5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

CM Atmanirbhar Asom Abhijan 2.0 : কিমান টকা আৰ্থিক সাহায্য লাভ কৰিব যুৱক-যুৱতী সকলে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২.০ আৰম্ভ কৰিছে । এই অভিযানৰ অধীনত এইবাৰ ৭৫ হাজাৰ যুৱক-যুৱতীক উদ্যোগীকৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে

CM Atmanirbhar Asom Abhijan 2.0 : কিমান টকা আৰ্থিক সাহায্য লাভ কৰিব যুৱক-যুৱতী সকলে ?
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 19 Oct 2024 15:10 PM

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২.০ আৰম্ভ কৰিছে । এই অভিযানৰ অধীনত এইবাৰ ৭৫ হাজাৰ যুৱক-যুৱতীক উদ্যোগীকৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই আৰ্থিক সাহায্য ৰাজ্য চৰকাৰে দুটা পৰ্যায়ত প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ৰাজ্যৰ চৰকাৰৰ এই অভিযানৰ লক্ষ্য হৈছে অসমত উদ্যোগীকৰণৰ চিন্তা-চেতনা গঢ়ি তোলা আৰু ৰাজ্যখনৰ প্ৰগতিৰ ধাৰাবাহিকতা অতুত ৰখা । এই লক্ষ্যৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২.০ আৰম্ভ কৰা হৈছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰা মতে, এই আৰ্থিক অনুদান প্ৰদান কৰাৰ বাবে ৰাজ্যৰ ১২৬টা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ পৰা যুৱক-যুৱতীসকলক নিৰ্বাচিত কৰাৰ বাবে চৰকাৰে চেষ্টা কৰিব ।

যুৱক-যুৱতী সকলে ১৮ নৱেম্বৰৰ ভিতৰত নিদিষ্ট পৰ্টেলত নাম পঞ্জীয়ন কৰিব পাৰিব । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২.০ ৰ অধীনত আৰ্থিক অনুদান লাভ কৰিবৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া মতে,মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২.০ অধীনত সাধাৰণ আবেদনকাৰীৰ বাবে ২ লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰাৰ বিপৰীতে অভিযান্ত্ৰিক, চিকিৎসা, কৃষি আৰু পশু চিকিৎসাৰ দৰে পেছাদাৰী ডিগ্ৰীধাৰীক ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়,‘আমাৰ লক্ষ্য হৈছে উদ্যোগীসকলক নতুন উদ্যোগ আৰম্ভ কৰাত সহায় কৰা আৰু ভাল বিত্তীয় অনুশাসন বজাই ৰখা, যাতে ভৱিষ্যতে এক লাখ যুৱক-যুৱতীয়ে ২০ লাখ টকা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ মুদ্ৰা ঋণৰ বাবে যোগ্য হ’ব পাৰে।’

ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে ফেল’শ্বিপ কাৰ্যসূচীৰ জৰিয়তে প্ৰায় ২০০-২৫০ যুৱক-যুৱতীক উদ্যোগীকৰণৰ বাবে প্ৰশিক্ষণ ব্যৱস্থা কৰিব আৰু এবছৰ সম্পূৰ্ণ হোৱাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নিউ ভেঞ্চাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্টত পি জি ডিপ্লমা প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । ব্যৱসায় আৰু পৰিচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে যুৱত-যুৱতীসকলক অনলাইন ক্লাছৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে ।

Latest News