যাই যোৱা বছৰৰৰ পঞ্জীয়ন সংখ্যাক অতিক্ৰম কৰি অভিলেখ গঢ়িছে । এই সংখ্যাই অসমৰ ৰাইজৰ মাজত ক্ৰীড়াৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা উৎসাহক প্ৰতিফলিত কৰিছে বুলি ক’ব পাৰি ।

উল্লেখ্য যে, এইবাৰৰ সংস্কৰণ ‘খেল মহাৰণ ২.০’ৰ পঞ্জীয়নৰ পৰিসংখ্যা যদি চাওঁ, যোৱা ১ নৱেম্বৰলৈকে ৫৩,৫৮,৬৬১ খেলুৱৈৰ পঞ্জীয়ন ৰেকৰ্ড কৰা হৈছে । ইয়াৰ বিপৰীতে যোৱা বছৰত খেল মহাৰণত পঞ্জীয়ন কৰা মুঠ খেলুৱৈৰ সংখ্যা আছিল ৫২,৭৬,৪৮১ গৰাকী । অৰ্থাৎ যোৱা বছৰৰ পৰিসংখ্যাক অতিক্ৰম কৰিছে এই এবাৰৰ পঞ্জীয়নৰ সংখ্যাই ।


আটাইতকৈ ভাল খবৰটো হৈছে এইবাৰ মহিলা খেলুৱৈৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । যোৱা বছৰ ২২,০২,৮১২ গৰাকীৰ খেলুৱৈয়ে পঞ্জীয়ন কৰাৰ বিপৰীতে এইবাৰ ২৪,৫৪,৩৭৬ গৰাকী মহিলা খেলুৱৈয়ে পঞ্জীয়ন কৰিছে। কিন্তু এতিয়ালৈকে পুৰুষ খেলুৱৈৰ পঞ্জীয়ন সংখ্যা সামান্য হ্ৰাস পোৱা দেখা গৈছে । খেল মহাৰণ ২.০ ত ২৯,০৪,২৮৫ জন পুৰুষ খেলুৱৈয়ে পঞ্জীয়ন কৰিছে । যোৱা বছৰ পুৰুষ খেলুৱৈৰ পঞ্জীয়নৰ সংখ্যা আছিল ৩০,৭৩,৬৬৯ জন ।

উল্লেখ্য যে, খেল মহাৰণত ২.০ ত পঞ্জীয়নৰ সংখ্যাই প্ৰমাণ কৰে যে, ৰাজ্যৰ যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ ক্ৰমাৎ বৃদ্ধি পাইছে । এই সন্দৰ্ভত সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘আমি সদায় কৈ আহিছোঁ যে তৃণমূল পর্যায়ৰ ক্রীড়া প্রতিভাসমূহক বিকাশৰ এক মঞ্চ প্রদানৰ বাবে আমাৰ এই আয়োজন— খেল মহাৰণ। ৰাজ্যৰ ক্রীড়া ইতিহাসৰ সর্ববৃহৎ প্রতিযোগিতাখনৰ প্রথম সংস্কৰণত বহু খেলুৱৈ ইয়াৰ দ্বাৰা উপকৃত হৈছিল।’

Latest News