Assam Election Results 2024: ডিব্ৰুগড়ত, যোৰহাটত আৰু বৰপেটাত কোনে অগ্ৰগতি লাভ কৰিছে?

যোৰহাট, ডিব্ৰুগড় আৰু বৰপেটাত আকৰ্ষণীয় হৈছে যুঁজ। কোন সমষ্টিত কোনে মাৰিব শেষ হাঁহি?

Assam Election Results 2024: ডিব্ৰুগড়ত, যোৰহাটত আৰু বৰপেটাত কোনে অগ্ৰগতি লাভ কৰিছে?

কোনে মাৰিব শেষ হাঁহি?

Updated On: 

04 Jun 2024 13:11 PM

পুৱা ৮-০০ বজাৰ লগে লগে আৰম্ভ ভোটগণনা পৰ্ব। দেশত ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ হ’ব ভাগ্য নিৰ্ণয়। ৰাজ্যৰ ১৪ টা সমষ্টিত ১৪৩ গৰাকী প্ৰার্থীয়ে লোকসভা নিৰ্বাচনত আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা ৷

বৰ্তমান ডিব্ৰুগড় সমষ্টিত আজাপৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈতকৈ আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

আনহাতে যোৰহাটত বিজেপিৰ তপন গগৈৰ বিপৰীতে আগবাঢ়ি আছে কংগ্ৰেছৰ গৌৰৱ গগৈ। ৫৬ হাজাৰ ভোটৰ ব্যৱধানত তপন গগৈৰ বিপৰীতে অগ্ৰগতি লাভ কৰিছে গৌৰৱ গগৈয়ে।

২০১৯ চনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল গৌৰৱ গগৈ। কিন্তু আসনৰ সীমা নিৰ্ধাৰণ কৰাৰ পিছত কংগ্ৰেছ নেতৃত্বই যোৰহাটৰ পৰা প্ৰক্ষেপ কৰে গৌৰৱ গগৈক। যিখন আসনত ১৯৭০ চনত গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত তৰুণ গগৈয়ে প্ৰতিনিধিত্ব কৰিছিল।

আনহাটে বৰপেটা সমষ্টিত অগপৰ ফণীভূষণ চৌধুৰী, চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ দ্বীপ বায়ন, নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ মাজত হ’ব যুঁজ। এই যুজত আগবাঢ়িছে অগপৰ ফণীভূষণ চৌধুৰী।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!