নাগালেণ্ডে সৰ্বাধিক ! চুবুৰীয়া ৰাজ্যৰ বেদখলৰ কৱলত অসমৰ প্ৰায় ৮৩ হাজাৰ হেক্টৰ ভূমি, বিধানসভাত তথ্য দিলে মন্ত্ৰী অতুল বৰাই…

মন্ত্ৰী অতুল বৰাই বিধানসভাত কয় যে, অসমৰ প্ৰায় ৮৩ হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া চাৰিখন ৰাজ্যই বেদখল কৰিছে। কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে, ১৮ খন জিলাৰ ৮২,৭৫১.৮৬ হেক্টৰ মাটি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে বেদখল কৰিছে।

নাগালেণ্ডে সৰ্বাধিক ! চুবুৰীয়া ৰাজ্যৰ বেদখলৰ কৱলত অসমৰ প্ৰায় ৮৩ হাজাৰ হেক্টৰ ভূমি, বিধানসভাত তথ্য দিলে মন্ত্ৰী অতুল বৰাই...

মন্ত্ৰী অতুল বৰা

Updated On: 

05 Mar 2025 17:31 PM

কেইবাখনো চুবুৰীয়া ৰাজ্যৰ সৈতে থকা অসমৰ সীমাবিবাদ অতি পুৰণিৰ । চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা সমস্যা সমাধানৰ বাবে প্ৰায়ে দাবী উত্থাপন হৈ আহিছে । প্ৰায়ে অভিযোগ উত্থাপন হয় যে, অসমৰ কেইবা হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যসমূহৰ দখলত আছে । ইয়াৰ মাজতে শেহতীয়াকৈ মন্ত্ৰী অতুল বৰাই চলিত বিধানসভাৰ বাজেট অধিৱেশনত উল্লেখ কৰা তথ্যই পুনৰ চুবুৰীয়া ৰাজ্যৰে থকা সীমা সমস্যাৰ বিষয়টোক চৰ্চা মাজলৈ লৈ আহিছে ।

বুধবাৰে ৰাজ্যৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই বিধানসভাত কয় যে, অসমৰ প্ৰায় ৮৩ হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া চাৰিখন ৰাজ্যই বেদখল কৰিছে। কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে, ১৮ খন জিলাৰ ৮২,৭৫১.৮৬ হেক্টৰ মাটি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে বেদখল কৰিছে।

অতুল বৰাই দাখিল কৰা তথ্য অনুসৰি, সৰ্বাধিক অসমৰ মাটি দখল কৰি আছে নাগালেণ্ডে । তেওঁ জনোৱা মতে, নাগালেণ্ডৰ দখলত আছে অসমৰ ৫৯,৪৯০.২১ হেক্টৰ মাটি । একেদৰে মেঘালয়ে ৩,৪৪১.৮৬ হেক্টৰ অসমৰ ভূমি বেদখল কৰিছে । অতুল বৰাই সদৰী কৰিছে যে, আটাইতকৈ কম অসমৰ মাটি বেদখল কৰি আছে মেঘালয়ে ।

ইফালে, অৰুণাচল প্ৰদেশে ১৬,১৪৪.০১ হেক্টৰ অসমৰ মাটি বেদখল কৰাৰ বিপৰীতে ৩,৬৭৫.৭৮ হেক্টৰ মাটি মিজোৰামৰ দখলত আছে বুলি জানিবলৈ দিছে মন্ত্ৰী অতুল বৰাই । মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, এই চাৰিখন ৰাজ্যৰ বেদখলৰ পৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত আছে-শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু যোৰহাট জিলা।

গাখীৰ চাহত নিমখ দি খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক
সপোনত কেতিয়াবা শ্মশান দেখিছে নেকি? তেন্তে জানক ইয়াৰ অৰ্থ...
একেৰাহে এমাহ গাখীৰৰ সৈতে জালুক মিহলাই খালে কি হয় জানেনে?
অনন্ত আম্বানীৰ বনতাৰাত কি কি আৰু কিমান জীৱ-জন্তু আছে?